মাত্ৰ ১০০ টকা ৰিছাৰ্জ কৰিলেই লাভ কৰিব ৰূপৰ মুদ্ৰা! আজিয়েই অন্তিম সুযোগ, নকৰিব পলম
যোৱা ১৮ অক্টোবৰত টেলিকম প্ৰতিষ্ঠানটোৱে এই অফাৰ আৰম্ভ কৰিছিল। আজি প্ৰতিষ্ঠানটোৰ এই অফাৰৰ অন্তিমটো দিন। এই অফাৰৰ অধীনত ব্যৱহাৰকাৰীসকলক ৰিছাৰ্জ কৰাৰ লগে লগে ৰূপৰ মুদ্ৰা জিকাৰ সুযোগ দিয়া হৈছে।

প্ৰতিনিধিত্বমূলক ছবি
পোহৰৰ উৎসৱ দেৱালী উপলক্ষে আজি সমগ্ৰ দেশজুৰি এক উৎসৱমুখৰ পৰিৱেশ। দেৱালীৰ এই আনন্দোৎসৱৰ সময়তে চৰকাৰী টেলিকম কোম্পানী BSNLৰ গ্ৰাহকসকলৰ বাবে আছে এক ডাঙৰ অফাৰ। এই অফাৰে স্বাভাৱিকতেই গ্ৰাহকসকলক উৎসৱৰ বতৰত অধিক আনন্দিত কৰি তুলিব। যোৱা ১৮ অক্টোবৰত টেলিকম প্ৰতিষ্ঠানটোৱে এই অফাৰ আৰম্ভ কৰিছিল। আজি BSNLৰ এই অফাৰৰ অন্তিমটো দিন। এই অফাৰৰ অধীনত ব্যৱহাৰকাৰীসকলক ৰিছাৰ্জ কৰাৰ লগে লগে ৰূপৰ মুদ্ৰা জিকাৰ সুযোগ দিয়া হৈছে।
BSNL অফাৰৰ সবিশেষ
এই BSNL অফাৰৰ সুবিধা লাভ কৰিবলৈ আপুনি ১০০ টকা বা তাতকৈ অধিক প্লেনৰ সৈতে ৰিছাৰ্জ কৰিব লাগিব। BSNLৰ অফিচিয়েল ৱেবছাইট বা BSNL চেল্ফকেয়াৰ এপৰ জৰিয়তে ৰিছাৰ্জ কৰি এই অফাৰ লাভ কৰিব পাৰিব গ্ৰাহকসকলে। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে, ১০ গৰাকী ভাগ্যৱান বিজয়ীয়ে প্ৰতিদিনে এটা ৰূপৰ মুদ্ৰা লাভ কৰিব পাৰে।
BSNLৰ অফাৰ অনুসৰি ১০ গৰাকী ভাগ্যৱান লোকে টেলিকম প্ৰতিষ্ঠানটোৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব ১০ গ্ৰাম ৰূপৰ মুদ্ৰা। যদি আপুনি এই অফাৰৰ সুবিধা ল’ব বিচাৰে, তেতিয়া আজিৰ দিনটোহে আপোনাৰ হাতত আছে। আজি যদি আপুনি এই সুযোগ হেৰুৱায়। হয়তো পিছত ইয়াৰ বাবে আক্ষেপ কৰিবলগা হ’ব পাৰে।
Reliance Jioৰ উৎসৱৰ অফাৰ
ইফালে Reliance Jio- এ দেৱালীৰ ক্ষণত আগবঢ়াইছে অফাৰ। Jio Finance ৰ জৰিয়তে Jio Gold ত অতিৰিক্ত ২% ৰেহাই দিছে কোম্পানীটোৱে। ইয়াৰ লগতে জিঅ’ৰ হোম কানেকচনতো লাভ কৰিব ২ মাহৰ বিনামূলীয়া ট্ৰায়েল। তিনিমাহৰ বাবে Jio Hotstarৰ মোবাইল আৰু টিভিৰ চাবস্ক্ৰিপচন আৰু 50GB of AI cloud ষ্ট’ৰেজো উপলব্ধ হ’ব।
জিঅ’ ফেষ্টিভ অফাৰৰ ৰিচাৰ্জ প্লেনৰ মূল্য ক্ৰমে ৩৪৯, ৩৫৯৯, ৮৯৯, ৯৯৯, ৩৯৯, ৮৫৯, ৭৪৯, ৭১৯, ৬২৯, ১১৯৯ আৰু ৪৪৯ টকা হ’ব। জিঅ’ৰ অফাৰ কিমান দিনলৈ চলিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই, গতিকে সোনকালে এই সুযোগ গ্ৰহণ কৰাই গ্ৰাহকৰ বাবে উচিত হ’ব।
Viৰ দেৱলী অফাৰ
Viৰ ব্লগ পেজ অনুসৰি এই দেৱালীত ভোডাফোন আইডিয়াই নিজৰ বিশেষ প্লেনেৰে Jio Hotstarৰ চাবস্ক্ৰিপচন আগবঢ়াইছে। কোম্পানীটোৱে ২৯৯ টকাৰ প্লেনৰ সৈতে তিনিদিনৰ বাবে 5GB অতিৰিক্ত ডাটা আগবঢ়াইছে। ১০১ টকাৰ ৰিছাৰ্জত ১০ টকাৰ ৰেহাই আৰু ১৫৯৯ টকাৰ ৰিছাৰ্জত ৭৫ টকা ৰেহাই পোৱা যাব।