লোণ লোৱাৰ পৰিকল্পনা কৰিছে নেকি? সাৱধান, এনে ভুল কৰিলেই জীৱনলৈ নামিব বিপদ

ঋণ লোৱাৰ ক্ষেত্ৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰা উচিত। সামান্য অসাৱধানতায়ো আপোনাক বৃহৎ ঋণৰ ফান্দত পেলাব পাৰে। গতিকে ঋণৰ বাবে আবেদন কৰাৰ সময়ত কিছুমান ভুল কৰাৰ পৰা বিৰত থাকিব লাগে।

লোণ লোৱাৰ পৰিকল্পনা কৰিছে নেকি? সাৱধান, এনে ভুল কৰিলেই জীৱনলৈ নামিব বিপদ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

31 Aug 2025 | 02:08 PM

বৰ্তমান সময়ত নিতান্ত প্ৰয়োজনীয় কাৰণত অধিকাংশ লোকেই ঋণ লয়। বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ লগতে এতিয়া কিছুমান মোবাইল এপৰ পৰাও ঋণ লোৱাৰ সুবিধা উপলব্ধ। সাধাৰণতে ব্যক্তিগত ঋণ লোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাগজ-পত্ৰৰ হেঁচা কম। সেয়ে ক্ষণিকৰ ভিতৰতে ব্যক্তিগত ঋণ লোৱা সম্ভৱপৰ। তদুপৰি আকৰ্ষণীয় সুতৰ হাৰত বিত্তীয় প্ৰতিষ্ঠানসমূহে প্ৰি-এপ্ৰুভেল অফাৰো আগবঢ়ায়। এইদৰে এতিয়া ঋণ লোৱাটো পূৰ্বৰ তুলনাত যথেষ্ট সহজ হৈ পৰিছে।

পিছে ঋণ লোৱাৰ ক্ষেত্ৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰা উচিত। সামান্য অসাৱধানতায়ো আপোনাক বৃহৎ ঋণৰ ফান্দত পেলাব পাৰে। গতিকে ঋণৰ বাবে আবেদন কৰাৰ সময়ত কিছুমান ভুল কৰাৰ পৰা বিৰত থাকিব লাগে। বহু লোকে ভিন্ন প্ৰয়োজন অনুসাৰে মোটা অংকৰ ঋণ লয়। ইয়াৰ ফলত ই এম আইৰ হেঁচা বৃদ্ধি পায়।

গতিকে ঋণ লোৱাৰ সময়ত প্ৰতিমাহে কিমান টকা ঘূৰাই দিব পাৰিব, সেয়া প্ৰথমে হিচাপ কৰক। লগতে আপোনাৰ মাহিলী আয়ৰ পৰা খৰচ কৰ্তন কৰাৰ পিছত কিমান ধন বাকী থাকে, তাৰ প্ৰতিও লক্ষ্য ৰাখক। সেই হিচাপ কৰিহে প্ৰয়োজন অনুসাৰে সঠিক মাত্ৰাত লোন লওক।

ঋণৰ নথিত ​​সুত, প্ৰচেছিং মাচুল, প্ৰি-ক্লজাৰ চাৰ্জ ইত্যাদি সকলো বিৱৰণ লিখা থাকে। গতিকে চহী কৰাৰ পূৰ্বে সকলো ভালদৰে পঢ়ি লওক। যদি আপুনি বুজি পোৱাত অসুবিধা পায়, ঋণ দিয়া প্ৰতিষ্ঠানটোৰ কোনো কৰ্মচাৰীৰ পৰা ভালদৰে বুজি ল’ব।

একাধিক বেংক আৰু নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠান বা NBFC- এ ব্যক্তিগত ঋণ আগবঢ়ায়। লগে লগে ঋণ গ্ৰহণৰ বিপৰীতে আন কোম্পানীৰ ঋণৰ সুতৰ হাৰ, প্ৰচেছিং মাচুল আদি তুলনা কৰি উপযুক্ত ঋণ লওক। আপোনাৰ ক্ৰেডিট ৰিপৰ্টত পূৰ্বৰ সকলো ঋণৰ বিষয়ে তথ্য থাকে। গতিকে বেংক বা NBFCৰ লগত আলোচনা কৰাৰ সময়ত এই তথ্য লুকুৱাই ৰখা উচিত নহয়।

পূৰ্বৰ ঋণৰ তথ্য লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিলে ঋণদাতাই সন্দেহৰ বাবে আবেদন নাকচ পৰ্যন্ত কৰিব পাৰে। নিতান্তই প্ৰয়োজনীয় নহ’লে কেৱল চখ পূৰণৰ বাবেই ঋণ লোৱাৰ পৰা বিৰত থকা উচিত। যদিও ব্যক্তিগত ঋণ সহজে পোৱা যায়, তথাপি ভালদৰে বিবেচনা কৰি আগনাবাঢ়িলে আপুনি ফান্দতহে পৰিব পাৰে। সঠিক বিচাৰ বিবেচনা তথা সিদ্ধান্তই আপোনাক অবাঞ্চিত বিপদৰ পৰা ৰক্ষা কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...