শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
নিশাৰ ভিতৰতে ডুব যাব পাৰে উত্তৰ-পূব! ব্ৰহ্মপুত্ৰত সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ...

নিশাৰ ভিতৰতে ডুব যাব পাৰে উত্তৰ-পূব! ব্ৰহ্মপুত্ৰত সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ…

trishna-kalita
Trishna Kalita | Published: 20 Jul 2025 20:17 PM

চীনে দাবী কৰিছে যে এই বান্ধৰ জৰিয়তে তেওঁলোকে জলবিদ্যুৎ শক্তি উৎপাদন কৰিব, যাৰ ফলত তিব্বতৰ বিদ্যুতৰ চাহিদা পূৰণ হ’ব আৰু চীনৰ অন্যান্য প্ৰদেশকো অতিৰিক্ত বিদ্যুৎ যোগান ধৰা হ’ব। এই বান্ধত মুঠ ৫টা জলবিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে চীনে। অনুমান কৰা হৈছে যে ইয়াৰ বাবে প্ৰায় ১.২ ট্ৰিলিয়ন ইউয়ান অৰ্থাৎ ১৬৭.১ বিলিয়ন ডলাৰ খৰচ হ’ব।

অধিক বৃদ্ধি পাইছে ভাৰতৰ চিন্তা । চীনে আৰম্ভ কৰিছে মেগা বান্ধ নিৰ্মাণৰ কাম। তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীৰ এই বান্ধৰ কাম আৰম্ভ কৰিছে চীনে। যিয়ে চিন্তিত কৰি তুলিছে ভাৰতক, কাৰণ এই বান্ধটো নিৰ্মাণ কৰা পিছত যদি ইয়াৰ পানী হঠাৎ  এৰি দিয়া হয়, তেন্তে অৰুণাচল প্ৰদেশ আৰু অসমকে ধৰি উত্তৰ-পূব ভাৰতৰ এক বৃহৎ অংশ বানত বুৰ যাব পাৰে। লগতে চুবুৰীয়া বাংলাদেশো বানত ডুব যাব পাৰে।

ভাৰতত ব্ৰহ্মপুত্ৰ নামেৰে জনাজাত নদীক চীনত ইয়াৰলুং ছাংপো নামেৰে জনাজাত। ব্ৰহ্মপুত্ৰ চীনৰ পৰা বৈ আহি ভাৰতত প্ৰৱেশ কৰে। বিগত কেইবছৰমানৰ পৰা চীনে এই বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰি আহিছে। ইয়াৰ বাবে বিপুল ধনৰ আবণ্টন দিয়া হৈছে। ডিচেম্বৰ মাহত বেইজিঙে মথাউৰি নিৰ্মাণৰ বাবে সেউজ সংকেত দিছিল। তাৰ পিছত  শনিবাৰে চীনে আনুষ্ঠানিকভাৱে এই বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী লি কুৱাং।