শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

EPFOৰ পৰা আহিব আপোনাৰ বিয়াৰ খৰচ, কিমান টকা উলিয়াব পাৰি জানেনে?

EPF Withdrawal News: আগতে নিজৰ বিয়াৰ বাবে বা ভাতৃ, ভনীয়েক বা সন্তানৰ বিয়াৰ বাবে সৰ্বাধিক তিনিবাৰ টকা উলিয়াব পাৰিছিল। এতিয়া সেই সীমা পাঁচগুণলৈ বৃদ্ধি কৰা হৈছে। আগতে বিয়াৰ বাবে পি এফ একাউণ্টৰ পৰা ধন উলিয়াবলৈ কমেও সাত বছৰ কাম কৰিবলগীয়া হৈছিল।

EPFOৰ পৰা আহিব আপোনাৰ বিয়াৰ খৰচ,  কিমান টকা উলিয়াব পাৰি জানেনে?
Epfo
trishna-kalita
Trishna Kalita | Published: 15 Dec 2025 11:49 AM

চৰকাৰী আৰু ব্যক্তিগত কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ প্ৰভিডেণ্ট ফাণ্ড (Provident Fund)ৰ ব্যৱস্থা কৰা হৈছে। যদিও ই ভৱিষ্যতৰ বাবে বিত্তীয় পুঁজি, তথাপিও যিকোনো বিশেষ প্ৰয়োজনৰ বাবে অৱসৰৰ পূৰ্বে প্ৰভিডেণ্ট ফাণ্ড বা পি এফ একাউণ্টৰ পৰা ধন উলিয়াব পাৰি। সেয়া চিকিৎসাৰ খৰচ হওক বা ঘৰ নিৰ্মাণৰ খৰচ হওক বা বিয়াৰ খৰচ হওক।

এতিয়া বিয়াৰ বতৰ চলি আছে। বহু লোকে বিয়া পাতিছে। যদি হঠাৎ বহুত টকাৰ প্ৰয়োজন হয়, তেন্তে বহুতে ধাৰ লোৱাৰ পৰিৱৰ্তে পি এফৰ পৰা টকা উলিওৱাটো ভাল বুলি ভাবে। বিয়াৰ বাবে পি এফৰ পৰা কিমান টকা উলিয়াব পাৰি জানেনে?

শেহতীয়াকৈ ইপিএফঅ’ৰ নিয়মবোৰ বহুত সৰল কৰা হৈছে। বিয়াৰ বাবে পি এফৰ ধন উলিওৱাটোও সহজ হৈ পৰিছে। ইয়াৰ পূৰ্বে পি এফ একাউণ্টত জমা হোৱা এক নিৰ্দিষ্ট পৰিমাণৰ ধনহে উলিয়াব পৰা হৈছিল। এতিয়া কৰ্মচাৰীয়ে নিজৰ আৰু কোম্পানী দুয়োটাৰে ধন উলিওৱাৰ লগতে প্ৰয়োজন হ’লে বিবাহৰ বাবে একাধিকবাৰ ধন উলিয়াব পাৰিব।

আগতে নিজৰ বিয়া বা ভাই-ভনী বা সন্তানৰ বিয়াৰ বাবে সৰ্বাধিক তিনিবাৰকৈ ধন উলিয়াব পাৰিছিল। এতিয়া সেই সীমা পাঁচগুণলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বে পি এফ একাউণ্টৰ পৰা বিবাহৰ বাবে ধন উলিয়াবলৈ হ’লে কমেও সাত বছৰ সেৱা আগবঢ়াব লাগিছিল। এতিয়া সেই নিয়মটোও শিথিল কৰা হৈছে। ১২ মাহ অৰ্থাৎ এবছৰ সেৱা আগবঢ়োৱাৰ পিছত পি এফ একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব।

পূৰ্বে কোনোবাই যদি বিবাহৰ কাৰণ উল্লেখ কৰি পি এফ একাউণ্টৰ পৰা ধন উলিয়াব বিচাৰে তেন্তে তেওঁলোকে নিজৰ বিবাহ কাৰ্ডকে ধৰি একাধিক নথি-পত্ৰ জমা দিব লগা হৈছিল। এতিয়া এই সকলোবোৰ নথি জমা দিয়াৰ প্ৰয়োজন নাই। মাত্ৰ এবাৰ আবেদন কৰিব লাগিব।

পূৰ্বে পি এফ একাউণ্টৰ পৰা এটা নিৰ্দিষ্ট সীমালৈকে ধন উলিয়াব পাৰিছিল, এতিয়া নিয়ম শিথিল হোৱাৰ লগে লগে গ্ৰাহকে ইচ্ছা কৰিলে ১০০ শতাংশ ধন উলিয়াব পাৰিব।