বছৰি ১৫ হাজাৰ টকা দিব EPFO য়ে, কৰ্মচাৰীৰ বাবে নতুন আঁচনি কেন্দ্ৰৰ !

কৰ্মচাৰীৰ বাবে নতুন আঁচনি আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। EPFO অধীনত বছৰি ১৫ হাজাৰকৈ দিয়া হ'ব কৰ্মচাৰীক। কোনসকল কৰ্মচাৰীয়ে এই আঁচনিৰ সুবিধা পাব জানক।

বছৰি ১৫ হাজাৰ টকা দিব EPFO য়ে, কৰ্মচাৰীৰ বাবে নতুন আঁচনি কেন্দ্ৰৰ !

Epfo

Published: 

11 Jul 2025 | 09:55 PM

দেশৰ বিভিন্ন খণ্ডত কৰ্মৰত কৰ্মচাৰীৰ বাবে ভাল খবৰ। কৰ্মচাৰীৰ আৰ্থিক সকাহৰ বাবে নতুন আঁচনি আৰম্ভ কৰিবলৈ আগবাঢ়িছে EPFO(Employees Provident Fund Organization)। উল্লেখ্য যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ২০২৪-২৫ চনৰ কেন্দ্ৰীয় বাজেটত উৎপাদন আৰু অন্যান্য খণ্ডত কৰ্মসংস্থাপন সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে যুৱক-যুৱতীসকলৰ কৰ্মক্ষমতা বৃদ্ধিৰ বাবে কেন্দ্ৰই এনে আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে।

ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটে এই ক্ষেত্ৰত ৯৯,৪৪৬ কোটি টকাৰ আঁচনিত অনুমোদন জনাইছে। এই আঁচনিৰ সুবিধা ১ কোটি ৯২ লাখ লোকে লাভ কৰিবলৈ গৈ আছে বুলি কেন্দ্ৰই আশা কৰিছে। অৱশ্যে এই আঁচনিয়ে দুবছৰত মুঠ ৩ কোটি ৫০ লাখতকৈ অধিক চাকৰিৰ সৃষ্টিৰ বাবে উৎসাহিত কৰিব বুলি শ্ৰম মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে।

২০২৫ চনৰ ১ আগষ্টৰ পৰা আৰম্ভ হ’ব এই আঁচনি । আৰু এই আঁচনিখন ২০২৭ চনৰ ৩১ জুলাইত শেষ হ’ব।

এই আঁচনিৰ সুবিধা কোনে পাব?

যিকোনো সংস্থাত কৰ্মৰত কৰ্মচাৰীক যাৰ বাৰ্ষিক দৰমহা ১ লাখ টকাতকৈ কম হ’ব তেওঁলোকক ১৫ হাজাৰ টকা দুটা কিস্তিত দিয়া হ’ব। ইয়াৰ উপৰিও এই আঁচনিৰ অধীনত EPFO ত পঞ্জীয়নভুক্ত কোম্পানীসমূহেও নতুন কৰ্মচাৰী নিয়োগ কৰিলে ২ বছৰৰ বাবে প্ৰতিমাহে সৰ্বাধিক ৩ হাজাৰ টকা লাভ কৰিব। অৱশ্যে উৎপাদন খণ্ডৰ বাবে এই আঁচনিৰ সময়সীমা আৰু ২ বছৰলৈ বৃদ্ধি কৰিব পৰা যাব বুলিও কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...