৩৬ ঘণ্টাৰ মূৰে মূৰে অৰ্ডাৰ, কণ্ডম ক্ৰয় কৰি অভিলেখ গঢ়িলে এইজন যুৱকে…

এই মানুহজনে প্ৰতি ৩৬ ঘণ্টাৰ মূৰে মূৰে অৰ্ডাৰ দিছিল কণ্ডম। লক্ষণীয়ভাৱে, তেওঁ গোটেই বছৰটোত কণ্ডমৰ বাবে এক লাখ টকাৰ ওপৰত খৰচ কৰিছিল।

৩৬ ঘণ্টাৰ মূৰে মূৰে অৰ্ডাৰ, কণ্ডম ক্ৰয় কৰি অভিলেখ গঢ়িলে এইজন যুৱকে...
Published: 

23 Dec 2025 | 01:59 PM

বৰ্তমান সময়ত প্ৰতিটো সামগ্ৰী হোম ডেলিভাৰী কৰা হয়। শেহতীয়াকৈ এটা খবৰে ব্যাপক চৰ্চা লাভ কৰিছে। এক প্ৰতিবেদন অনুসৰি চেন্নাইৰ এজন লোকে কণ্ডম ক্ৰয়ৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। হয় এই মানুহজনে প্ৰতি ৩৬ ঘণ্টাৰ মূৰে মূৰে অৰ্ডাৰ দিছিল কণ্ডম। লক্ষণীয়ভাৱে, তেওঁ গোটেই বছৰটোত কণ্ডমৰ বাবে এক লাখ টকাৰ ওপৰত খৰচ কৰিছিল।

ইনষ্টামাৰ্টৰ বাৰ্ষিক প্ৰতিবেদন “হাউ ইণ্ডিয়া ইনষ্টামাৰ্ট ২০২৫” অনুসৰি চেন্নাইৰ এজন লোকে ৰেকৰ্ড ঘঢ়িবলৈ সক্ষম হৈছে। এই লোকজনে এই বছৰ ইনষ্টামাৰ্টৰ পৰা কণ্ডম ক্ৰয়ৰ অভিলেখ গঢ়িছিল। প্ৰতিবেদন অনুসৰি, এইজন ব্যক্তিয়ে ২০২৫ চনত ২২৮টা ভিন্ন ধৰণৰ কণ্ডম অৰ্ডাৰ কৰিছিল, যাৰ মূল্য আছিল ১,০৬,৩৯৮ টকা। বিগত বছৰ কণ্ডমৰ বাবে সৰ্বাধিক ব্যয় কৰিছিল বেংগালুৰুৰ এজন বাসিন্দাই। এই চেন্নাইৰ লোকজনে প্ৰায় প্ৰতি ৩৬ ঘণ্টাৰ মূৰে মূৰে ২২৮টা কণ্ডম অৰ্ডাৰ দিছিল।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে, ইনষ্টামাৰ্টত প্ৰতি ১২৭ টা অৰ্ডাৰৰ ভিতৰত ১টা অৰ্ডাৰত কণ্ডম অন্তৰ্ভুক্ত কৰা হৈছে আৰু ছেপ্টেম্বৰ মাহত কণ্ডম ক্ৰয়ৰ হাৰ ২৪ শতাংশ বৃদ্ধি পাইছে, যিটো মাহিলী সৰ্বাধিক বৃদ্ধি। প্ৰতিবেদনত জানুৱাৰীৰ পৰা নৱেম্বৰৰ ভিতৰত ১২৮খনতকৈও অধিক চহৰত দিয়া লাখ লাখ অৰ্ডাৰৰ বিশ্লেষণ কৰা হৈছে।

ইনষ্টামাৰ্টৰ প্ৰতিবেদনত দেখা গৈছে যে,মুম্বাইৰ এজন গ্ৰাহকে ১৫.১৬ লাখ টকাৰ সোণ ক্ৰয় কৰিছিল, হায়দৰাবাদৰ এজন বাসিন্দাই এবাৰতে ৪.৩ লাখ টকাৰ আইফোন অৰ্ডাৰ কৰিছিল আৰু বেংগালুৰুৰ এজন স্থানীয় গ্ৰাহকে ডেলিভাৰী টিপ হিচাপে ৬৮,৬০০ টকা দি সৰ্বাধিক টিপৰ বাবে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। ২০২৫ চনৰ ইনষ্টামাৰ্টৰ সৰ্বাধিক খৰচ কৰা গ্ৰাহকে ২২ টা iPhone-17, সোণৰ মুদ্ৰা আৰু কণী অৰ্ডাৰ কৰিছিল, যাৰ মূল্য আছিল ২২ লাখ টকাতকৈ অধিক।

ইয়াৰ প্ৰতিবেদনত প্লেটফৰ্মটোৱে এইটোও প্ৰকাশ কৰিছে যে, ইয়াৰ সৰ্বাধিক খৰচ কৰা গ্ৰাহকে ২২টা আইফোন ১৭, ২৪ কেৰেটৰ সোণৰ মুদ্ৰা, আৰু দৈনিক ব্যৱহাৰ কৰা গাখীৰ, ফল-মূল, কণীৰ দৰে সামগ্ৰীৰ বাবে ২২ লাখ টকাতকৈ অধিক খৰচ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...