ট্ৰাম্পক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰত, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ প্ৰস্তুতি!

ভাৰতীয় তীখা আৰু এলুমিনিয়ামৰ ওপৰত আমেৰিকাই ৫০% আমদানি শুল্ক আৰোপ কৰাৰ পিছত ভাৰতে নিৰ্বাচিত আমেৰিকাৰ ওপৰত প্ৰতিশোধ ল’বলৈ সাজু হৈছে। এই পদক্ষেপ হ’ব প্ৰায় ৭.৬ বিলিয়ন ডলাৰৰ ৰপ্তানি লোকচানৰ ক্ষতিপূৰণ।

ট্ৰাম্পক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰত, আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ প্ৰস্তুতি!

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। (ফাইল ফটো)

Updated On: 

10 Aug 2025 18:41 PM

ভাৰতীয় তীখা, এলুমিনিয়াম আৰু আনুষংগিক সামগ্ৰীৰ ওপৰত আমেৰিকাই ৫০% পৰ্যন্ত গধুৰ আমদানি শুল্ক আৰোপ কৰাৰ পিছত এতিয়া ভাৰতে প্ৰতিশোধ ল’বলৈ সাজু হৈছে। মানি কণ্ট্ৰলৰ এক খবৰ অনুসৰি ভাৰতীয় ৰপ্তানিকাৰকসকলৰ লোকচানৰ সমান অনুপাতে নিৰ্বাচিত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা চিন্তা কৰিছে চৰকাৰে। যদি এই পদক্ষেপ গ্ৰহণ কৰা হয় তেন্তে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ প্ৰতি ভাৰতৰ প্ৰথম আনুষ্ঠানিক প্ৰতিক্ৰিয়া হ’ব।

কেনেকৈ আৰম্ভ হ’ল বিবাদ

এই বিবাদ আৰম্ভ হৈছিল ফেব্ৰুৱাৰী মাহৰ পৰা, যেতিয়া ট্ৰাম্প প্ৰশাসনে ভাৰতীয় তীখা আৰু এলুমিনিয়ামৰ ওপৰত ২৫% শুল্ক আৰোপ কৰিছিল। তাৰ পিছত ইয়াক ৫০% লৈ বৃদ্ধি কৰা হ’ল, যাৰ ফলত ভাৰতীয় ৰপ্তানিত প্ৰায় ৭.৬ বিলিয়ন ডলাৰ প্ৰভাৱ পৰিল। ভাৰতে বিশ্ব বাণিজ্য সংস্থা (WTO)ত যুক্তি দিছিল যে আমেৰিকাৰ এই কাৰ্য্য ‘ৰাষ্ট্ৰীয় নিৰাপত্তা’ৰ নামত জাপি দিয়া সুৰক্ষা শুল্ক, যিটো বিশ্ব ব্যৱসায় সংস্থাৰ নিয়মৰ বিৰুদ্ধে। এই বিষয়ত আমেৰিকাই আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছিল, তাৰ পিছত ভাৰতে বিশ্ব ব্যৱসায় সংস্থাৰ নিয়ম অনুসৰি প্ৰতিশোধৰ আইনী প্ৰস্তুতি আৰম্ভ কৰিছিল।

কোনবোৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিব পাৰে?

চৰকাৰী সূত্ৰ অনুসৰি আমেৰিকাৰ সীমিত সামগ্ৰীৰ ওপৰত এই প্ৰতিশোধমূলক শুল্ক আৰোপ কৰা হ’ব। এই সামগ্ৰীসমূহ এনেদৰে বাছনি কৰা হ’ব যাতে শুল্কৰ পৰা আহৰণ কৰা ৰাজহ আমেৰিকাৰ এই পদক্ষেপৰ ফলত ভাৰতীয় ৰপ্তানিকাৰকসকলৰ লোকচানৰ সমান হ’ব। বিষয়াসকলে কয় যে এফালে আমেৰিকাই দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ কথা কৈছে, কিন্তু আনফালে ভাৰতীয় অৰ্থনৈতিক স্বাৰ্থৰ বিৰুদ্ধে একপক্ষীয় পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ আছে ভাৰতৰ।

আমেৰিকাই প্ৰতি বছৰে ভাৰতক ৪৫ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ সামগ্ৰী বিক্ৰী কৰে, আনহাতে শেহতীয়াকৈ শুল্ক আৰোপ কৰাৰ পূৰ্বে আমেৰিকালৈ ভাৰতৰ ৰপ্তানি ৮৬ বিলিয়ন ডলাৰ পৰ্যন্ত আছিল। শুল্ক যুদ্ধ বৃদ্ধিয়ে বাণিজ্যিক ঘাটি সলনি কৰি দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে ৫০০ বিলিয়ন ডলাৰলৈ বাণিজ্য বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও ভাৰতে কৃষি আৰু স্পৰ্শকাতৰ খণ্ডৰ ওপৰত আমেৰিকাৰ দাবী নাকচ কৰি আলোচনা স্থগিত ৰাখিছিল।

লগতে পঢ়ক: হ্ৰাস পাব ৰন্ধন গেছৰ দাম! ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰ…

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...