Rail Ticket Booking: ৰে’লৰ টিকট বুকিঙৰ নিয়ম সলনি, এই কাম কৰাটো বাধ্যতামূলক…

নতুন নিয়ম অনুসৰি, টিকট বুকিঙৰ প্ৰথম দিনাই পুৱা ৮ বজাৰ পৰা পুৱা ১০ বজালৈ সেইসকল ব্যৱহাৰকাৰীয়েহে ৰিজাৰ্ভেচন টিকট বুকিং কৰিব পাৰিব যাৰ আধাৰত আই আৰ চি টি চি একাউণ্ট আধাৰৰ সৈতে ভেৰিফাইড হ'ব। এই নিয়ম ২০২৫ চনৰ ২৮ অক্টোবৰৰ পৰা কাৰ্যকৰী কৰা হৈছে।কিন্তু পি আৰ এছৰ কাউণ্টাৰত টিকট বুকিং কৰাৰ সময়ত কোনো পৰিৱৰ্তন হোৱা নাই।

Rail Ticket Booking: ৰে’লৰ টিকট বুকিঙৰ নিয়ম সলনি, এই কাম কৰাটো বাধ্যতামূলক...

Changes In Ticket Booking Railways

Published: 

08 Nov 2025 | 11:12 PM

অনলাইনযোগে ৰে’লৰ টিকট বুকিং কৰাসকলৰ বাবে এতিয়াৰে পৰা কাৰ্যকৰী হৈছে এক নতুন নিয়ম। পুৱা অনলাইন টিকট বুকিঙৰ বাবে আধাৰ পৰীক্ষণ বাধ্যতামূলক কৰিছে ভাৰতীয় ৰে’লৱেই। আই আৰ চি টি চিৰ ৱেবছাইট বা মোবাইল এপৰ জৰিয়তে টিকট বুকিং কৰাৰ সময়ত এই পৰীক্ষণ কৰিব লাগিব। ৰে’ল মন্ত্ৰালয়ৰ মতে, এই সিদ্ধান্তৰ লক্ষ্য হৈছে টিকট বুকিং ব্যৱস্থাত স্বচ্ছতা অনা আৰু দালাল বা বল্ক বুকিঙৰ প্ৰভাৱ ৰোধ কৰা। বিষয়াসকলে কয় যে প্ৰকৃত যাত্ৰীসকলৰ লাভৰ বাবে আৰু প্ৰৱঞ্চনামূলক টিকট বুকিং ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ।

নতুন নিয়ম অনুসৰি, টিকট বুকিঙৰ প্ৰথম দিনাই পুৱা ৮ বজাৰ পৰা পুৱা ১০ বজালৈ সেইসকল ব্যৱহাৰকাৰীয়েহে ৰিজাৰ্ভেচন টিকট বুকিং কৰিব পাৰিব যাৰ আধাৰত আই আৰ চি টি চি একাউণ্ট আধাৰৰ সৈতে ভেৰিফাইড হ’ব। এই নিয়ম ২০২৫ চনৰ ২৮ অক্টোবৰৰ পৰা কাৰ্যকৰী কৰা হৈছে।কিন্তু পি আৰ এছৰ কাউণ্টাৰত টিকট বুকিং কৰাৰ সময়ত কোনো পৰিৱৰ্তন হোৱা নাই। অৱশ্যে বল্ক বুকিং ৰোধ কৰিবলৈ অনুমোদিত এজেণ্টৰ বুকিং নিষেধাজ্ঞা টিকট বিক্ৰীৰ প্ৰথম ১০ মিনিটৰ বাবে অব্যাহত থাকিব। ইয়াৰ পূৰ্বে ৰে’লৱেই তৎকালৰ টিকট বুকিঙৰ প্ৰথম ৩০ মিনিটৰ বাবে আধাৰ পৰীক্ষণ বাধ্যতামূলক কৰিছিল। এই ব্যৱস্থাসমূহৰ লক্ষ্য হৈছে ন্যায্য আৰু স্বচ্ছ টিকট বুকিং নিশ্চিত কৰা।

IRCTC ত আধাৰ কেনেকৈ Verify কৰিব

যাত্ৰীসকলে নিজৰ আধাৰক আই আৰ চি টি চি একাউণ্টৰ সৈতে সংযোগ কৰিবলৈ এই সহজ পদক্ষেপসমূহ পালন কৰিব লাগিব।

  • www.irctc.co.in লৈ গৈ আপোনাৰ একাউণ্ট খোলক।
  • My Accountত গৈ Authenticate User ত ক্লিক কৰক।
  • আপোনাৰ আধাৰ নম্বৰ দিয়ক আৰু আপোনাৰ নাম, জন্ম তাৰিখ, আৰু লিংগ পৰীক্ষা কৰক। যিকোনো ভুল তথ্য শুধৰণি কৰক।
  • Verify Details and Receive OTP নিৰ্বাচন কৰক। আপোনাৰ আধাৰ লিংক কৰা মোবাইল নম্বৰত এটা অ’টিপি প্ৰেৰণ কৰা হ’ব।
  • OTP দিয়ক, অনুমতি প্ৰদান কৰক, আৰু জমা দিয়ক।
  • এবাৰ সত্যাপন সম্পূৰ্ণ হ’লে, আপোনাৰ স্ক্ৰীণৰ আধাৰ সফলভাৱে প্ৰমাণীকৰণ কৰা হৈছে বুলি নিশ্চিতকৰণ বাৰ্তা পাব।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...