বন্দে ভাৰতত Pantry Car নাই, তেন্তে যাত্ৰীসকলে কেনেকৈ গৰম খাদ্য খাবলৈ পায়?

Indian Railways: বৰ্তমান সমগ্ৰ দেশতে ৭৫ খনতকৈও অধিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল চলি আছে। বন্দে ভাৰতত যাত্ৰা কৰিলে নিৰ্দিষ্ট সময়ত গৰম খাদ্য পোৱা যায়। অৱশ্যে আপুনি জানি আচৰিত হ’ব যে বন্দে ভাৰত এক্সপ্ৰেছত পেণ্ট্ৰি কাৰ নাই। গতিকে ইমানবোৰ যাত্ৰীৰ খাদ্য ক’ৰ পৰা আহে?

বন্দে ভাৰতত Pantry Car নাই, তেন্তে যাত্ৰীসকলে কেনেকৈ গৰম খাদ্য খাবলৈ পায়?

Vande Bharat Food (1)

Published: 

30 Sep 2025 | 03:32 PM

আৰামদায়ক ৰে’লৰ কথা আহিলে আগতে সকলোৰে মনলৈ ৰাজধানী এক্সপ্ৰেছ আৰু শতাব্দী এক্সপ্ৰেছৰ নাম আহিছিল। কিন্তু এতিয়া প্ৰথম স্থান লাভ কৰিছে বন্দে ভাৰত এক্সপ্ৰেছে। এই ছেমি হাই স্পীড ৰে’লখন ৰাজধানী-শতব্দীতকৈ কম নহয়। বন্দে ভাৰতৰ যাত্ৰা আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ৰে’লখন আৰম্ভণিৰে পৰাই চৰ্চাত আছে। যাত্ৰীৰ চাহিদাৰ বাবে একাধিক নতুন পথত বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল চলাচল কৰে। কিন্তু এই বন্দে ভাৰতৰ খাদ্য ক’ৰ পৰা আহে জানেনে?

বৰ্তমান সমগ্ৰ দেশতে ৭৫ খনতকৈও অধিক বণ্ডে ভাৰত এক্সপ্ৰেছ ৰে’ল চলি আছে। বন্দে ভাৰতত যাত্ৰা কৰিলে নিৰ্দিষ্ট সময়ত গৰম খাদ্য পোৱা যায়। অৱশ্যে আপুনি জানি আচৰিত হ’ব যে বন্দে ভাৰত এক্সপ্ৰেছত পেণ্ট্ৰি কাৰ নাই। ৰে’লখনৰ তিনিটা কনফিগাৰেচন আছে – ৮টা কোচ, ১৬টা কোচ আৰু ২০টা কোচ। গতিকে ইমানবোৰ যাত্ৰীৰ খাদ্য ক’ৰ পৰা আহে?

দৰাচলতে বন্দে ভাৰত এক্সপ্ৰেছৰ কেইবাটাও ডবাত মিনি পেণ্ট্ৰি আছে, যিয়ে গোটেই ৰে’লখনত খাদ্য পৰিবেশন কৰে। মিনি পেণ্ট্ৰি হৈছে সৰু সৰু চাৰ্ভিচ এৰিয়া য’ত হট কেচ, ডিপ ফ্ৰায়াৰ, ডিপ ফ্ৰীজাৰ আৰু হট ওৱাটাৰ বয়লাৰ থাকে। এইবোৰৰ সহায়ত গৰম খাদ্য, চাহ, কফি আৰু জলপান পৰিবেশন কৰা হয়।

আই আৰ চি টি চিৰ পাকঘৰত খাদ্য প্ৰস্তুত কৰা হয়। ৰে’লৰ নিৰ্দিষ্ট ষ্টেচনৰ পৰা খাদ্যখিনি তুলি লোৱা হয়। যিহেতু খাদ্য প্ৰস্তুত আৰু পৰিবেশনৰ মাজত সময়ৰ ব্যৱধান থাকে, গতিকে খাদ্যখিনি মিনি পেণ্ট্ৰিত গৰম কৰি যাত্ৰীসকলক পৰিবেশন কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...