Aadhaar Card: আধাৰ কাৰ্ড প্ৰকৃত নে ভুৱা, হঠাৎ দেখি কেনেকৈ গম পাব?

UIDAI: আধাৰ কাৰ্ড ভুৱা হয়নে নহয় তৎক্ষণাত কেনেকৈ গম পাব? তাৰ বাবে এটা পদ্ধতি আছে। যদিও এই পদ্ধতিৰ দ্বাৰা আধাৰ কাৰ্ড ভুৱা হয়নে নহয় সদাই জানিব নোৱাৰি। অৱশ্যে বহু ক্ষেত্ৰত ইয়াক ধৰা পেলাব পাৰি।

Aadhaar Card: আধাৰ কাৰ্ড প্ৰকৃত নে ভুৱা, হঠাৎ দেখি কেনেকৈ গম পাব?

আধাৰ কাৰ্ড প্ৰকৃত নে ভুৱা, হঠাৎ দেখি কেনেকৈ গম পাব?

Published: 

31 Jul 2025 | 01:46 PM

বৰ্তমান আধাৰ কাৰ্ড অন্যতম গুৰুত্বপূৰ্ণ নথি। বেংক একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি ৰে’লৰ টিকট কিনালৈকে প্ৰতিটো ক্ষেত্ৰতে এই কাৰ্ডখন প্ৰয়োজনীয়। কিন্তু একে সময়তে ভুৱা আধাৰ কাৰ্ডৰ সংখ্যাও বাঢ়িছে।

কিন্তু আধাৰ কাৰ্ড ভুৱা হয়নে নহয় তৎক্ষণাত কেনেকৈ গম পাব? তাৰ বাবে এটা বিশেষ পদ্ধতি আছে। অৱশ্যে এই পদ্ধতিৰ দ্বাৰা আধাৰ কাৰ্ড ভুৱা হয়নে নহয় সদায় কোৱাটো টান। বহু ক্ষেত্ৰত ইয়াক ধৰা পেলাব পাৰি।

UIDAI বা ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে ঘোষণা কৰিছে যে, ইয়াৰ এটা সহজ উপায় আছে। এই পদ্ধতি অনুসৰণ কৰিলে ভুৱা আধাৰ কাৰ্ড ধৰা পেলোৱাটো একেবাৰে সহজ হ’ব। সেই উপায়টো কি?

প্ৰতিখন আধাৰ কাৰ্ডৰ এটা QR ক’ড থাকে। সেই ক’ডৰ জৰিয়তে আধাৰ কাৰ্ডৰ মালিকৰ সকলো তথ্য এনক্ৰিপ্টেড থাকে। যদি আপুনি সেই QR ক’ড ৰিডাৰৰ সহায়ত স্কেন কৰে, তেন্তে আপুনি সেই কাৰ্ডৰ সকলো তথ্য দেখিব। যদি স্কেনিং কৰি পোৱা তথ্য কাৰ্ডৰ তথ্যৰ লগত মিল নাথাকে, তেন্তে আপুনি বুজিব যে কোনো খেলিমেলি আছে।

ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে কয় যে, যদি QR ক’ড স্কেন কৰিব নোৱাৰি বা তথ্যৰ মিল নাথাকে, তেন্তে আধাৰ কাৰ্ড ভুৱা বুলি গম পাব। মন কৰিবলগীয়া যে যদি আপুনি পৰিচয়ৰ প্ৰমাণ হিচাপে আপোনাৰ আধাৰ ক’ৰবাত জমা দিয়ে, তেন্তে সাৱধান।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...