ব্যয়বহুল হ’ব ভ্ৰমণৰ আনন্দ! পুনৰ বৃদ্ধি পালে জেট ইন্ধনৰ দাম, বিমানৰ বাবে খৰচ হ’ব জেপৰ অধিক ধন

এই দৰ বৃদ্ধিৰ বাবে অনাগত দিনত বিমান সংস্থাসমূহে বিমানৰ ভাড়া বৃদ্ধি কৰিব পাৰে। এই সম্ভাৱ্য দৰ বৃদ্ধিৰ কাৰণো আছে- বিমান সংস্থাসমূহৰ মুঠ পৰিচালনা ব্যয়ৰ ৪০%তকৈ অধিক জেট ইন্ধনৰ হয়। এনে পৰিস্থিতিত ইন্ধনৰ দাম বৃদ্ধি হ’লে বিমানৰ ভাড়া বৃদ্ধি পাব৷

ব্যয়বহুল হ’ব ভ্ৰমণৰ আনন্দ! পুনৰ বৃদ্ধি পালে জেট ইন্ধনৰ দাম, বিমানৰ বাবে খৰচ হ’ব জেপৰ অধিক ধন

বৃদ্ধি পালে জেট ইন্ধনৰ দাম

Updated On: 

01 Dec 2025 | 09:49 AM

আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য যথেষ্ট হ্ৰাস পাইছে। বৰ্তমান উপসাগৰীয় খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ৬৩ ডলাৰ। শীঘ্ৰেই প্ৰতি বেৰেলত মূল্য প্ৰায় ৬০ ডলাৰ হোৱাৰো সম্ভাৱনা আছে। কিন্তু ইয়াৰ পিছতো তেল বিপণন কোম্পানীসমূহে একেৰাহে তৃতীয় মাহৰ বাবে জেট ইন্ধনৰ মূল্য বৃদ্ধি কৰিছে। বছৰৰ অন্তিমটো মাহত এতিয়া জেট ইন্ধনৰ মূল্য ৫%তকৈ অধিক বৃদ্ধি পাইছে। মূল্য বৃদ্ধিৰ এই প্ৰভাৱৰ ফলত এতিয়া দেশৰ অন্যতম দুখন মহানগৰত জেট ইন্ধনৰ মূল্য প্ৰতি কিলোলিটাৰত ১ লাখ টকাৰ অধিক হৈছে।

দেশৰ ৰাজধানী দিল্লীত একেৰাহে তিনিমাহ ধৰি জেট ইন্ধনৰ মূল্য বৃদ্ধিৰ পিছত এতিয়া প্ৰতি কিলোলিটাৰত মূল্য প্ৰায় ৯,০০০ টকা বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে চেন্নাইত প্ৰতি কিলোলিটাৰত ৯,১০০ টকা বৃদ্ধি পাইছে। এই দৰ বৃদ্ধিৰ বাবে অনাগত দিনত বিমান সংস্থাসমূহে বিমানৰ ভাড়া বৃদ্ধি কৰিব পাৰে।

এই সম্ভাৱ্য দৰ বৃদ্ধিৰ কাৰণো আছে- বিমান সংস্থাসমূহৰ মুঠ পৰিচালনা ব্যয়ৰ ৪০%তকৈ অধিক জেট ইন্ধনৰ হয়। এনে পৰিস্থিতিত ইন্ধনৰ দাম বৃদ্ধি হ’লে বিমানৰ ভাড়া বৃদ্ধি পাব৷ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ বাবে জেট ইন্ধনৰ দাম কিমান বৃদ্ধি পাইছে, তাৰো এক সম্যক তথ্য তলত দাঙি ধৰা হৈছে।

