ৰাফেলতকৈও কেইবাগুণ ফলপ্ৰসূ হৈ পৰিছে তেজছ! বিশ্ববাসীক ভাৰতে দিছে শক্তিশালী বাৰ্তা

সেইবাবেই দেশে এতিয়া হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ তেজছ যুদ্ধ বিমানৰ ওপৰত অত্যন্ত বিশ্বাস ৰাখিছে। অৱশ্যে বিমানখনৰ দৰ কম হ’লেও ক্ৰয় কৰা উচিত হয়নে বুলি প্ৰশ্ন উঠিব পাৰে। ভাৰতে ইমান কম দামত আন যিকোনো বিমান ক্ৰয় কৰিব পাৰিলেহেঁতেন বুলিও একাংশই ক’ব পাৰে। পিছে এনে প্ৰশ্নৰ বিপৰীতে কিছু আচৰিত তথ্য আছে।

ৰাফেলতকৈও কেইবাগুণ ফলপ্ৰসূ হৈ পৰিছে তেজছ! বিশ্ববাসীক ভাৰতে দিছে শক্তিশালী বাৰ্তা

ভাৰতৰ শক্তি হৈ পৰিছে তেজছ

Published: 

20 Oct 2025 13:13 PM

আজিৰ নতুন ভাৰতে নিৰ্ধাৰণ কৰিছে নতুন লক্ষ্য এতিয়া ভাৰতে সামৰ্থ্যৰ বাহিৰত খৰচ কৰাৰ পৰিৱৰ্তে নূন্যতম খৰচেৰে আকাশত আধিপত্য বজাই ৰাখিব বিচাৰে। সেইবাবেই দেশে এতিয়া হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ তেজছ যুদ্ধ বিমানৰ ওপৰত অত্যন্ত বিশ্বাস ৰাখিছে। ইতিমধ্যে ৰাফেলে ভাৰতত নিজা বিমান শ্বেল নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে পিছে সেই বিমানৰ মূল্য হৈ পৰে যথেষ্ট হৈ পৰে। তথ্য অনুসৰি দেশত এখন ৰাফেলৰ দাম হ’ব প্ৰায় ২১০ মিলিয়ন ডলাৰ ভাৰতীয় মুদ্ৰাত এই পৰিমাণ প্ৰায় ১৮০০ কোটি টকা।

আনহাতে, তেজছ মাৰ্ক ২ যুদ্ধ বিমানৰ মূল্য ভাৰতীয় মুদ্ৰাত ৭০৮০ মিলিয়ন ডলাৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত এই পৰিমাণ প্ৰায় ৬০০ৰ পৰা ৭০০ কোটি টকা। অৰ্থাৎ ১ খন ৰাফেলৰ দৰত কমেও ৩ খন তেজছ যুদ্ধ বিমান ক্ৰয় কৰিব পাৰি। স্বাভাৱিকতেই যুদ্ধ বিমানৰ সংখ্যা বৃদ্ধি পালে স্ক্ৱাড্ৰনৰ সংখ্যা বৃদ্ধি পাব।

অৱশ্যে বিমানখনৰ দৰ কম হ’লেও ক্ৰয় কৰা উচিত হয়নে বুলি প্ৰশ্ন উঠিব পাৰে ভাৰতে ইমান কম দামত আন যিকোনো বিমান ক্ৰয় কৰিব পাৰিলেহেঁতেন বুলিও একাংশই পাৰে। পিছে এনে প্ৰশ্নৰ বিপৰীতে কিছু আচৰিত তথ্য আছে। তেজছে থলুৱা Uttam AESA ৰাডাৰ ব্যৱহাৰ কৰে

এই ৰাডাৰ ৯১২ ট্ৰেন্সমিট/ৰিচিভ মডিউল বা TRM আৰু গেলিয়াম নাইট্ৰাইড বা GaN প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। এই প্ৰযুক্তি ফৰাচী ৰাফেলতকৈ কমেও ৭ বছৰ আগুৱাই গৈছে। অৰ্থাৎ এই প্ৰযুক্তিগত উন্নতি কৰিবলৈ ৰাফেলক কমেও ৭ বছৰৰ প্ৰয়োজন হ’ব।

ইয়াৰ উপৰিও ইজৰাইলে শেহতীয়াকৈ দেশখনৰ ‘মেঘনাদ’ ক্ষেপণাস্ত্ৰ তেজছত একত্ৰিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। যদি এয়া হয় তেতিয়া কম খৰচতে তেজছ এখন অত্যন্ত শক্তিশালী যুদ্ধ বিমান হৈ পৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৰাফেলৰ বাবে যি বাজেট আবণ্টন দিব পাৰে, খবৰ অনুসৰি সেই হিচাপত ৰাফেলৰ ৬টা স্ক্ৱাড্ৰনৰ পৰিৱৰ্তে তেজছৰ ১৩-১৪টা স্ক্ৱাড্ৰন হ’ব।

অৱশ্যে এই মুহূৰ্তত তেজছৰ বিশেষ প্ৰয়োজনীয়তাও আহি পৰিছে। ‘ফ্লাইং কফিন’ নামেৰে পৰিচিত মিগ-২১ বাইছনে শেহতীয়াকৈ দেশৰ বায়ুসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ফলত বহু স্ক্ৱাড্ৰন খালী হৈ পৰিছে। আৰু সেই ব্যৱধান পূৰণ কৰিবলৈ বায়ুসেনাই এতিয়া তেজছৰ ওপৰত নিৰ্ভৰতা বৃদ্ধি কৰিছে।

জানিব পৰা মতে, অহা কেইবছৰমানৰ ভিতৰত উন্নত প্ৰযুক্তিৰে উৰা মাৰিব তেজছে। একে সময়তে এই বিমানখনে দেশৰ নিৰাপত্তা আৰু অৰ্থনৈতিক সঞ্চয়, এই দুয়োটাৰ সমন্বয়ৰে বিশ্ববাসীলৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে।

কলিযুগত কৰক মাত্ৰ এই ৪ টা কাম! জীৱনত সদায় হ'ব উন্নতি...
আপোনাৰ ইউৰিক এচিডৰ সমস্যা আছে নেকি? এইবোৰ খাদ্য একেবাৰে নাখাব...
শৰীৰত চুগাৰৰ পৰিমাণ হ্ৰাস পালে কি লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা...
ঋণৰ পৰা পাব মুক্তি, দূৰ হ'ব ধনৰ অভাৱ, দীপাৱলীত কৰক এই কাম!