Gold Price Today: পহিলা মাঘত কিমান হ্ৰাস পালে সোণৰ দাম? জানক…
Gold Price Today: পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য। আজি পহিলা মাঘৰ দিনটোত সোণৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্য বৃদ্ধি পোৱা দেখা যায়। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয়ৰ কথা ভাবিছে ইয়াৰ দাম জনা দৰকাৰ।
প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হোৱা দেখা যায়। নতুন বছৰৰ পৰা বৃদ্ধি পাই আহিছে সোণৰ মূল্য। মাঘ বিহুৰ দিনটোত প্ৰায় ১১,০০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে সোণৰ মূল্য। ইফালে ৰূপৰ মূল্যও বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইফালে পহিলা মাঘৰ দিনটোত পুনৰ সোণৰ দাম হ্ৰাস পায়। ১০০ গ্ৰাম সোণত আজি প্ৰায় ৮০০০ টকা পৰ্যন্ত দাম হ্ৰাস পায়। কিন্তু ৰূপৰ মূল্য হ্ৰাস নাপালে। ইয়াৰ সলনি এই মূল্য বৃদ্ধি পোৱা দেখা যায়।
গতিকে দোকানলৈ যোৱাৰ পূৰ্বে ইয়াৰ দাম জনা দৰকাৰ। আজি ২৪ কেৰেট ১ গ্ৰাম সোণ ১৪,৩১৮ টকা, ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,১২৫ টকা আৰু ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৭৩৯ টকা। ইফালে ৰূপ ১০ গ্ৰামৰ মূল্য ২,৯৫০ টকা।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