ঘৰুৱা বিমানৰ বাবে ইন্ধনৰ মূল্য

দিল্লীত ঘৰুৱা বিমানৰ বাবে জেট ইন্ধনৰ মূল্য ৫,১৩৩.৭৫ টকা অৰ্থাৎ ৫.৪৩ শতাংশ বৃদ্ধি পাইছে। ফলস্বৰূপে প্ৰতি কিলোলিটাৰত মূল্য ৯৯,৬৭৬.৭৭ টকা হৈছেগৈ। দিল্লীত ঘৰুৱা বিমানৰ বাবে জেট ইন্ধনৰ মূল্য একেৰাহে তিনিমাহত প্ৰতি কিলোলিটাৰত ৮,৯৬৩.২৫ টকা বৃদ্ধি পাইছে।

দেশৰ অন্যতম বৃহৎ মহানগৰ কলকাতাত ঘৰুৱা বিমানৰ বাবে জেট ইন্ধনৰ মূল্য ৪,৮২১.৮৪ টকা অৰ্থাৎ ৪.৯৪ শতাংশ বৃদ্ধি পাইছে। ফলস্বৰূপে প্ৰতি কিলোলিটাৰৰ মূল্য ১,০২,৩৭১.০২ টকা হৈছেগৈ। কলকাতাত ঘৰুৱা বিমানৰ বাবে জেট ইন্ধনৰ মূল্য একেৰাহে তিনিমাহত প্ৰতি কিলোলিটাৰত ৮,৪৮৪.৮৪ টকা বৃদ্ধি পাইছে।

দেশৰ অন্যতম বিত্তীয় ৰাজধানী মুম্বাইত ঘৰুৱা বিমানৰ বাবে জেট ইন্ধনৰ মূল্য ৪,৮৩৩.১৭ টকা বা ৫.৪৬% বৃদ্ধি পাই প্ৰতি কিলোলিটাৰত ৯৩,২৮১.০৪ টকা হৈছেগৈ। মুম্বাইত ঘৰুৱা বিমানৰ বাবে জেট ইন্ধনৰ মূল্য একেৰাহে তিনিমাহত প্ৰতি কিলোলিটাৰত ৮,৪৪৮.২১ টকা বৃদ্ধি পাইছে।

দক্ষিণ ভাৰতৰ অন্যতম বৃহৎ মহানগৰ চেন্নাইত ঘৰুৱা বিমানৰ বাবে জেট ইন্ধনৰ মূল্য ৫,২১২.১২ টকা বা ৫.৩১% বৃদ্ধি পাই প্ৰতি কিলোলিটাৰত ১,০৩,৩০১.৮০ টকা হৈছেগৈ। কিন্তু চেন্নাইত ঘৰুৱা বিমানৰ বাবে জেট ইন্ধনৰ মূল্য একেৰাহে তিনিমাহত প্ৰতি কিলোলিটাৰত ৯,১৪৯.৮৪ টকা বৃদ্ধি পাইছে।

আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে

আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ জেট ইন্ধনৰ মূল্যও যথেষ্ট বৃদ্ধি পাইছে। IOCLৰ তথ্য অনুসৰি দিল্লীত আন্তঃৰাষ্ট্ৰীয় বিমানৰ জেট ইন্ধনৰ মূল্য ৪৭.৮ ডলাৰ বৃদ্ধি পাই ৮৬৪.৮১ ডলাৰ হৈছে। কলকাতাত সৰ্বাধিক ৮৬.৩ ডলাৰ বৃদ্ধি পাই প্ৰতি কিলোলিটাৰত ৯০৩.১০ ডলাৰ হৈছেগৈ। একেদৰে মুম্বাইত ৮.৭২ ডলাৰ সামান্য বৃদ্ধি পাই প্ৰতি কিলোলিটাৰত ৮৬৪.৩৫ ডলাৰ আৰু চেন্নাইত আন্তঃৰাষ্ট্ৰীয় বিমানৰ জেট ইন্ধনৰ মূল্য ৪৭.৫৩ ডলাৰ বৃদ্ধি পাই প্ৰতি কিলোলিটাৰত ৮৫৯.৮৯ ডলাৰ হৈছেগৈ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...