দৰমহা কিমান বাঢ়িব? জানি লওক চৰকাৰী নিৰিখত সম্পূৰ্ণ হিচাপ
একাংশ বাতৰি অনুসৰি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মুঠ প্ৰকৃত দৰমহা (Basic + DA) ১৪%ৰ পৰা ৫৪%লৈ বৃদ্ধি পাব পাৰে। আটাইতকৈ ডাঙৰ প্ৰশ্নটো উত্থাপন হৈছে যে অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি পাব পাৰে? জানি লওঁ আহক...

কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান কৰ্মচাৰীৰ মৰগীয়া বানচ (DA) তেওঁলোকৰ মৌলিক দৰমহাত একত্ৰিত কৰাৰ কোনো পৰিকল্পনা নাই। ১ ডিচেম্বৰত লোকসভাত সাংসদ আনন্দ ভাদুৰিয়াৰ প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰিছিল বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰীয়ে। কিন্তু অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়াৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে অৱগত কৰিছে। ইফালে আটাইতকৈ ডাঙৰ প্ৰশ্নটো উত্থাপন হৈছে যে অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি পাব পাৰে? জানি লওঁ আহক…
কিমান বৃদ্ধি পাব পাৰে দৰমহা?
একাংশ বাতৰি অনুসৰি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মুঠ প্ৰকৃত দৰমহা (Basic + DA) ১৪%ৰ পৰা ৫৪%লৈ বৃদ্ধি পাব পাৰে। কিন্তু ৫৪% বৃদ্ধিৰ সম্ভাৱনা কম বুলি বিবেচিত হৈছে। এক প্ৰতিবেদনত কোৱা হৈছে যে চৰকাৰে এই বৃদ্ধিক খৰচ বৃদ্ধিৰ ব্যৱস্থা হিচাপেও ব্যৱহাৰ কৰিব পাৰে। 1900, 2400, 4600, 7600, আৰু 8900 গ্ৰেড পে’ স্কেলৰ বাবে 1.92 আৰু 2.57 ৰ ফিটমেণ্ট ফেক্টৰৰ ওপৰত ভিত্তি কৰি সম্ভাৱ্য দৰমহা বৃদ্ধিৰ অনুমান কৰা হৈছে। ইয়াৰ ভিতৰত HRA 24%, TA টকা 3,600 বা 7,200, NPS 10%, আৰু CGHS চাৰ্জ অন্তৰ্ভুক্ত।
মৰগীয়া বানচ আৰু ইয়াৰ অৰ্থ
মুদ্ৰাস্ফীতিৰ প্ৰভাৱৰ পৰা কৰ্মচাৰীক ৰক্ষা কৰিবলৈ চৰকাৰে কৰ্মচাৰীক প্ৰদান কৰে ডিয়াৰনেছ এলায়েন্স (DA)। এই হাৰ সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক (ACPI-IW)ৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয় আৰু প্ৰতি ছমাহৰ মূৰে মূৰে সংশোধন কৰা হয়। বৰ্তমান DA ৫৮%, অৰ্থাৎ ১ লাখ টকা মৌলিক দৰমহা পোৱা কৰ্মচাৰীয়ে ৫৮,০০০ টকা DA লাভ কৰে। DA ৰ উদ্দেশ্য হৈছে কৰ্মচাৰীৰ দৰমহাৰ বাস্তৱ মূল্য মুদ্ৰাস্ফীতিৰ লগত খাপ খুৱাই ৰখা।
কৰ্মচাৰীৰ দাবী আৰু চৰকাৰৰ স্থিতি
বহু কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে DA ক মৌলিক দৰমহাৰ সৈতে সংযুক্ত কৰা হওক। যদি এনে কৰা হ’লহেঁতেন তেন্তে পৰৱৰ্তী ভাট্টা বৃদ্ধিৰ সময়ত মূল দৰমহাৰ অনুপাতে মুঠ দৰমহা বৃদ্ধি পালেহেঁতেন। অৱশ্যে বিত্ত মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে বৰ্তমান এনে কোনো প্ৰস্তাৱ বিবেচনাধীন হৈ থকা নাই আৰু মূল দৰমহাৰ সৈতে প্ৰত্যক্ষভাৱে ডিয়াৰনেছ ভাট্টা অন্তৰ্ভুক্ত কৰাৰ কোনো পৰিকল্পনা নাই।
অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ ভৱিষ্যত
২০২৫ চনৰ ৩ নৱেম্বৰত চৰকাৰে এক অধিসূচনা জাৰি কৰি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰে। এই আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ফলত কৰ্মচাৰীৰ মৌলিক দৰমহা আৰু ভাট্টাত পৰিৱৰ্তন হ’ব। ডি এক মৌলিক দৰমহাত একত্ৰিত নকৰাৰ পিছতো কৰ্মচাৰীসকলে তেওঁলোকৰ পৰৱৰ্তী দৰমহা বৃদ্ধিৰ লগে লগে ইয়াৰ সুবিধা দেখিব। এই পদক্ষেপ দীৰ্ঘম্যাদীভাৱে কৰ্মচাৰীৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।