EPFO: ব্যক্তিগত খণ্ডত চাকৰি কৰে নেকি? এই বছৰত পাব পাৰে প্ৰায় ৫০ হাজাৰ টকা !

এইবাৰ চৰকাৰে সুতৰ হাৰ ৮.২৫ শতাংশৰ পৰা ৮.৭৫ শতাংশলৈ বৃদ্ধি কৰিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। আৰু যদি এই খবৰ সঁচা হয়, তেন্তে ব্যক্তিগত খণ্ডৰ ৮ কোটি কৰ্মচাৰী উপকৃত হ’ব।

EPFO: ব্যক্তিগত খণ্ডত চাকৰি কৰে নেকি? এই বছৰত পাব পাৰে প্ৰায় ৫০ হাজাৰ টকা !
Published: 

10 Dec 2025 | 02:56 PM

কৰ্মচাৰী ভৱিষ্য নিধিত একাউণ্ট থকা সকলৰ বাবে সুখবৰ। ২০২৫-২৬ বিত্তীয় বৰ্ষত কিমান সুত লাভ কৰিব সেই সন্দৰ্ভত ব্যাপক চৰ্চা চলিছে। অৱশ্যে এইবাৰ চৰকাৰে সুতৰ হাৰ ৮.২৫ শতাংশৰ পৰা ৮.৭৫ শতাংশলৈ বৃদ্ধি কৰিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। আৰু যদি এই খবৰ সঁচা হয়, তেন্তে ব্যক্তিগত খণ্ডৰ ৮ কোটি কৰ্মচাৰী উপকৃত হ’ব।

চৰকাৰৰ এই সিদ্ধান্ত কাৰ্যকৰী হ’লে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ই এক ডাঙৰ সিদ্ধান্ত হ’ব। ইয়াৰ পূৰ্বে অৰ্থাৎ ২০২৪-২৫ বিত্তীয় বৰ্ষত চৰকাৰে ৮.২৫ শতাংশ সুত দিছিল। যিটো গ্ৰাহকে ইতিমধ্যে লাভ কৰিছে। অৱশ্যে চলিত বিত্তীয় বৰ্ষত চৰকাৰে ৮.৭৫ শতাংশ সুত দিব পাৰে বুলি ধাৰণা কৰা হৈছে। যদিও এই সন্দৰ্ভত এতিয়ালৈকে স্পষ্টকৈ জানিব পৰা হোৱা নাই, তথাপিও জানুৱাৰী মাহত এই সন্দৰ্ভত ঘোষণা কৰাৰ সম্ভাৱনা আছে।

যদি আপোনাৰ প্ৰভিডেণ্ট ফাণ্ড একাউণ্টত ৫ লাখ টকা থাকে তেন্তে সুত হিচাপে প্ৰায় ৪২ হাজাৰ টকা পাব। ঠিক তেনেদৰে যদি আপোনাৰ হাতত ৮.৭৫ শতাংশ সুতত ৬ লাখ টকা থাকে তেন্তে আপুনি ৫০ হাজাৰ টকা পাব।

বেলেঞ্চ কেনেকৈ পৰীক্ষা কৰিব?

আপোনাৰ পি এফ বেলেঞ্চ কেনেকৈ পৰীক্ষা কৰিব? আপুনি আপোনাৰ পি এফ একাউণ্টৰ বেলেঞ্চ অতি সহজে পৰীক্ষা কৰিব পাৰে।

মিছড কলৰ দ্বাৰা: আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ পৰা 9966044425 নম্বৰত মিছড কল দিয়ক। আপুনি তৎক্ষণাত আপোনাৰ শেষ কণ্ট্ৰিবিউচন আৰু বৰ্তমানৰ বেলেঞ্চৰ তথ্য টেক্সট মেছেজৰ জৰিয়তে লাভ কৰিব। এই পদ্ধতিত আপোনাৰ কোনোধৰণৰ খৰচ নহয়।

টেক্সট মেছেজৰ জৰিয়তে: আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ পৰা 7738299899 নম্বৰত “EPFOHO UAN” প্ৰেৰণ কৰক।আপুনিও নিজৰ ভাষাত তথ্য লাভ কৰিব পাৰিব।

পৰৱৰ্তী পদক্ষেপ কি?

কেন্দ্ৰীয় চৰকাৰৰ এই সুত হাৰ ঘোষণাৰ বাবে প্ৰায় ৮ কোটি কৰ্মচাৰীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কেন্দ্ৰীয় বোৰ্ড অৱ ট্ৰাচটিজ আৰু বিত্ত মন্ত্ৰালয়ৰ পৰা অনুমোদন লাভ কৰাৰ পিছত EPFO ই ক্ষিপ্ৰতাৰে একাউণ্টত সুতৰ ধন জমা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। অৱসৰৰ সঞ্চয়ৰ ক্ষেত্ৰত দৰমহা পোৱা কৰ্মচাৰীসকলৰ বাবে ই এক ডাঙৰ সকাহ আৰু নিশ্চয়তা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...