16 Jan 2026
TV9 ASSAM
হিন্দু ধৰ্মত দানৰ বিশেষ গুৰুত্ব আছে। কিন্তু সূৰ্যাস্তৰ পাছত কিছুমান বস্তু দান কৰা বেয়া। এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু বিভিন্ন সমস্যা আহে।
হিন্দু ধৰ্মত ধনৰ দেৱী বুলি মা লক্ষ্মীক গন্য কৰা হয়। কিন্তু কিছুমান বস্তু সূৰ্যাস্তৰ পাছত দান কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু ঘৰত ধনৰ সমস্যা আহে বুলি কয়।
সূৰ্যাস্তৰ পাছত গাখীৰ দান কৰিব নালাগে। এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়। ইমানেই নহয়, ইয়াৰ ফলত দৰিদ্ৰতা আৰু দুৰ্ভাগ্য আছে।
আন্ধাৰ হোৱাৰ পাছত কেতিয়াও আনক দৈ দিব নালাগে। এয়া দান কৰা বেয়া। এনে কৰিলে শুক্ৰ অসন্তুষ্ট হয়। যাৰ ফলত মানুহৰ ভৌতিক সা-সুবিধাৰ অভাৱ হয়।
সূৰ্যাস্তৰ পাছত নহৰু, পিঁয়াজ দান কৰা বা আনক বিনামূলীয়াকৈ দিয়া বেয়া। সমুদ্ৰ মন্থনৰ সময়ত বিষ্ণুই যেতিয়া স্বৰভানুৰ ডিঙি কাটিছিল, তেতিয়া তাৰ টোপাল পৃথিৱীত পৰি নহৰু, পিঁয়াজ হৈছিল।
বৃহস্পতিবাৰৰ দিনা হালধি দান কৰা বেয়া। ইয়াৰোপৰি সূৰ্যাস্তৰ পাছত দান কৰিব নালাগে। এনে কৰিলে ঘৰত উন্নতিৰ ক্ষেত্ৰত বাধা আহে বুলি কয়।
মা লক্ষ্মীয়ে সূৰ্যাস্তৰ পাছত ঘৰত প্ৰৱেশ কৰে বুলি কয়। গতিকে সূৰ্যাস্তৰ পাছত ধন দিলে মা লক্ষ্মী ঘৰৰ পৰা গুচি যায় আৰু সমস্যা আহে বুলি কয়।
পঢ়িবলৈ ক্লিক কৰক