নগদ লেনদেনৰ সময়ত হওক সাৱধান! আপোনালৈও আহিব পাৰে আয়কৰ বিভাগৰ জাননী..

দেশৰ চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো এতিয়া অনলাইন লেনদেন অনলাইন লেনদেন ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ চৰকাৰে নগদ ধনৰ লেনদেন হ্ৰাস কৰাৰ বাবে বিভিন্ন প্ৰকাৰে চেষ্টা চলাই আহিছে। ফলত দেশৰ বহু ক্ষেত্ৰত নগদ ধনৰ লেনদেন আয়কৰ বিভাগ বা জি এছ টি বিভাগৰ তদাৰকীত থাকে।

নগদ লেনদেনৰ সময়ত হওক সাৱধান! আপোনালৈও আহিব পাৰে আয়কৰ বিভাগৰ জাননী..

নগদ ধনৰ লেনদেনৰ এনে নিয়মৰ বিষয়ে জানেনে?

Published: 

16 Jun 2025 | 01:46 PM

চৰকাৰৰ ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী আৰু ইণ্টাৰনেটৰ সহজলভ্যতাৰ ফলস্বৰূপে এতিয়া সকলো প্ৰায় দিশতে অনলাইন প্ৰক্ৰিয়াৰ প্ৰসাৰ ঘটিছে। দেশৰ চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো এতিয়া অনলাইন লেনদেন অনলাইন লেনদেন ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ চৰকাৰে নগদ ধনৰ লেনদেন হ্ৰাস কৰাৰ বাবে বিভিন্ন প্ৰকাৰে চেষ্টা চলাই আহিছে। ফলত দেশৰ বহু ক্ষেত্ৰত নগদ ধনৰ লেনদেন আয়কৰ বিভাগ বা জি এছ টি বিভাগৰ তদাৰকীত থাকে।

ইতিমধ্যে চৰকাৰে নগদ ধনৰ লেনদেনৰ বাবে নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰিছে। চেভিংছ একাউণ্টৰ বাবে এই সীমা বছৰি ১০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। একাউণ্টৰ পৰা এই পৰিমাণতকৈও অধিক ধন জমা বা উলিয়াব পাৰিব। কিন্তু তেনে ক্ষেত্ৰত বিভিন্ন নথি-পত্ৰৰ প্ৰয়োজন হ’ব পাৰে। এই নথি-পত্ৰসমূহ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পাৰি। যদি লেন-দেনৰ ক্ষেত্ৰত কোনো প্ৰমাণ নাথাকে, আয়কৰ বিভাগৰ পৰা জাননী আহিব পাৰে আৰু জৰিমনাও আৰোপ কৰা হ’ব পাৰে। অৱশ্যে সকলো প্ৰমাণ থাকিলেও নিৰ্দিষ্ট ধনৰাশিৰ ওপৰত চৰকাৰে TDS (Tax Deducted At Source) কৰ্তন কৰিব।

সময়মতে আয়কৰ জমা কৰিলে কৰৰ পৰিমাণ বহুগুণে হ্ৰাস পায়। সময়মতে আয়কৰ পৰিশোধ কৰিলে যদি মাত্ৰ ২০ হাজাৰ টকা দিব লাগে, সেই একেই আয়কৰ পিছে সময়সীমাতে আয়কৰ জমা নকৰিলে ২ লাখ টকাপৰ্যন্ত বৃদ্ধি পাব পাৰে। ধনৰ বাৰ্ষিক লেনদেনৰ ১০ লাখৰ সীমাতো কেইবাটাও বাধ্যবাধকতা আছে। ইয়াৰে প্ৰথমটো হ’ল একে সময়তে আপুনি ২ লাখতকৈ অধিক টকা জমা কৰিব নোৱাৰিব।

যদি আপুনি এই পৰিমাণতকৈ অধিক ধন জমা কৰে, তেতিয়া আপুনি প্ৰয়োজনীয় নথি-পত্ৰ প্ৰমাণ হিচাপে দিব লাগিব। আকৌ যদি এই ধন ৰিয়েল এষ্টেটৰ দৰে খণ্ডৰ পৰা আহে, তেতিয়া সেই ধনৰাশি এটা সময়ত ২০ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে। যদি আপুনি এই ধনৰাশিতকৈ অধিক পৰিমাণে জমা কৰে, তেতিয়া আপুনি প্ৰয়োজনীয় নথি-পত্ৰ দিব লাগিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...