এটা কণী কিনিবলৈও এতিয়া চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ মানুহে, এই অস্বাভাৱিক মূল্যবৃদ্ধি কিয়?

ভাৰতৰ বিভিন্ন প্ৰান্ত কণীৰ দাম ব্যাপকভাৱে বৃদ্ধি পাইছে। সাধাৰণতে ৫ ৰ পৰা ৬ টকা দৰ কিনা এটা কণীৰ মূল্য এতিয়া ৯ ৰ পৰা ১০ টকা পৰ্যন্ত হৈছেগৈ। এই মূল্যবৃদ্ধিৰ কাৰণ হৈছে শীতকালত প্ৰ'টিন সমৃদ্ধ খাদ্যৰ চাহিদা বৃদ্ধি আৰু যোগানৰ তাৰতম্য।

এটা কণী কিনিবলৈও এতিয়া চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ মানুহে, এই অস্বাভাৱিক মূল্যবৃদ্ধি কিয়?

কণীৰ মূল্যবৃদ্ধি

Published: 

29 Dec 2025 | 06:32 PM

মূল্যবৃদ্ধিয়ে বিভিন্ন সময়ত জুৰুলা কৰি আহিছে দেশৰ মধ্য়বিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকক। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো দূৰৰে কথা মূল্যবৃদ্ধিৰ বাবে বিভিন্ন সময়ত সাধাৰণ এসাঁজ খাদ্য যোগাৰ কৰাটোও চিন্তাৰ বিষয় হৈ পৰে বহুতৰ বাবে। মাছ-মাংসৰ বৰ্ধিত দামৰ বাবে সাধাৰণ শ্ৰেণীৰ মানুহে কণীকেই বিকল্প হিচাপে বাচি লয়। কিন্তু এতিয়া কণীৰ ব্যাপক মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে চিন্তাত পেলাইছে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীক।

ভাৰতৰ বিভিন্ন প্ৰান্ত কণীৰ দাম ব্যাপকভাৱে বৃদ্ধি পাইছে। সাধাৰণতে ৫ ৰ পৰা ৬ টকা দৰ কিনা এটা কণীৰ মূল্য এতিয়া ৯ ৰ পৰা ১০ টকা পৰ্যন্ত হৈছেগৈ। এই মূল্যবৃদ্ধিৰ কাৰণ হৈছে শীতকালত প্ৰ’টিন সমৃদ্ধ খাদ্যৰ চাহিদা বৃদ্ধি আৰু যোগানৰ তাৰতম্য। ২৫ ডিচেম্বৰত ইণ্ডিয়া টুডেই প্ৰকাশ কৰা এটা প্ৰবন্ধত কোৱা হৈছে যে আগষ্ট আৰু ছেপ্টেম্বৰৰ তুলনাত কণীৰ বজাৰ মূল্য ২৫ৰ পৰা ৫০ শতাংশ বৃদ্ধি পাইছে।

নতুন দিল্লীত কণীৰ দাম গোটে ১০ টকা পৰ্যন্ত হোৱাৰ বিপৰীতে হায়দৰাবাদ আৰু মুম্বাইত কণীৰ দাম প্ৰায় ৮ টকা। চেন্নাইত অৱশ্যে দাম কিছু কম। গুৱাহাটীটো এটা কণী প্ৰায় ৮ ৰ পৰা ৯ টকা দৰত কিনিবলগীয়া হৈছে ৰাইজে। অনলাইন প্লেটফৰ্মত হোম ডেলিভাৰীও অধিক ব্যয়বহুল হৈ পৰিছে, কিয়নো চাহিদা বৃদ্ধি আৰু যোগান সীমিত হোৱাৰ বাবে মূল্য বৃদ্ধি পাইছে কণীৰ।

যোগান আৰু পাইকাৰী হাৰ

নেশ্যনেল এগ্ কৰ্ডিনেশ্যন কমিটী (NECC) ৰ তথ্য অনুসৰি আগষ্টৰ পৰাই ফাৰ্মৰ পৰা পোনপটীয়াকৈ গ্ৰাহকলৈ প্ৰেৰণ কৰালৈকে কণীৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। টিয়াৰ-১ চহৰত ১০০টা কণীৰ মূল্য ৫৫০ টকাৰ পৰা ৭০০ টকালৈ বৃদ্ধি পাইছে। তামিলনাডুৰ নামককাল আৰু কৰ্ণাটকৰ হোস্পেটৰ দৰে স্থানত এতিয়াও প্ৰতি ১০০টা কণীৰ পাইকাৰী হাৰ প্ৰায় ৬৪০-৬৪৫টকা।

চাহিদা বৃদ্ধিৰ প্ৰভাৱ

উত্তৰ প্ৰদেশত দৈনিক প্ৰায় ৫.৫ৰ পৰা ৬ কোটি কণী ব্যৱহাৰ হয়। এই বৃহৎ চাহিদা পূৰণৰ বাবে আন ৰাজ্যৰ পৰা প্ৰায় ৪ কোটি কণী আমদানি কৰা হয়। চাহিদা ইমানেই বেছি যে ইয়াৰ ফলত মূল্যৰ ওপৰত অহৰহ হেঁচা পৰিছে।

যোগান-পক্ষৰ প্ৰত্যাহ্বান

কণীৰ দাম কেৱল চাহিদাৰ দ্বাৰা পৰিচালিত নহয়। পৰিবহণৰ খৰচ, উৎপাদনৰ বাধা, চৰাইৰ ৰোগৰ বিস্তাৰেও দাম বৃদ্ধি কৰি তুলিছে। অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুৰ হাঁহ-কুকুৰা পামত ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত মহাৰাষ্ট্ৰত যোগানত প্ৰভাৱ পৰিছে। ইফালে, শীতকালত ব্যৱহাৰ বৃদ্ধিয়েও চাহিদা বৃদ্ধি কৰে।

উৎপাদন ব্যয় বৃদ্ধি

চয়াবীন আৰু গোমধানৰ দৰে হাঁহ-কুকুৰাৰ খাদ্যৰ মূল্য প্ৰতি বছৰে বৃদ্ধি পাইছে। ইয়াৰ ফলত ক্ষুদ্ৰ কুকুৰা পালন বন্ধ হৈ পৰিছে, যাৰ ফলত উৎপাদন হ্ৰাস পাইছে। কিন্তু ভাৰতত কণীৰ দাম বিশ্বৰ মানদণ্ডতকৈ যথেষ্ট কম হৈয়েই আছে। আমেৰিকা, ব্ৰিটেইন, আৰু জাৰ্মানীত এটা কণীৰ দাম ৩০-৪০ টকাৰ ভিতৰত। এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতৰ তুলনাত কেৱল পাকিস্তান আৰু বাংলাদেশত কণী দাম সমপৰ্যায়ত আছে।

পৰিৱৰ্তিত বতৰৰ প্ৰভাৱ

দক্ষিণ ভাৰতৰ বৰষুণে গোমধানৰ খেতিৰ ক্ষতিসাধন হোৱাৰ ফলত হাঁহ-কুকুৰাৰ খাদ্যৰ মূল্য বৃদ্ধি পায়। ইফালে, ভেঁকুৰৰ সংক্ৰমণৰ ফলত সমগ্ৰ দেশতে কণীৰ যোগান ৭-১০% হ্ৰাস পাইছে, যাৰ ফলত সাধাৰণ গ্ৰাহকৰ বাবে কণীৰ দাম প্ৰত্যাহ্বানজনক হৈ পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...