Gold Rate Today: বাণিজ্যিক চুক্তিৰ সময়সীমাৰ পূৰ্বে সোণ সুস্থিৰ, জানক আজিৰ সোণ-ৰূপৰ মূল্য…
ট্ৰাম্পৰ বাণিজ্যিক চুক্তিৰ সময়সীমা ওচৰ চাপি আহিছে, গতিকে বিনিয়োগকাৰীসকলে ইয়াৰ ওপৰত চকু ৰাখিছে। গতিকে ফলত সোণৰ দামত প্ৰভাৱ পৰিছে। ২১ জুলাইত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু এমচিএক্সত সোণ সামান্য বৃদ্ধি পাইছিল। আজি জানো আহক সোণ-ৰূপ মূল্য...

Gold and Silver Rate today: যোৱা সপ্তাহত সোণৰ মূল্যৰ উঠা-নমাৰ পিছত এই ব্যৱসায়িক সপ্তাহৰ প্ৰথম দিনটোতে সোণৰ মূল্য সুস্থিৰ হৈ আছে। বিনিয়োগকাৰীসকলে আমেৰিকাৰ বাণিজ্যিক আলোচনা আৰু ফেডৰ বৈঠকৰ ওপৰত চকু ৰাখিছে। এনে ক্ষেত্ৰত ২১ জুলাই সোমবাৰে সোণৰ মূল্যত বিশেষ গতিবিধি হোৱা নাছিল। আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ ব্যৱসায় ০.০১% উঠি প্ৰতি আউন্সত ৩,৩৫১.৭৭ ডলাৰত ব্যৱসায় হোৱা দেখা গৈছে। একে সময়তে মাল্টি ক’ম’ডিটি এক্সচেঞ্জ অৰ্থাৎ এমচিএক্সত সোণৰ ক্ষেত্ৰতো সামান্য বৃদ্ধি দেখা গৈছিল।
২১ জুলাইত এমচিএক্সত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৮,১৪১ টকাত ব্যৱসায় হোৱা দেখা গৈছিল, যিটো ১১৭ টকা বৃদ্ধি পাইছিল। একে সময়তে ৰূপৰ মূল্যও সামান্য বৃদ্ধি হোৱা দেখা গৈছিল। ৮৪ টকা বৃদ্ধিৰে প্ৰতি কেজিত ১১৩,০৩৪ টকাত ব্যৱসায় হৈছিল। একে সময়তে ২১ জুলাইত পেটিএমত এক গ্ৰাম সোণৰ মূল্য আছিল ১০১৩৫ টকা।
খুচুৰা বিক্ৰীত দাম কিমান?
সোমবাৰে খুচুৰা পৰ্যায়তো সোণৰ কোনো বিশেষ পৰিৱৰ্তন দেখা নগ’ল। টনিষ্কৰ ৱেবছাইটৰ তথ্য অনুসৰি ২১ জুলাইত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০০৪৭০ টকা ৰেকৰ্ড কৰা হৈছে। আনহাতে ২০ জুলাইত ইয়াৰ মূল্য একেই আছিল, অৰ্থাৎ আজি খুচুৰা বিক্ৰীত সোণৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। ২২ কেৰেট সোণৰ দামৰ কথা ক’বলৈ গ’লে আজি ইয়াৰ হাৰ প্ৰতি ১০ গ্ৰামত ৯২১০০ টকা, কালিও ইয়াৰ দাম একেই আছিল।
গুৱাহাটীত সোণ-ৰূপৰ মূল্য
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য়নুসৰি আজি গুৱাহাটীত সোণ-ৰূপৰ মূল্য জানো আহক। আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০১৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,১৮০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৫১১ টকা। দেওবাৰৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত মূল্য ১০,০০৪ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,১৭০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৫০৩ টকা আছিল।