টিকট অবিহনেই কৰিব পাৰিব ৰে’ল যাত্ৰা, নধৰে টিটিয়েও! কিদৰে সম্ভৱ হ’ব এয়া?

ভাবকচোন, আপুনি কোনো স্থানলৈ যাত্ৰাৰ বাবে ৰে’লত উঠিল। কিন্তু ইয়াৰ বাবে আপোনাৰ হাতত নাই টিকট। তাতোকৈ আচৰিত কথা, টিটিয়ে আপোনাক টিকট অবিহনে যাত্ৰা কৰা বুলি ধৰা পেলোৱাৰ পিছতো শাস্তিৰ সন্মুখীন হোৱা নাই। কিদৰে সম্ভৱ হয় এয়া?

টিকট অবিহনেই কৰিব পাৰিব ৰে’ল যাত্ৰা, নধৰে টিটিয়েও! কিদৰে সম্ভৱ হ’ব এয়া?

ভাৰতীয় ৰে’লৱে (প্ৰতিনিধিত্বমূলক ছবি)

Published: 

30 Sep 2025 | 02:58 PM

আমাৰ দেশৰ আটাইতকৈ ব্যৱহৃত পৰিবহণ ব্যৱস্থা হিচাপে পৰিগণিত হৈ আহিছে ৰে’লৱে। কম খৰচী আৰু সহজলভ্য তথা সুচল মাধ্যম হোৱাৰ বাবে সদায়েই জনসাধাৰণে ৰে’লৱেৰ প্ৰতি আস্থা প্ৰকাশ কৰি আহিছে। ৰে’ল যাত্ৰাৰ বাবে সদায়েই যাত্ৰীসকলক টিকটৰ প্ৰয়োজন হয়। যদি টিকট আপোনাৰ হাতত নাথাকে, তেতিয়া যাত্ৰাৰ সময়তে সমস্যাত পৰিব পাৰে। টিকট নাথাকিলে টিটিয়ে আপোনাক যাত্ৰাৰ সময়তে ধৰা পেলাব পাৰে আৰু তেতিয়া আপুনি শাস্তিৰ সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত।

পিছে ভাবকচোন, আপুনি কোনো স্থানলৈ যাত্ৰাৰ বাবে ৰে’লত উঠিল। কিন্তু ইয়াৰ বাবে আপোনাৰ হাতত নাই টিকট। তাতোকৈ আচৰিত কথা, টিটিয়ে আপোনাক টিকট অবিহনে যাত্ৰা কৰা বুলি ধৰা পেলোৱাৰ পিছতো শাস্তিৰ সন্মুখীন হোৱা নাই। স্বাভাৱিকতেই এই কথাই আপোনাক আচৰিত কৰি তুলিব পাৰে।

আচৰিত হ’লেও কিন্তু এয়া সঁচা। ভাৰতীয় ৰে’লৱেত আছে এনে এক ব্যৱস্থা। এই ধৰণৰ ৰেহাই বা সুযোগক ভাৰতীয় ৰে’লৱেই ‘মিলেনিয়াম গিফ্ট’ আখ্যা দিয়ে। বিদ্যালয় ভ্ৰমণৰ খৰচ কমোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ মাহিলী ছিজন টিকট দিয়া হয়। অৰ্থাৎ এই বিনামূলীয়া টিকট যিকোনো ব্যক্তিয়েই লাভ নকৰে।

এই সুবিধাৰ বাবে কোনসকল যাত্ৰী যোগ্য?

ৰে’লৱেৰ নিয়ম অনুসৰি দশম শ্ৰেণীলৈকে ছাত্ৰ আৰু দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰীসকলে এই বিনামূলীয়া টিকটৰ সুবিধা লাভ কৰিব।

অৱশ্যে এই সুবিধা অধিক দূৰত্বৰ বাবে ল’ব নোৱাৰি। এই টিকট নিকটতম ৰেল ষ্টেচনৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বৰ ভিতৰতহে বৈধ বিবেচিত হ’ব।

এই টিকট দ্বিতীয় শ্ৰেণীৰ বাবে প্ৰযোজ্য হ’ব। অৰ্থাৎ এই টিকট লৈ প্ৰথম শ্ৰেণীত যাত্ৰা কৰিব নোৱাৰিব।

ইয়াৰ বাহিৰেও এই মাহেকীয়া ছিজন টিকটৰ সৈতে কোনো মেইল, এক্সপ্ৰেছ বা ছুপাৰফাষ্ট ৰে’লত যাত্ৰা কৰিব নোৱাৰিব।

ছাত্ৰ-ছাত্ৰীৰ ভ্ৰমণৰ বোজা হ্ৰাস কৰাৰ বাবে ৰে’লৱেই গ্ৰহণ কৰা এই পদক্ষেপে যোৱা দুটা দশক ধৰি বহু পৰিয়ালক সহায় কৰি আহিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...