শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
এইসকল কৰ্মচাৰীৰ কৰ্তন কৰিব দৰমহা, কঠোৰ চৰকাৰৰ...

এইসকল কৰ্মচাৰীৰ কৰ্তন কৰিব দৰমহা, কঠোৰ চৰকাৰৰ…

Trishna Kalita
Trishna Kalita | Updated On: 15 Jan 2026 20:10 PM

শীঘ্ৰে পিতৃ-মাতৃৰ যত্ন নোলোৱা সকলো চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ সিদ্ধান্তক আইনলৈ ৰূপান্তৰিত কৰিব তেলেংগানা চৰকাৰে। এই আইনত উল্লেখ আছে যে পিতৃ-মাতৃৰ যত্ন নোলোৱা সকলো চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ ১০ শতাংশ কৰ্তন কৰা হ’ব।

সন্তানে লোৱা নাই নেকি পিতৃ-মাতৃৰ দায়িত্ব? এতিয়া তেনে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন কৰা হ’ব দৰমহা । দৰমহাৰ পৰা কৰ্তন কৰা ধন পোনে পোনে বৃদ্ধ পিতৃ-মাতৃৰ একাউণ্টলৈ যাব। অতি সোনকালে আহি আছে এখন আইন। বৰ্তমান সময়ত বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰি দায়িত্ব পালন নকৰাৰ ঘটনা বাঢ়িছে। যাৰ বাবে লোৱা হৈছে এনে সিদ্ধান্ত।