Income Tax: পত্নীৰ একাউণ্টত ধন জমা কৰি আয়কৰ ৰাহি কৰিব পাৰিনে? এই ক্ষেত্ৰত আয়কৰ নিয়ম জানক
এজন মানুহে আয়কৰ ৰাহি কৰিবলৈ নিজৰ আয়ৰ এটা অংশ পত্নীৰ বেংক একাউণ্টত জমা কৰি দিয়ে। সেই ক্ষেত্ৰত কি হ’ব? আয়কৰ কি নিয়ম আছে জানক।

বহুতে আয়কৰ ৰাহি কৰিবলৈ পত্নীৰ সহায় লয়। ধৰি লওক এজন মানুহে আয়কৰ ৰাহি কৰিবলৈ নিজৰ আয়ৰ এটা অংশ পত্নীৰ বেংক একাউণ্টত জমা কৰি দিয়ে। সেই ক্ষেত্ৰত কি হ’ব? পত্নীৰ একাউণ্টত জমা হোৱা ধন যদি ফিক্সড ডিপ’জিট, শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা হয় তেন্তে তাৰ পৰা পোৱা ধন কৰযোগ্য বুলি গণ্য কৰা হ’ব। এতিয়া প্ৰশ্ন হয় এই কৰ কোনে দিব, স্বামী নে পত্নী?
আয়কৰ আইনত কোৱা হৈছে যে, এই ক্ষেত্ৰত এই আয় স্বামীৰ আয়ৰ লগত যোগ কৰা হ’ব আৰু তাৰ ওপৰত কৰ হিচাপ কৰা হ’ব। যিহেতু পত্নীৰ কোনো সুকীয়া আয় নাই, গতিকে পত্নীৰ নামত কোনো আয়কৰ পৃথকে আৰোপ কৰা নহ’ব। ফলত কোনোবাই যদি এনেদৰে আয়কৰ ৰাহি কৰিব বিচাৰে তেন্তে সেয়া সম্ভৱ নহয়।
কিন্তু যদি পত্নীক স্বামীৰ কোম্পানীত কাম কৰা বুলি দেখুওৱা হয় আৰু সেই কোম্পানীত কাম কৰাৰ ফলস্বৰূপে তেওঁক দৰমহা দিয়া হয়, তেন্তে আয়কৰ বিভাগৰ বাবে সেয়া গ্ৰহণযোগ্য। কিন্তু তেনে ক্ষেত্ৰত কোম্পানীত প্ৰযোজ্য নিয়ম অনুসৰি পত্নীক দৰমহা দিব লাগিব। কোনো কাগজ-পত্ৰ অবিহনে পত্নীক অতিৰিক্ত ধন দিব নোৱাৰিব।
ইয়াৰ বাহিৰেও আন এটা বিষয়ও আছে। যদি পত্নীয়ে ঘৰৰ খৰচ সঞ্চয় কৰি সেই অতিৰিক্ত ধনেৰে বিনিয়োগ কৰে, তেন্তে সেয়া পত্নীৰ উপাৰ্জন হিচাপে গণ্য কৰা হয়। কিন্তু যদি ঘৰৰ খৰছ ৫ হাজাৰ টকা আৰু অতিৰিক্ত টকা ২০ হাজাৰ টকা হয়, তেন্তে সেই ধন বিনিয়োগ কৰাৰ পিছত তাৰ পৰা পোৱা আয় কেতিয়াও পত্নীৰ আয় বুলি গণ্য কৰা নহ’ব। কাৰণ, ঘৰুৱা খৰচৰ পৰা ৰাহি হোৱা ধন ঘৰৰ খৰচৰ আৰ্থিক পৰিমাণতকৈ নিশ্চিতভাৱে কম হয়।
পত্নীৰ ধন-সম্পত্তিৰ পৰা উপাৰ্জন কৰা ধনক পুনৰ পত্নীৰ সামৰ্থ্য হিচাপে গণ্য কৰা হয়। কিন্তু স্বামীৰ পৰা পোৱা উপহাৰক পত্নীৰ ধন বুলি গণ্য কৰা নহয়। সেই উপাৰ্জন স্বামীৰ উপাৰ্জনৰ লগত যোগ হ’ব।
ইফালে, স্বামীয়ে যদি পত্নীক সেই ধন ঋণ হিচাপে দিয়ে, তেন্তে তাৰ পৰা উপাৰ্জন কৰা ধন পত্নীৰ বুলি গণ্য কৰা হ’বনে? যদি কোনো পত্নীক ঋণ দিয়া হয়, তেন্তে সেই ঋণৰ ওপৰত স্বামীয়ে প্ৰতিমাহে নিৰ্দিষ্ট সুতৰ হাৰ ল’ব লাগিব আৰু দিয়া ধনখিনি সুতসহ পত্নীয়ে সম্পূৰ্ণকৈ ঘূৰাই দিব লাগিব। ইয়াৰ উপৰিও যদি কোনো ঋণ দিয়া হয় তেন্তে সেই ঋণ দিয়াৰ এটা বৈধ কাৰণো দেখুৱাব লাগিব। যদি পত্নীয়ে সেই ঋণৰ পৰা ধন বিনিয়োগ কৰে, তেন্তে স্বামীয়ে আৰু ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।
স্বামীৰ দৰমহা যৌথ একাউণ্টত জমা হ’লেও সেই আয়ৰ ওপৰত পত্নীয়ে কোনো আয়কৰ দিব নালাগিব। স্বামীয়ে গোটেই কৰ দিব লাগিব। কিন্তু যদি স্বামী-স্ত্ৰী দুয়োজনেই কাম কৰি আছে, তেন্তে সেই ক্ষেত্ৰত যিহেতু দুয়োজনে পৃথকে পৃথকে আয়কৰ দিব লাগিব, গতিকে পুৰণি কৰ ব্যৱস্থাৰ অধীনত দুয়োজনে পৃথকে পৃথকে কৰ কৰ্তন দাবী কৰিব পাৰিব।