অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পূৰ্বে DA সন্দৰ্ভত ডাঙৰ আপডেট, চৰকাৰে কৰিলে এই ঘোষণা…

২০২৬ চনৰ জানুৱাৰী-জুনৰ বাবে ডি এ বৃদ্ধিয়েই হ’ব প্ৰথমটো পুনৰীক্ষণ যিটো সপ্তম দৰমহা আয়োগৰ পৰিসৰৰ বাহিৰত পৰিব। ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ কাম আৰম্ভ হৈছে যদিও ইয়াৰ কাৰ্যকৰীকৰণত এতিয়াও কিছু সময় লাগিব পাৰে।

অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পূৰ্বে DA সন্দৰ্ভত ডাঙৰ আপডেট, চৰকাৰে কৰিলে এই ঘোষণা...

অষ্টম দৰমহা আয়োগ

Updated On: 

18 Jan 2026 | 01:20 PM

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মাজত ব্যাপকভাৱে চৰ্চিত এটা প্ৰশ্ন হৈছে- অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পূৰ্বে চৰকাৰে মৌলিক দৰমহাত বৰ্তমানৰ DA যোগ কৰিবনে? এই প্ৰশ্নটো উত্থাপন কৰা হৈছে কাৰণ ৭ম দৰমহা আয়োগৰ কাৰ্যকাল ২০২৫ চনৰ ৩১ ডিচেম্বৰত শেষ হৈছিল।২০২৬ চনৰ জানুৱাৰী-জুনৰ বাবে ডি এ বৃদ্ধিয়েই হ’ব প্ৰথমটো পুনৰীক্ষণ যিটো সপ্তম দৰমহা আয়োগৰ পৰিসৰৰ বাহিৰত পৰিব। ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ কাম আৰম্ভ হৈছে যদিও ইয়াৰ কাৰ্যকৰীকৰণত এতিয়াও কিছু সময় লাগিব পাৰে।

অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাত পলম কিয়?

সাধাৰণতে যিকোনো পে কমিছনে নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰায় ১৮ মাহ সময় লয়। বিবেচনা, কেবিনেট অনুমোদন, আৰু কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াত কমেও আৰু ছমাহ সময় লাগে। ফলস্বৰূপে ২০২৭ চনৰ শেষৰ পূৰ্বে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা নাই বুলি ধাৰণা কৰা হৈছে। ইফালে কৰ্মচাৰী সংস্থাসমূহে তেতিয়ালৈকে সকাহ হিচাপে বৰ্তমানৰ ৫৮% ডি এক মৌলিক দৰমহাত একত্ৰিত কৰিবলৈ দাবী জনাইছে।

চৰকাৰৰ স্পষ্ট উত্তৰ

ডি এ একত্ৰিত কৰাৰ সন্দৰ্ভত এতিয়ালৈ কোনো প্ৰস্তাৱ নাই। এই দাবীত চৰকাৰ স্পষ্ট। ২০২৫ চনৰ ডিচেম্বৰ মাহত সংসদলৈ দিয়া লিখিত উত্তৰত চৰকাৰে কয় যে বৰ্তমানৰ ডি এক মৌলিক দৰমহাত একত্ৰিত কৰাৰ কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়। চৰকাৰে কয় যে মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কম কৰিবলৈ এআইচিপিআই-আইডব্লিউ (মুদ্ৰাস্ফীতি সূচকাংক)ৰ ভিত্তিত প্ৰতি ছমাহৰ মূৰে মূৰে ডিএ/ডিআৰ বৃদ্ধি কৰা হয়, আৰু এতিয়াৰ বাবে এইটোৱেই যথেষ্ট।

কৰ্মচাৰী সংস্থাসমূহে ডি এ একত্ৰীকৰণ কিয় বিচাৰে?

  • বেচিক পেৰ লগত ডি এ যোগ কৰিলে বেচিক পে বৃদ্ধি পাব।
  • ইয়াৰ ফলত এইচ আৰ এ, টি এ, আৰু অন্যান্য ভাট্টাও স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাব।
  • ইয়াৰ দ্বাৰা পেঞ্চনৰ হিচাপতো প্ৰত্যক্ষ সুবিধা পোৱা যাব।
  • বৰ্তমানৰ ডি এত মুদ্ৰাস্ফীতিৰ সঠিক প্ৰতিফলন নাই।
  • সেইবাবেই তেওঁলোকে ইয়াক অন্তৱৰ্তীকালীন সকাহ হিচাপে কাৰ্যকৰী কৰাৰ দাবী জনাইছে।

আগতে কি হৈছিল?

৫ম দৰমহা আয়োগৰ সময়ত নিয়ম আছিল যে যেতিয়া ডি এ ৫০% হ’ব তেতিয়া ইয়াক মৌলিক দৰমহাত যোগ কৰিব লাগে। ইয়াৰ ভিত্তিত ২০০৪ চনত ৫০% ডি এ মৌলিক দৰমহাত একত্ৰিত কৰা হয়।কিন্তু ষষ্ঠ দৰমহা আয়োগে এই পদ্ধতিৰ সৈতে একমত নাছিল। আয়োগে কয় যে যদি ডি এক মৌলিক দৰমহাত একত্ৰিত কৰা হয় তেন্তে মুদ্ৰাস্ফীতিৰ সূচকাংকৰ ভিত্তি সলনি কৰিব লাগিব, যাৰ ফলত ভৱিষ্যতে ডি এৰ হাৰ হ্ৰাস পাব পাৰে। গতিকে আয়োগে স্পষ্টভাৱে উল্লেখ কৰিছিল যে ডি এক বেচিক পেত একত্ৰিত কৰাটো বাঞ্ছনীয় নহ’ব।

ইয়াৰ পিছত কি হ’ব?

বৰ্তমানৰ পৰিস্থিতিত ডি এক মৌলিক দৰমহাত একত্ৰিত কৰাৰ সম্ভাৱনা অতি কম। এই ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী নোহোৱালৈকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে প্ৰতি ছমাহৰ মূৰে মূৰে লাভ কৰা ডি এ বৃদ্ধিৰ পৰাহে সকাহ আশা কৰিব পাৰিব।

জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
কোনে খাব নালাগে অমিতা? কাৰ বাবে বেয়া, জানক...
যুগ্ম জীৱনৰ আৰম্ভণি কিন্তু পত্নীৰ সৈতে সুখী নহয়, তেন্তে ডাৰ্ক চকলেটে কৰিব আপোনাক সহায়!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি