পুৰণি গাড়ীত E20 Petrol, আপোনাৰ গাড়ীৰ বাবে ই কিমান সুবিধাজনক?

E20 Petrol in an Old Car: এই পেট্ৰ’লত ২০ শতাংশ ইথানল থাকে। ইয়াত ইথানল থকাৰ বাবে এই পেট্ৰ’লে গাড়ীৰ যন্ত্রাংশৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায় বুলি এক অধ্যয়নত প্ৰকাশ পাইছে।

পুৰণি গাড়ীত E20 Petrol, আপোনাৰ গাড়ীৰ বাবে ই কিমান সুবিধাজনক?

পুৰণি গাড়ীত E20 Petrol!

Published: 

13 Aug 2025 15:41 PM

সময়ৰ লগে লগে দেশত গাড়ীৰ ব্যৱহাৰ বাঢ়িছে। যাৰ ফলত পেট্ৰ’লৰ চাহিদাও যথেষ্ঠ বৃদ্ধি হৈছে। যিহেতু আমাৰ দেশে ইয়াৰ বেছিভাগ পেট্ৰ’ল আমদানি কৰে, গতিকে খৰচো বৃদ্ধি পাইছে। সেই খৰচ কমাবলৈ আৰু পেট্ৰ’লৰ দ্বাৰা সৃষ্টি হোৱা প্ৰদূষণৰ পৰা পৰিৱেশ ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে E20 Petrolৰ ব্যৱহাৰ আৰম্ভ কৰিছে। এই পেট্ৰ’লত ২০ শতাংশ ইথানল থাকে। যাৰ বাবে ই সাধাৰণ পেট্ৰ’লৰ পৰা অলপ পৃথক। ইথানলৰ উপস্থিতিৰ বাবে এই পেট্ৰ’লে বাহনৰ যন্ত্ৰসমূহৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায় বুলি এক অধ্যয়নত প্ৰকাশ পাইছে।

দুচকীয়া বাহন নিৰ্মাতা কোম্পানী বাজাজৰ এক বক্তব্যই বিশেষজ্ঞসকলক আচৰিত কৰি তুলিছে। তেওঁলোকে কয় যে, প্ৰতি ১০০০ কিলোমিটাৰৰ মূৰে মূৰে পেট্ৰ’লৰ ভৰ্তি টেংকিত ৪০ মিলিলিটাৰ ফিউৱেল ক্লিনাৰ যোগ কৰিলে গাড়ীখনৰ অৱস্থা ভাল হ’ব। ইয়াৰ উপৰিও বাজাজে গাড়ীত ফিউৱেল চিষ্টেম ক্লিনাৰ ব্যৱহাৰ কৰাৰ কথাও কৈছে।

মন কৰিবলগীয়া যে, E20 পেট্ৰ’লে গাড়ীখনৰ ফিউৱেল পাম্প, ইনজেক্টৰ আৰু থ্ৰ’টল বডিত সমস্যাৰ সৃষ্টি কৰে। এই সমস্যাই পিছত বাহনৰ মালিকৰ খৰচ বঢ়োৱাৰ কাম সৃষ্টি কৰে। সেইবাবেই বাজাজে এই মন্তব্য আগবঢ়াইছে।

বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ হয় নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...
লাভ কৰিব শ্ৰীকৃষ্ণৰ আশীৰ্বাদ! কৰক মাত্ৰ এই কাম...
এই ৩ বিধ খাদ্যই দুৰ্বল কৰি তুলিব পাৰে আপোনাৰ যকৃত! জানক সকলো...
জৰায়ুৰ সংক্ৰমণ কিয় হয়? জানক কেনেকৈ কৰিব প্ৰতিৰোধ