Emergency Fund : আৰ্থিক স্থিতিশীলতাৰ বাবে জৰুৰীকালীন পুঁজি কেনেকৈ মজুত ৰাখিব ?

ঋণৰ আশ্ৰয় নোলোৱাকৈ বা নিয়মীয়া সঞ্চয়ত আৰু বিনিয়োগত প্ৰভাৱ নপৰাকৈ জৰুৰীকালীন পৰিস্থিতি সৈতে মোকাবিলা কৰিবৰ বাবে আপোনাক জৰুৰীকালীন পুঁজিৰ অতি প্ৰয়োজন । জৰুৰীকালীন পুঁজিয়ে এজন লোকক কঠিন সময়ত আৰ্থিক স্থিতিশীলতা বজাই ৰখাত সহায় কৰে।

Emergency Fund : আৰ্থিক স্থিতিশীলতাৰ বাবে জৰুৰীকালীন পুঁজি কেনেকৈ মজুত ৰাখিব ?

প্ৰতীকী ফটো

Updated On: 

19 Nov 2024 | 05:45 PM

আপোনাৰ ভৱিষ্যত সুৰিক্ষিত কৰিবৰ বাবে আপোনাৰ হাতত জৰুৰীকালীন পুঁজি থকাটো অতি প্ৰয়োজন । ঋণৰ আশ্ৰয় নোলোৱাকৈ বা নিয়মীয়া সঞ্চয়ত আৰু বিনিয়োগত প্ৰভাৱ নপৰাকৈ জৰুৰীকালীন পৰিস্থিতি সৈতে মোকাবিলা কৰিবৰ বাবে আপোনাক জৰুৰীকালীন পুঁজিৰ অতি প্ৰয়োজন । জৰুৰীকালীন পুঁজিয়ে এজন লোকক কঠিন সময়ত আৰ্থিক স্থিতিশীলতা বজাই ৰখাত সহায় কৰে।

ইয়াৰ সমান্তৰালভাৱে জৰুৰীকালীন পুঁজিয়ে কঠিন পৰিস্থিতিৰ সময়ত এজন লোকৰ মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে । ইয়াৰ ফলত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবৰ বাবে লোকজনৰ আত্মবিশ্বাস বৃদ্ধি পায় । তদুপৰি যদি আপুনি চাকৰি হেৰুৱা বা আয় হ্ৰাসৰ সন্মুখীন হয়, তেন্তে আপুনি জীৱন-যাপনৰ খৰচৰ বাবে জৰুৰীকালীন পুঁজি ব্যৱহাৰ কৰিব পাৰে ।

আপোনাৰ হাতত যদি জৰুৰীকালীন পুঁজি নাথাকে তেন্তে আপুনি বিপদৰ সময়ত বন্ধু-বান্ধৱ, পৰিয়াল বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ধন ঋণ লোৱাৰ বাবে বাধ্য হ’ব পাৰে । ইয়াৰ ফলত আপোনাৰ সমস্যা অধিক বৃদ্ধি পাব । কিন্তু জৰুৰীকালীন পুঁজিয়ে আপোনাৰ ঋণ লোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে । একেদৰে জৰুৰীকালীন পুঁজি থাকিলে আপুনি টকা-পইচাৰ কথা চিন্তা নকৰাকৈ আপোনাৰ জীৱনৰ অন্যান্য গুৰুত্বপূৰ্ণ দিশত মনোনিৱেশ কৰিব পাৰে।

জৰুৰীকালীন পুঁজি সঞ্চয়ৰ বাবে আপুনি কি উপায় গ্ৰহণ কৰিব?

প্ৰথমে আপুনি জৰুৰীকালীন পুঁজিৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগিব । তিনিৰ পৰা ছমাহৰ জীৱন-যাপনৰ খৰচ সামৰি লোৱা জৰুৰীকালীন পুঁজিৰ লক্ষ্য নিৰ্ধাৰণ কৰক। আপোনাৰ প্ৰয়োজনীয় মাহিলী খৰচ, যেনে ভাড়া, ইউটিলিটি, গেলামাল, পৰিবহণ, বীমা আৰু নূন্যতম ঋণ পৰিশোধৰ হিচাপ কৰক। জৰুৰীকালীন পুঁজি সঞ্চয়ৰ বাবে প্ৰথমে এমাহৰ খৰচৰ লক্ষ্য নিৰ্ধাৰণ কৰক । তাৰ পিছত লাহে লাহে আপোনাৰ লক্ষ্য বৃদ্ধি কৰক।

ইয়াৰ সমান্তৰালভাৱে আয় আৰু খৰচৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰক । প্ৰথমে আয়ৰ সকলো উৎস লিপিবদ্ধ কৰক আৰু ইয়াৰ সমান্তৰালভাৱে আপোনাৰ মাহিলী খৰচৰ শ্ৰেণীবিভাজন কৰক। একেদৰে আপুনি জৰুৰীকালীন পুঁজি সঞ্চয়ৰ বাবে অপ্ৰয়োজনীয় খৰচ হ্ৰাস কৰিব পাৰে । যেনে- হোটেলত খাদ্য গ্ৰহণ, চাবস্ক্ৰিপচন বা মনোৰঞ্জন খৰচ আদি।

জৰুৰীকালীন পুঁজিৰ বাবে আপুনি সঞ্চয়ৰ পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰে । জৰুৰীকালীন পুঁজিৰ বাবে আপোনাৰ মাহিলী বাজেটত এটা নিৰ্দিষ্ট পৰিমাণ অন্তৰ্ভুক্ত কৰক। ইয়াক আপুনি মাহিলী খৰচৰ ভিতৰত ৰাখিব পাৰে । লগতে এটা নিদিষ্ট জৰুৰীকালীন পুঁজি একাউণ্ট খুলি ৰাখিব পাৰে আৰু আপুনি সেই একাউণ্টত নিদিষ্ট পুঁজি সঞ্চয় কৰিব পাৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...