একাউণ্টত নূন্যতম ধন নাই নেকি আপোনাৰ? দেশৰ এই চাৰিটা বেংকে ল’লে বৃহৎ সিদ্ধান্ত, জানক এতিয়াই

চাৰিটাকৈ আগশাৰীৰ চৰকাৰী বেংকে এতিয়া প্ৰৱৰ্তন কৰিছে এক নতুন নিয়ম। এই নতুন নিয়মৰ বিষয়ে জ্ঞাত হ’লে গ্ৰাহকসকলৰ মনৰ পৰা এক বৃহৎ চিন্তা দূৰ হ’ব বুলিব পাৰি। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগতে কানাড়া বেংক, ইণ্ডিয়ান বেংক আৰু পঞ্জাব নেচনেল বেংকে গ্ৰাহকৰ উপকাৰ হোৱাকৈ এই নতুন নিয়ম প্ৰৱৰ্তন কৰিছে।

একাউণ্টত নূন্যতম ধন নাই নেকি আপোনাৰ? দেশৰ এই চাৰিটা বেংকে ল’লে বৃহৎ সিদ্ধান্ত, জানক এতিয়াই

প্ৰতিনিধিত্বমূলক ছবি

Published: 

06 Jul 2025 | 06:33 PM

দেশৰ বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন সাধন হোৱাৰ দিশে চাৰিটাকৈ আগশাৰীৰ চৰকাৰী বেংকে এতিয়া প্ৰৱৰ্তন কৰিছে এক নতুন নিয়ম। এই নতুন নিয়মৰ বিষয়ে জ্ঞাত লে গ্ৰাহকসকলৰ মনৰ পৰা এক বৃহৎ চিন্তা দূৰ বুলিব পাৰি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগতে কানাড়া বেংক, ইণ্ডিয়ান বেংক আৰু পঞ্জাব নেচনেল বেংকে গ্ৰাহকৰ উপকাৰ হোৱাকৈ এই নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। এই চাৰিটা বেংকে গ্ৰাহকৰ একাউণ্টত গড় মাহিলী বেলেঞ্চ ৰখাৰ যি নিয়ম প্ৰচলন হৈ আছিল, সেই নিয়মৰ এতিয়া অন্ত পেলাবলৈ সাজু হৈছে

ফলত এতিয়াৰ বাবে গ্ৰাহকে আৰু এই চাৰিটা বেংকত নূন্যতম বেলেঞ্চ নাৰাখিলেও কোনো সমস্যাৰ সন্মুখীন নহ এই নিয়ম অহা ৭ জুলাইৰ পৰা ইণ্ডিয়ান বেংকত প্ৰৱৰ্তিত আনহাতে ভাৰতীয় ষ্টেট বেংকে ইতিমধ্যেই এই নিয়মৰ অৱসান ঘটাইছে। এই চাৰিটা বেংকৰ এনে পদক্ষেপৰ দ্বাৰা এই বেংকসমূহৰ কোটি কোটি গ্ৰাহক উপকৃত হ’ব।

এই নতুন নিয়মে কৰ্মচাৰী, জ্যেষ্ঠ নাগৰিক, ছাত্ৰ-ছাত্ৰী, প্ৰবাসী ভাৰতীয় আৰু প্ৰথমবাৰৰ বাবে বেংকত একাউণ্ট খোলা লোকসকলকো সামৰি পঞ্জাৱ নেচনেল বেংকেও ইতিমধ্যে সকলো চেভিংছ একাউণ্টৰ ক্ষেত্ৰত এই নিয়ম দূৰ কৰিছে ইফালে কানাড়া বেংকেও গ্ৰাহকৰ বাবে এই সুবিধা আনিছে।

কানাড়া বেংকে চলিত বৰ্ষৰ মে’ মাহত গ্ৰাহকৰ বাবে এই সুবিধা প্ৰৱৰ্তন কৰিছিল। এই চাৰিটা বেংকৰ সিদ্ধান্তৰ পিছত ভৱিষ্যতে আন বেংকসমূহেও এনে প্ৰক্ৰিয়া অনুসৰণ কৰি নূন্যতম বেলেঞ্চৰ এই নিয়ম প্ৰত্যাহাৰ কৰিব বুলি আশা কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...