আম্বানীয়েও নোৱাৰিলে! দেশৰ আটাইতকৈ দামী ফ্লেট ক্ৰয় এইগৰাকী মহিলাৰ, দাম শুনিলে হ’ব আচৰিত..
বিশাল সম্পত্তিৰ অধিকাৰী মুকেশ আম্বানীৰ নামতে আছে দেশৰ আটাইতকৈ দামী অট্টালিকা। এন্টিলিয়া নামৰ এই অট্টালিকাটোৰ মূল্য প্ৰায় ১৫ হাজাৰ কোটি টকা। পিছে দেশৰ আটাইতকৈ দামী ফ্লেট কাৰ নামত আছে? জানিলে আচৰিত হ’ব, ৭০৩ কোটি টকাৰ এটা ফ্লেট ক্ৰয় কৰি এই দিশত আম্বানী পৰিয়ালকৈও আগত আছে আন এগৰাকী মহিলা।

দেশৰ আটাইতকৈ ধনৱন্ত ব্যক্তি মুকেশ আম্বানী। বিশাল সম্পত্তিৰ অধিকাৰী মুকেশ আম্বানীৰ নামতে আছে দেশৰ আটাইতকৈ দামী অট্টালিকা। এন্টিলিয়া নামৰ এই অট্টালিকাটোৰ মূল্য প্ৰায় ১৫ হাজাৰ কোটি টকা। পিছে দেশৰ আটাইতকৈ দামী ফ্লেট কাৰ নামত আছে? জানিলে আচৰিত হ’ব, এই দিশত আম্বানী পৰিয়ালকৈও আগত আছে আন এগৰাকী মহিলা। মুম্বাইৰ অভিজাত এলেকাত ভাৰতৰ আটাইতকৈ দামী ফ্লেট ক্ৰয় কৰি তেওঁ সকলোকে আচৰিত কৰি তুলিছে। পিছে আম্বানী পৰিয়ালকো অতিক্ৰম কৰা কোন এইগৰাকী মহিলা!
ভাৰতৰ আটাইতকৈ দামী ফ্লেটটো ক্ৰয় কৰা এই মহিলাগৰাকীৰ নাম লীনা তিৱাৰী। মুম্বাইৰ এটা অভিজাত এলেকাত লীনা তিৱাৰীয়ে ৭০৩ কোটি টকাত ক্ৰয় কৰিছে ফ্লেটটো। নীতা আম্বানীৰ ঘনিষ্ঠ বন্ধুও লীনা। তেওঁ হৈছে ফাৰ্মাচিউটিকেল কোম্পানী ইউ এছ ভিৰ অধ্যক্ষ। তেওঁৰ কোম্পানীয়ে গ্লাইক’মেট (ডায়েবেটিছ), ইকোস্প্ৰিন (তেজ পাতল কৰা) আৰু ৰোজেড (কলেষ্টেৰল হ্ৰাস কৰা ঔষধ)ৰ দৰে সুপৰিচিত ঔষধ প্ৰস্তুত কৰে।
সাম্প্ৰতিক সময়ত দেশৰ অন্যতম ধনী মহিলা লীনা তিৱাৰী। অৱশ্যে বিশাল সম্পত্তিৰ অধিকাৰী লীনাই লাইমলাইটত থকাৰ মুঠেও পছন্দ নকৰে। তেওঁৰ স্বামী প্ৰশান্ত তিৱাৰী ইউ এছ ভিৰ পৰিচালক। ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি মুম্বাইৰ অভিজাত ৱাৰ্লি অঞ্চলত সাগৰমুখী বিলাসী ডুপ্লেক্স এপাৰ্টমেণ্ট দুটা ক্ৰয় কৰিছে লীনা তিৱাৰীয়ে। ৬৩৯ কোটি টকাৰ বাবে এই চুক্তি কৰা হৈছে।
এতিয়ালৈকে দেশৰ ভিতৰতে এইটোৱেই আটাইতকৈ ব্যয়বহুল ফ্লেট ডিল। ইয়াৰ ওপৰত ষ্টাম্প ড্যুটি আৰু জি এছ টিও আছে। এইদৰে ফ্লেটটোৰ সৰ্বমুঠ মূল্য প্ৰায় ৭০৩ কোটি টকা হৈছে। এই ডুপ্লেক্স ফ্লেটটো ৱাৰ্লিৰ আৰব সাগৰৰ ফালে মুখ কৰি থকা ৪০ মহলীয়া ছুপাৰ প্ৰিমিয়াম টাৱাৰৰ ৩২ৰ পৰা ৩৫ম মহলাত ক্ৰয় কৰা হৈছে। এই ফ্লেটটোৰ আয়তন ২২,৫৭২ বৰ্গফুট। প্ৰতি বৰ্গফুটৰ ফ্লেটটোৰ মূল্য ২.৮৩ লাখ টকাতকৈও অধিক।
ফৰ্বছৰ তথ্য অনুসৰি লীনা তিৱাৰীৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ প্ৰায় ৩.৯ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৩২,৫০০ কোটি টকা। ২০২৪ বিত্তীয় বৰ্ষত ইউ এছ ভিৰ ৰাজহ আছিল ৪৮.৪০ কোটি টকা। এই কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধ গ্লাইক’মেট ভাৰতীয় ঔষধ বজাৰত দ্বিতীয় বৃহত্তম ব্ৰেণ্ড। যোৱা ১২ মাহত ৮০৬ কোটি টকাৰ বিক্ৰী হৈছে এই ঔষধ।