BlinkIt, Zepto ৰ দ্বাৰা জানিব পৰা যাব মূল্যবৃদ্ধিৰ অৱস্থা, চৰকাৰৰ নতুন পৰিকল্পনা

চৰকাৰৰ পৰিকল্পনা অনুসৰি ২৫ লাখতকৈ অধিক জনসংখ্যা থকা দেশৰ ১২খন চহৰৰ পৰা অনলাইন শ্বপিঙৰ তথ্য সংগ্ৰহ কৰা হ’ব । এই চহৰসমূহৰ ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা বজাৰ কৰা লোকৰ তথ্য আৰু সেই প্লেটফৰ্মত শাক-পাচলি, ফল-মূল আৰু গেলামালৰ সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ তথ্য চৰকাৰে সংগ্ৰহ কৰিব ।

BlinkIt, Zepto ৰ দ্বাৰা জানিব পৰা যাব মূল্যবৃদ্ধিৰ অৱস্থা, চৰকাৰৰ নতুন পৰিকল্পনা

প্ৰতীকী ছবি

Published: 

09 Jun 2025 10:46 AM

ভাৰতীয় ৰিজাৰ্ভ বেংকে যেতিয়া নিজৰ মুদ্ৰানীতি বা ৰেপো ৰেটৰ সিদ্ধান্ত লয়, তেতিয়া ই গ্ৰাহক মূল্য সূচকাংক (চিপিআই)ৰ ওপৰত ভিত্তি কৰি গণনা কৰে । ভাৰতত খুচুৰা মুদ্ৰাস্ফীতি মাপ কৰিবলৈ চিপিআই ব্যৱহাৰ কৰা হয় । এতিয়া চৰকাৰে এই চিপিআইত ব্লিংকিট, জেপ্ট’, বিগ বাস্কেটৰ দৰে অনলাইন প্লেটফৰ্মত উপলব্ধ সামগ্ৰীৰ মূল্য অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে ।

বৰ্তমান চিপিআইৰ অধীনত গেলামালৰ পৰা আৰম্ভ কৰি টেলিফোন বিল, পেট্ৰ’ল-গেছৰ দাম আদি সকলো একত্ৰিত কৰি এটা সামগ্ৰীৰ টোপোলা প্ৰস্তুত কৰা হয় আৰু তাৰ পিছত বিভিন্ন বজাৰত সেই টোপোলাটোৰ ব্যয়ৰ ওপৰত ভিত্তি কৰি সূচকাংক তৈয়াৰ কৰি মুদ্ৰাস্ফীতিৰ হিচাপ কৰা হয় । কিন্তু দেশত পৰিৱৰ্তিত গ্ৰাহকৰ বজাৰ কৰাৰ ধৰণৰ পৰিপ্ৰেক্ষিতত চৰকাৰে চিপিআই সলনি কৰাৰ পৰিকল্পনা কৰিছে ।

১২খন চহৰৰ পৰা তথ্য সংগ্ৰহ কৰা হ’ব

চৰকাৰৰ পৰিকল্পনা অনুসৰি ২৫ লাখতকৈ অধিক জনসংখ্যা থকা দেশৰ ১২খন চহৰৰ পৰা অনলাইন শ্বপিঙৰ তথ্য সংগ্ৰহ কৰা হ’ব । এই চহৰসমূহৰ ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা বজাৰ কৰা লোকৰ তথ্য আৰু সেই প্লেটফৰ্মত শাক-পাচলি, ফল-মূল আৰু গেলামালৰ সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ তথ্য চৰকাৰে সংগ্ৰহ কৰিব । ইয়াৰ ভিত্তিত গ্ৰাহক মূল্য সূচকাংক সৃষ্টি কৰা হ’ব ।

ইয়াৰ দ্বাৰা চৰকাৰে চহৰ আৰু গাঁও পৰ্যায়ত মুদ্ৰাস্ফীতিৰ মূল্যায়ন কৰিব পাৰিব । একে সময়তে দেশত গ্ৰাহকৰ আচৰণৰ পৰিৱৰ্তন বুজিবলৈও এক সুযোগ দিব । এই নতুন আৰ্হিৰ ভিত্তিত চৰকাৰে ২০২৬ চনৰ পৰা চিপিআইৰ তথ্য প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিব পাৰে ।

অনলাইন তথ্য কেনেকৈ সংগ্ৰহ কৰা হ’ব?

চহৰৰ পৰা অনলাইন প্লেটফৰ্মৰ তথ্য সংগ্ৰহ কৰিবলৈ চৰকাৰে সেই চহৰৰ আগশাৰীৰ অনলাইন বিক্ৰেতাক বাছনি কৰিব আৰু তাৰ পিছত তেওঁলোকৰ পৰা মূল্যৰ তথ্য সংগ্ৰহ কৰিব । ইকনমিক টাইমছৰ বাতৰি অনুসৰি চৰকাৰে ইচ্ছা কৰিলে লক্ষ্ণৌৰ দৰে চহৰৰ চাউলৰ দামৰ বাবে বিগ বাস্কেট বাছি ল’ব পাৰে, আনহাতে বেংগালুৰুত জেপটো বা আমাজন বিকল্প হ’ব পাৰে ।

বৰ্তমান চৰকাৰে চিপিআইৰ বাবে ১১৮১খন গ্ৰাম্য আৰু ১১১৪খন নগৰীয়া বজাৰৰ পৰা তথ্য সংগ্ৰহ কৰে । নতুন আৰ্হিৰ পৰিৱৰ্তনৰ পিছত দেশৰ মুঠ ২৯০০ বজাৰৰ পৰা গ্ৰাহক মূল্য সূচকাংকৰ বাবে খুচুৰা মূল্যৰ তথ্য সংগ্ৰহ কৰা হ’ব ।

কেৱল এয়াই নহয়, নতুন চিপিআইত অ’টিটি প্লেটফৰ্ম, বিমান আৰু ৰে’ল যাত্ৰাৰ ভাড়াৰ লগতে মোবাইল, ইণ্টাৰনেট, কেবল টিভিৰ দৰে ৰিচাৰ্জৰ তথ্যও অন্তৰ্ভুক্ত কৰিব পৰা যাব । একে সময়তে ২০১২ চনৰ পৰা ২০২৪ চনলৈ চিপিআইৰ ভিত্তি বছৰ সলনি কৰাৰ পৰিকল্পনা কৰা হৈছে ।

অক্টোপাছ নে ডলফিন ! মানুহৰ পাছতে পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান প্ৰাণী কোনটো ?
পাকঘৰৰ ক্ষেত্ৰত কৰা এই সাধাৰণ ভুলসমূহ হ’ব পাৰে দৰিদ্ৰতাৰ কাৰণ, বাস্তু শাস্ত্ৰই কয় এইদৰে…
আশা কৰা ধৰণে হ্ৰাস পাব ওজন, খাদ্যৰ তালিকাত এইসমূহ পৰিৱৰ্তন কৰক
শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক ইয়াৰ কাৰণ...