BlinkIt, Zepto ৰ দ্বাৰা জানিব পৰা যাব মূল্যবৃদ্ধিৰ অৱস্থা, চৰকাৰৰ নতুন পৰিকল্পনা

চৰকাৰৰ পৰিকল্পনা অনুসৰি ২৫ লাখতকৈ অধিক জনসংখ্যা থকা দেশৰ ১২খন চহৰৰ পৰা অনলাইন শ্বপিঙৰ তথ্য সংগ্ৰহ কৰা হ’ব । এই চহৰসমূহৰ ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা বজাৰ কৰা লোকৰ তথ্য আৰু সেই প্লেটফৰ্মত শাক-পাচলি, ফল-মূল আৰু গেলামালৰ সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ তথ্য চৰকাৰে সংগ্ৰহ কৰিব ।

BlinkIt, Zepto ৰ দ্বাৰা জানিব পৰা যাব মূল্যবৃদ্ধিৰ অৱস্থা, চৰকাৰৰ নতুন পৰিকল্পনা

প্ৰতীকী ছবি

Published: 

09 Jun 2025 | 10:46 AM

ভাৰতীয় ৰিজাৰ্ভ বেংকে যেতিয়া নিজৰ মুদ্ৰানীতি বা ৰেপো ৰেটৰ সিদ্ধান্ত লয়, তেতিয়া ই গ্ৰাহক মূল্য সূচকাংক (চিপিআই)ৰ ওপৰত ভিত্তি কৰি গণনা কৰে । ভাৰতত খুচুৰা মুদ্ৰাস্ফীতি মাপ কৰিবলৈ চিপিআই ব্যৱহাৰ কৰা হয় । এতিয়া চৰকাৰে এই চিপিআইত ব্লিংকিট, জেপ্ট’, বিগ বাস্কেটৰ দৰে অনলাইন প্লেটফৰ্মত উপলব্ধ সামগ্ৰীৰ মূল্য অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে ।

বৰ্তমান চিপিআইৰ অধীনত গেলামালৰ পৰা আৰম্ভ কৰি টেলিফোন বিল, পেট্ৰ’ল-গেছৰ দাম আদি সকলো একত্ৰিত কৰি এটা সামগ্ৰীৰ টোপোলা প্ৰস্তুত কৰা হয় আৰু তাৰ পিছত বিভিন্ন বজাৰত সেই টোপোলাটোৰ ব্যয়ৰ ওপৰত ভিত্তি কৰি সূচকাংক তৈয়াৰ কৰি মুদ্ৰাস্ফীতিৰ হিচাপ কৰা হয় । কিন্তু দেশত পৰিৱৰ্তিত গ্ৰাহকৰ বজাৰ কৰাৰ ধৰণৰ পৰিপ্ৰেক্ষিতত চৰকাৰে চিপিআই সলনি কৰাৰ পৰিকল্পনা কৰিছে ।

১২খন চহৰৰ পৰা তথ্য সংগ্ৰহ কৰা হ’ব

চৰকাৰৰ পৰিকল্পনা অনুসৰি ২৫ লাখতকৈ অধিক জনসংখ্যা থকা দেশৰ ১২খন চহৰৰ পৰা অনলাইন শ্বপিঙৰ তথ্য সংগ্ৰহ কৰা হ’ব । এই চহৰসমূহৰ ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা বজাৰ কৰা লোকৰ তথ্য আৰু সেই প্লেটফৰ্মত শাক-পাচলি, ফল-মূল আৰু গেলামালৰ সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ তথ্য চৰকাৰে সংগ্ৰহ কৰিব । ইয়াৰ ভিত্তিত গ্ৰাহক মূল্য সূচকাংক সৃষ্টি কৰা হ’ব ।

ইয়াৰ দ্বাৰা চৰকাৰে চহৰ আৰু গাঁও পৰ্যায়ত মুদ্ৰাস্ফীতিৰ মূল্যায়ন কৰিব পাৰিব । একে সময়তে দেশত গ্ৰাহকৰ আচৰণৰ পৰিৱৰ্তন বুজিবলৈও এক সুযোগ দিব । এই নতুন আৰ্হিৰ ভিত্তিত চৰকাৰে ২০২৬ চনৰ পৰা চিপিআইৰ তথ্য প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিব পাৰে ।

অনলাইন তথ্য কেনেকৈ সংগ্ৰহ কৰা হ’ব?

চহৰৰ পৰা অনলাইন প্লেটফৰ্মৰ তথ্য সংগ্ৰহ কৰিবলৈ চৰকাৰে সেই চহৰৰ আগশাৰীৰ অনলাইন বিক্ৰেতাক বাছনি কৰিব আৰু তাৰ পিছত তেওঁলোকৰ পৰা মূল্যৰ তথ্য সংগ্ৰহ কৰিব । ইকনমিক টাইমছৰ বাতৰি অনুসৰি চৰকাৰে ইচ্ছা কৰিলে লক্ষ্ণৌৰ দৰে চহৰৰ চাউলৰ দামৰ বাবে বিগ বাস্কেট বাছি ল’ব পাৰে, আনহাতে বেংগালুৰুত জেপটো বা আমাজন বিকল্প হ’ব পাৰে ।

বৰ্তমান চৰকাৰে চিপিআইৰ বাবে ১১৮১খন গ্ৰাম্য আৰু ১১১৪খন নগৰীয়া বজাৰৰ পৰা তথ্য সংগ্ৰহ কৰে । নতুন আৰ্হিৰ পৰিৱৰ্তনৰ পিছত দেশৰ মুঠ ২৯০০ বজাৰৰ পৰা গ্ৰাহক মূল্য সূচকাংকৰ বাবে খুচুৰা মূল্যৰ তথ্য সংগ্ৰহ কৰা হ’ব ।

কেৱল এয়াই নহয়, নতুন চিপিআইত অ’টিটি প্লেটফৰ্ম, বিমান আৰু ৰে’ল যাত্ৰাৰ ভাড়াৰ লগতে মোবাইল, ইণ্টাৰনেট, কেবল টিভিৰ দৰে ৰিচাৰ্জৰ তথ্যও অন্তৰ্ভুক্ত কৰিব পৰা যাব । একে সময়তে ২০১২ চনৰ পৰা ২০২৪ চনলৈ চিপিআইৰ ভিত্তি বছৰ সলনি কৰাৰ পৰিকল্পনা কৰা হৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...