বিধৱা, বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকে প্ৰতিমাহে পাব পেঞ্চন, কিদৰে আবেদন কৰিব জানি লওক

চৰকাৰে BPL কাৰ্ডধাৰীৰ বাবে ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচীৰ অধীনত পাঁচখন পেঞ্চন আঁচনি আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, অক্ষমতা পেঞ্চন, পৰিয়ালৰ সুবিধা, অন্নপূৰ্ণা যোজনা আদি।

বিধৱা, বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকে প্ৰতিমাহে পাব পেঞ্চন, কিদৰে আবেদন কৰিব জানি লওক
Published: 

09 Nov 2025 09:15 AM

দৰিদ্ৰ সীমাৰেখাৰ (BPL) তলত বাস কৰা লোকসকলক সহায় কৰিবলৈ চৰকাৰে ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী (NSAP)ৰ অধীনত পাঁচখন ভিন্ন পেঞ্চন আঁচনি আৰম্ভ কৰিছে। এন এছ এ পি হৈছে সম্পূৰ্ণ কেন্দ্ৰীয় পুঁজিৰে চলি থকা আঁচনি যি গ্ৰাম্য আৰু চহৰ দুয়োটা অঞ্চলতে প্ৰযোজ্য। ইয়াৰ পৰিচালনা গ্ৰামোন্নয়ন মন্ত্ৰালয়ে কৰে। এই কাৰ্যসূচীত বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাংগৰ পেঞ্চন, পৰিয়াল সাহায্য, আৰু অন্নপূৰ্ণা আদি আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। বৃদ্ধ পেঞ্চন আঁচনিৰ যোগ্য কিন্তু পেঞ্চন নোপোৱা বৃদ্ধসকলক অন্নপূৰ্ণাই বিনামূলীয়াকৈ খাদ্য শস্য প্ৰদান কৰে।

বৰ্তমান এই ৫ খন আঁচনি NSAP ৰ অধীনত চলি আছে

  • ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি (IGNOAPS)
  • ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি (IGNWPS)
  • ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় অক্ষমতা পেঞ্চন আঁচনি (IGNDPS)
  • ৰাষ্ট্ৰীয় পৰিয়াল সুবিধা আঁচনি (এন এফ বি এছ)
  • অন্নপূৰ্ণা আঁচনি

NSAP আঁচনিসমূহৰ মূল উল্লেখযোগ্য দিশসমূহ

হিতাধিকাৰীসকলক গ্ৰাম পঞ্চায়ত আৰু পৌৰসভাই চিনাক্ত কৰে। পেঞ্চন বেছিভাগেই ডিবিটিৰ জৰিয়তে অৰ্থাৎ পোনপটীয়াকৈ বেংক বা ডাকঘৰৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয়। প্ৰয়োজন হ’লে ঘৰতে নগদ ধন ডেলিভাৰীৰো অনুমতি দিয়া হৈছে। প্ৰতিখন ৰাজ্যই এজন ন’ডেল সচিব নিযুক্তি দিব লাগিব আৰু ত্ৰিমাসিক অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। প্ৰতিবেদন দাখিল নকৰিলে ধন ৰখা হ’ব পাৰে।

এই আঁচনিসমূহৰ বাবে অনলাইনযোগে কেনেকৈ আবেদন কৰিব?

  1. UMANG এপ ডাউনলোড কৰক বা ৱেবছাইট চাওক: https://web.umang.gov.in/web_new/home
  2. মোবাইল নম্বৰ আৰু অ’টিপিৰে লগইন কৰক, বা নতুন একাউণ্ট সৃষ্টি কৰক
  3. চাৰ্চত NSAP লিখক
  4. Apply Online ত ক্লিক কৰক
  5. আপোনাৰ মূল তথ্য পূৰণ কৰক, পেমেণ্ট পদ্ধতি নিৰ্বাচন কৰক, ফটোখন আপলোড কৰক আৰু জমা দিয়ক

এতিয়া এই পাঁচখন আঁচনিৰ সহজ সবিশেষ জানক

  1. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন (IGNOAPS) পেঞ্চন ৬০ বছৰ আৰু তাৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকক প্ৰদান কৰা হয় যিসকল BPL পৰিয়ালৰ অন্তৰ্গত। ৬০ৰ পৰা ৭৯ বছৰ : প্ৰতিমাহে ২০০ টকা, ৮০ বছৰ আৰু তাৰ ওপৰৰ বয়স : মাহে ৫০০ টকা
  2. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন (IGNWPS): বিপিএল পৰিয়ালৰ অন্তৰ্গত ৪০ৰ পৰা ৭৯ বছৰ বয়সৰ বিধৱাই প্ৰতিমাহে ৩০০ টকা লাভ কৰে। ৮০ বছৰৰ ওপৰৰ : প্ৰতিমাহে ৫০০ টকা
  3. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় অক্ষমতা পেঞ্চন (IGNDPS) ৩০০ টকা প্ৰতিমাহে ১৮ৰ পৰা ৭৯ বছৰ বয়সৰ গুৰুতৰ বা একাধিক অক্ষমতা থকা বিপিএল ব্যক্তিক প্ৰদান কৰা হয়। ৮০ বছৰৰ ওপৰৰ : প্ৰতিমাহে ৫০০ টকা
  4. ৰাষ্ট্ৰীয় পৰিয়াল সুবিধা আঁচনি (এন এফ বি এছ) বি পি এল পৰিয়ালৰ উপাৰ্জনকাৰী সদস্য (১৮ৰ পৰা ৫৯ বছৰ) যদি মৃত্যু হয় তেন্তে পৰিয়ালটোক ২০ হাজাৰ টকা এককালীন সাহায্য প্ৰদান কৰা হয়।
  5. অন্নপূৰ্ণা যোজনা : IGNOAPS ৰ বাবে যোগ্য কিন্তু পেঞ্চন নোপোৱা বৃদ্ধসকলক প্ৰতিমাহে ১০ কেজি বিনামূলীয়া শস্য প্ৰদান কৰা হয়।

 

 

বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে অভিষেকৰ এনে অভিলেখ, পিছ পৰিল সূৰ্য-ৰোহিত সকলো
ৰাতি ভুলতো নাখাব কফি, হ’ব পাৰে এই ভয়ংকৰ সমস্যা!
অৰ্শৰোগ আছে নেকি? তেন্তে কিছুমান খাদ্য খোৱাৰ পূৰ্বে সাৱধান!
উচ্চ ৰক্তচাপ থকা ৰোগীয়ে কি কি খাদ্য খাব নালাগে? নিয়ন্ত্ৰণৰ সহজ টিপছ...