শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

টাটা-আম্বানীৰ বিপদ! এসপ্তাহৰ ভিতৰত হাজাৰ হাজাৰ কোটি টকাৰ লোকচান…

ডাঙৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হয় টাটা আৰু মুকেশ আম্বানীৰ কোম্পানী। শ্বেয়াৰ বজাৰত কোম্পানীৰ মূল্য় যথেষ্ঠ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে আন বহু কোম্পানীয়েও লোকচান ভৰিবলগীয়া হয়।

টাটা-আম্বানীৰ বিপদ! এসপ্তাহৰ ভিতৰত হাজাৰ হাজাৰ কোটি টকাৰ লোকচান…
আম্বানী-টাটাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 21 Jul 2025 09:17 AM

টাটা-আম্বানীৰ বৃহৎ লোকচান। এসপ্তাহৰ ভিতৰতে সলনি হ’ল সকলো। এই দুই উদ্যোগপতিৰ নাম শ্বেয়াৰ বজাৰৰ ১০টা গুৰুত্বপূৰ্ণ কোম্পানীৰ তালিকাত আছে। এক পৰিসংখ্যা অনুসৰি এসপ্তাহত ৬টা কোম্পানীৰ মুঠ লোকচান প্ৰায় ৯৪ হাজাৰ কোটি টকা। এই কোম্পানী কেইটাৰ ভিতৰত টিচিএছ আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ৫১ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে।

এই এসপ্তাহত টাটা কনছালটেন্সীৰ শ্বেয়াৰ মুঠ ১.৪৬ শতাংশ হ্ৰাস হৈছে। যাৰ বাবে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৩ হাজাৰ ১৮৯ টকালৈ হ্ৰাস পাইছে। আনহাতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অৱস্থা প্ৰায় একেই। এসপ্তাহত এই আম্বানী কোম্পানীটো শ্বেয়াৰ বজাৰত প্ৰায় ১ শতাংশ হ্ৰাস পাইছে। শ্বেয়াৰৰ মূল্য ১ হাজাৰ ৪৭৬ টকালৈ হ্ৰাস পাইছে।

এই সপ্তাহত টিচিএছৰ বজাৰ মূল্য ২৭,৩৩৪ কোটি টকা হ্ৰাস পাই ১১ লাখ কোটি টকা হৈছে। যাৰ বাবে শ্বেয়াৰৰ মূল্যও বৃহৎ হ্ৰাস পোৱা দেখা যায়। এনে অৱস্থাৰ বাবে একাংশ বিনিয়োগকাৰীয়ে লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। আনহাতে, ৰিলায়েন্সেও একে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁলোকৰ বজাৰ মূল্য ২৪,০০০ কোটি টকা হ্ৰাস পাই ১৯ লাখ কোটি টকা হয়।

এই সময়ছোৱাত এইচ ডি এফ চি বেংকেও সাময়িকভাৱে হ্ৰাসৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই কোম্পানীটোৰ বজাৰ মূল্য প্ৰায় ২০ হাজাৰ কোটি টকা হ্ৰাস পাই ১৫ লাখ কোটি টকা হয়। একেদৰে ভাৰতী এয়াৰটেলৰ বজাৰ মূল্য প্ৰায় ১২ হাজাৰ কোটি টকা হ্ৰাস পাইছে। হিন্দুস্তান ইউনিলিভাৰৰ মূল্যও ৭ হাজাৰ কোটি টকা হ্ৰাস পাইছে।

 

অন্য খবৰ পঢ়কঃ বিপদত ভাৰত! চীনৰ সিদ্ধান্তৰ ফলত ৰপ্তানিৰ ক্ষেত্ৰত লোকচান হ’ব পাৰে ৩২ বিলিয়ন ডলাৰ…