Indian Railways: ৰে’ল যাত্ৰীক হালাল খাদ্য পৰিবেশন কৰে নেকি? RTI ৰ উত্তৰ দিলে ৰে’লৱেই

Indian Railways: অভিযোগ উঠিছিল যে ভাৰতীয় ৰে'লৱেই নন-ভেজ কাউণ্টাৰত কেৱল হালাল মাংসহে পৰিবেশন কৰে। এয়া মানৱ অধিকাৰ উলংঘা আৰু অনৈতিকভাৱে বৈষম্যৰ সৃষ্টি কৰা হৈছে। Right to Information অধীনত ইয়াৰ উত্তৰ বিচৰা হৈছিল।

Indian Railways: ৰেল যাত্ৰীক হালাল খাদ্য পৰিবেশন কৰে নেকি? RTI ৰ উত্তৰ দিলে ৰেলৱেই
Updated On: 

29 Nov 2025 | 03:18 PM

ভাৰতীয় ৰে’লৱেত যাত্ৰীক খাদ্য পৰিবেশন কৰা হয়। বহু ৰে’লত পেণ্ট্ৰি কাৰ থাকে। তাত যাত্ৰীসকলৰ বাবে আমিষ আৰু নিৰামিষ দুয়ো ধৰণৰ খাদ্য থাকে। কিন্তু আমিষ খাদ্য় পৰিৱেশন কৰিলে তাত হালাল মাংসহে ব্যৱহাৰ কৰে নেকি? এই প্ৰশ্নটো শেহতীয়াকৈ উত্থাপন কৰা হৈছে। যাৰ বাবে ৰে’লৱে ব’ৰ্ডক স্পষ্টীকৰণ বিচাৰিছিল। এতিয়া ৰেলৱে ব’ৰ্ডে ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অভিযোগ কৰা হৈছিল যে ভাৰতীয় ৰেলৱেই (Indian Railways) নন-ভেজ কাউণ্টাৰত কেৱল হালাল প্ৰচেছড মাংসহে পৰিবেশন কৰে। এয়া মানৱ অধিকাৰৰ উলংঘা আৰু অনৈতিকভাৱে বৈষম্যৰ সৃষ্টি কৰা হৈছে। Right to Information অধীনত ইয়াৰ উত্তৰ বিচৰা হৈছিল।

এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই ৰে’লৱে ব’ৰ্ডে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক জনাইছে যে ৰে’লত হালাল খাদ্য পৰিবেশনৰ কোনো ব্যৱস্থা বা নিয়ম নাই।

প্ৰসংগক্ৰমে শেহতীয়াকৈ ভাৰতীয় ৰে’লৱেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত এজাহাৰ দাখিল কৰিছিল। অভিযোগত উল্লেখ কৰা হৈছে যে ৰে’লত আমিষ বিকল্প বাছি লোৱা যাত্ৰীসকলক কেৱল হালাল প্ৰচেছড মাংসহে পৰিবেশন কৰা হৈছিল। ইয়াৰ পিছতে মানৱ অধিকাৰ আয়োগে ৰে’লৱে ব’ৰ্ডলৈ জাননী প্ৰেৰণ কৰে।

ৰে’লৱেৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে ভাৰতীয় ৰে’লৱে আৰু আই আৰ চি টি চিয়ে যাত্ৰীসকলক খাদ্য পৰিবেশন কৰাৰ সময়ত খাদ্যৰ সুৰক্ষা আৰু গুণগত মান বজাই ৰাখে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে খাদ্য । FSSAI ৰ গাইডলাইনত হালাল প্ৰমাণিত খাদ্য পৰিবেশনৰ কোনো নিয়ম নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...