Income Tax: এতিয়াৰ পৰা সাৱধান হওক, একাউণ্টৰ জমা ধনে এই সীমা অতিক্ৰম কৰিলেই লাভ কৰিব আয়কৰৰ জাননী !

চেভিংছ একাউণ্টৰ ওপৰতো আয়কৰ বিভাগে নজৰ ৰাখে । হঠাৎ অধিক টকা একাউণ্টত জমা কৰিলে ষ্টেটমেণ্ট অব ফাইনেনচিয়েল ট্ৰেনজেকচনৰ অধীনত জাননী লাভ কৰিব পাৰে।

Income Tax: এতিয়াৰ পৰা সাৱধান হওক, একাউণ্টৰ জমা ধনে এই সীমা অতিক্ৰম কৰিলেই লাভ কৰিব আয়কৰৰ জাননী !
Published: 

04 Nov 2025 | 12:41 PM

আয়কৰ বিভাগে কেৱল লেনদেনৰ ওপৰতে নহয়, চকু ৰাখিছে সাধাৰণ মানুহৰ সঞ্চয় একাউণ্টৰ ওপৰতো। এই কথা স্পষ্ট কৰি দিছে এজন চাৰ্টাৰ্ড একাউণ্টেণ্টে। যদি আপুনি বেংক একাউণ্টত ১০ লাখতকৈ অধিক নগদ ধন জমা কৰে, তেন্তে আয়কৰৰ জাননী আহিব পাৰে আপোনাৰ ঘৰলৈ।

চাৰ্টাৰ্ড একাউণ্টেণ্ট ৰুচিতা বাঘানীয়ে এক্স হেণ্ডেলৰ এটা পোষ্টত লিখিছে যে, চেভিংছ একাউণ্টৰ ওপৰতো আয়কৰ বিভাগে নজৰ ৰাখে । হঠাৎ ১০ লাখ বা ​​তাতকৈ অধিক টকা একাউণ্টত জমা কৰিলে ষ্টেটমেণ্ট অব ফাইনেনচিয়েল ট্ৰেনজেকচনৰ অধীনত জাননী লাভ কৰিব পাৰে।

তেওঁ কয় যে, যদি এটা বিত্তীয় বৰ্ষত এক কোটিতকৈ অধিক টকা উলিওৱা হয়, তেন্তে বেংকে আয়কৰ বিভাগক এই কথা অৱগত কৰে। যিসকলৰ আধাৰ বা পান নম্বৰ নাই, তেওঁলোকে ২০ লাখতকৈ অধিক লেনদেন কৰিলেও আয়কৰ বিভাগৰ জাননী আহিব পাৰে। বাৰে বাৰে ধন উলিয়ালেও ভেৰিফিকেচন হ’ব পাৰে।

লগতে যদি কোনো আনডিচক্লজড একাউণ্টৰ পৰা ধন আহে তেন্তে আয়কৰ বিভাগে নজৰ ৰাখিব পাৰে। সেইবাবেই আয়কৰদাতাসকলক সাৱধান হ’বলৈ আৰু বাৰ্ষিক ইনফৰমেইচন ষ্টেটমেণ্টৰ জৰিয়তে লেনদেনৰ খবৰ ৰাখিবলৈ কোৱা হৈছে। যদি সুত আৰু ক্ৰেডিটৰ মিল নাথাকে, তেন্তে আয়কৰৰ জাননী আহিব পাৰে। যিসকলৰ একাধিক একাউণ্ট আছে তেওঁলোকে ITR ফাইল কৰিব লাগে।

শেহতীয়াকৈ দিল্লীৰ আয়কৰ আপীল ন্যায়াধিকৰণে ৬ বছৰৰ আগৰ এটা গোচৰ খাৰিজ কৰে। এই গোচৰটো আছিল, এজন ব্যক্তিয়ে একাউণ্টত বৃহৎ পৰিমাণৰ ধন জমা কৰি আয়কৰ বিভাগৰ জাননী লাভ কৰিছিল।

কুমাৰ নামৰ এজন ব্যক্তিয়ে নিজৰ বেংক একাউণ্টত জমা কৰিছিল ৮ লাখ ৬৮ হাজাৰ টকা। ইয়াৰ পিছত আয়কৰৰ জাননী লাভ কৰে। তেওঁ ভাবিলে যে এইটো হয়তো স্বাভাৱিক তদন্ত হ’ব পাৰে। এই টকাখিনি ক’ৰ পৰা আহিছে সেই কথা জানিবলৈ আয়কৰ বিভাগে জাননী প্ৰেৰণ কৰিছিল। অৱশ্যে আয়কৰ আইনৰ ৪৪এডি (Section 44AD) ধাৰাত গোচৰ ৰুজু কৰে এচেচৰিং বিষয়াগৰাকীয়ে। ইয়াৰ পিছত ব্যক্তিজন আয়কৰ আয়ুক্তৰ ওচৰলৈ যায়। তাতে তেওঁৰ গোচৰ খাৰিজ কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...