বেংক একাউণ্টত নাই ধন, তাৰ পিছতো এটিএমৰ পৰা উলিয়াব পাৰিব হাজাৰ হাজাৰ টকা! কিন্তু কেনেকৈ?

আপুনি কেতিয়াবা ভাবিছেনে এজন ব্যক্তিৰ একাউণ্টত এটকাও নাথাকিলে কি হ’ব? এই ক্ষেত্ৰত কিছুমান বিশেষ নিয়ম মানি ডেবিট কাৰ্ড ব্যৱহাৰ কৰি যিকোনো ব্যক্তিয়ে ধন উলিয়াব পাৰে।

বেংক একাউণ্টত নাই ধন, তাৰ পিছতো এটিএমৰ পৰা উলিয়াব পাৰিব হাজাৰ হাজাৰ টকা! কিন্তু কেনেকৈ?

ATM

Updated On: 

04 Jun 2025 | 12:10 PM

বৰ্তমান সময়ত বেংক একাউণ্ট থকা প্ৰায়ভাগ লোকে ডেবিট কাৰ্ড ব্যৱহাৰ কৰে। কাৰণ, ডেবিট কাৰ্ড অবিহনে UPIৰ সুবিধা পোৱা নাযায়। প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰু UPIৰ প্ৰসাৰৰ বাবে এতিয়া সকলোৰে হাতে হাতে তুলি দিয়া হৈছে ডেবিট কাৰ্ড। যাৰ বাবেই নগদ ধনৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা কমি আহিছে। বিশ্বজুৰি অনলাইন লেনদেনৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে মানুহ। সৰু চাহৰ দোকানৰ পৰা আৰম্ভ কৰি ডাঙৰ শ্বপিং মললৈকে সকলোতে এতিয়া UPI পেমেণ্টৰ সুবিধা উপলব্ধ।

কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এজন ব্যক্তিৰ একাউণ্টত এটকাও নাথাকিলে কি হ’ব? এই ক্ষেত্ৰত কিছুমান বিশেষ নিয়ম মানি ডেবিট কাৰ্ড ব্যৱহাৰ কৰি যিকোনো ব্যক্তিয়ে ধন উলিয়াব পাৰে। HDFC বেংকৰ দৰে কিছুমান বেংকে এটিএমৰ জৰিয়তে গ্ৰাহকক ব্যক্তিগত ঋণৰ সুবিধা প্ৰদান কৰে। এই সুবিধাৰ দ্বাৰা একাউণ্টত বেলেঞ্চ নাথাকিলেও কেইমুহূৰ্তৰ ভিতৰতে বেংকৰ পৰা ধন উলিয়াব পৰা যায়।

ইয়াৰ বাবে আপুনি HDFC Bank ATM ত গৈ মেচিনত কাৰ্ডখন সুমুৱাই লোন অপশ্যনত ক্লিক কৰিব লাগিব। তাৰ পিছত তাত প্ৰয়োজনীয় তথ্য প্ৰদান কৰি আপুনি ঋণৰ পৰিমাণ, সুতৰ হাৰ, ইএমআই আৰু ঋণৰ কাৰ্যকাল জানিব পাৰিব। পৰৱৰ্তী পদক্ষেপত বেংকে আৰু কিছু ব্যক্তিগত তথ্য বিচাৰিব। যিটো আপুনি পূৰণ কৰিব লাগিব। ইয়াৰ পিছত মাত্ৰ ATM PIN টো দিলেই এই ধন আপোনাৰ একাউণ্টত জমা হ’ব।

অৱশ্যে এই সুবিধা সকলোৱে লাভ নকৰে। এজন গ্ৰাহকে এই সুবিধা ল’ব পাৰিব যদিহে তেওঁৰ নাম  HDFC বেংকৰ পূৰ্ব অনুমোদিত ঋণৰ তালিকাত থাকে। লগতে যদি তেওঁৰ ক্ৰেডিট কাৰ্ড আছে তেন্তে এটিএমৰ পৰা টকা উলিয়াব পাৰিব। কিন্তু সেই ক্ষেত্ৰত বেংকে গ্ৰাহকৰ পৰা অতি উচ্চ সুতৰ হাৰ লয়। সেয়েহে বিশেষজ্ঞসকলে এইদৰে ধন উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...