আকৌ কমিল সোণৰ দাম! আজি গুৱাহাটীত ১০ গ্ৰাম সোণ কিনিবলৈ কিমান খৰচ কৰিব লাগিব?

আজি উত্থান ঘটিছে শ্বেয়াৰ বজাৰত । আনফালে দেশত হ্ৰাস পাইছে সোণৰ মূল্য। আজি দেশত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৬৫০ টকা হ্ৰাস পোৱা গৈছে। ১০ গ্ৰাম সোণ কিনিবলৈ এতিয়া কিমান টকা দিব লাগিব জানো আহক..

আকৌ কমিল সোণৰ দাম! আজি গুৱাহাটীত ১০ গ্ৰাম সোণ কিনিবলৈ কিমান খৰচ কৰিব লাগিব?

সোণৰ দাম

Updated On: 

08 Apr 2025 11:08 AM

আজি শ্বেয়াৰ বজাৰে সলনি কৰিছে নিজৰ গতিপথ। সোমবাৰে ছেনছেক্সে ১০০০ পইণ্ট বৃদ্ধিৰে ব্যৱসায় কৰি আছে । একে সময়তে হ্ৰাস পাইছে সোণৰ দাম। আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৬৫০ টকা হ্ৰাস পাই ৮৯,৭৩০ টকা হৈছে।আহক দিল্লী, মুম্বাই, গুৱাহাটীকে ধৰি দেশৰ প্ৰধান চহৰত সোণৰ দাম কিমান জানি লও।

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি দেশত আজি সোণৰ মূল্য হ্ৰাস পাইছে। সোমবাৰৰ দিনটোত সোণৰ মূল্য আছিল ৯০,৩৮০ টকা। আজি প্ৰতি ১০ গ্ৰামত ৮৯,৭৩০ টকাত ব্যৱসায় কৰা দেখা হৈছে। দেশৰ ৰাজধানী দিল্লীত ১০ গ্ৰাম সোণৰ মূল্য ৬৫০ টকা হ্ৰাস পাই ৮৯,৮৮০ টকা হৈছে। একে সময়তে বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৬৫০ টকা হ্ৰাস পাই ৮৯,৭৩০ টকাত ব্যৱসায় কৰা হৈছে।

লক্ষ্ণৌ আৰু বাংগালুৰুত সোণৰ মূল্য

একে সময়তে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌতো সোণৰ মূল্য হ্ৰাস পাইছে। আজি ৰাজধানীত সস্তা হাৰত সোণ কিনিব পাৰিব। লক্ষ্ণৌত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৮৯,৮৮০ টকা হৈছে। একে সময়তে বেংগালুৰুৰ ২৪ কেৰেট সোণৰ ১০ গ্ৰাম আজি ৬৫০ টকা হ্ৰাস পাই ৮৯,৭৩০ টকাত ব্যৱসায় কৰি আছে।

গুৱাহাটীত সোণৰ দাম

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৯৭৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,২২৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৭৩০ টকা হৈছে। একেদৰে মঙলবাৰে পুৱাৰ ভাগত গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৭,৩০০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮২,২৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৭৩০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে। ইফালে গুৱাহাটীৰ বজাৰত আজি প্ৰতি কিলোগ্ৰাম ৰূপ ৯৪,০০০ হাজাৰ টকাত বিক্ৰী হৈছে।

MCX ত সোণৰ দাম

শ্বেয়াৰ বজাৰ যেতিয়াই বৃদ্ধি পায় তেতিয়াই সোণৰ দাম কমি যায়। বৰ্তমান সময়চো এই কথা প্ৰতিফলিত হৈছে। কিন্তু ভৱিষ্যতৰ বজাৰ অৰ্থাৎ MCXত সোণৰ দাম বৃদ্ধি পাইছে। ২০২৫ চনৰ ৫ জুনত ম্যাদ উকলিবলগীয়া সোণৰ চুক্তিৰে ১০ গ্ৰাম সোণৰ মূল্য আজি ৬৮৬ টকা বৃদ্ধিৰে ৮৭,৬১৪ টকাত ব্যৱসায় কৰি আছে।একে সময়তে ২০২৫ চনৰ ৫ মে’ত ম্যাদ উকলিবলগীয়া ৰূপৰ মূল্য ৭৫৮.০০ টকা বৃদ্ধিৰে প্ৰতি কিলোগ্ৰামত ৮৯,০০৬ টকাত ব্যৱসায় কৰা হৈছে।

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...