Mukesh Ambani: কোনটো ব্যৱসায়ৰ পৰা সৰ্বাধিক টকা উপাৰ্জন কৰে আম্বানীয়ে? জানক…
Reliance: সাধাৰণতে তেলৰ পৰা আৰম্ভ কৰি ৰাসায়নিক ক্ষেত্ৰত সৰ্বাধিক ৰাজহ আহৰণ কৰা হয় । কিন্তু বিগত তিনিমাহত ৰিলায়েন্সৰ তেলৰ পৰা ৰাসায়নিক ছেগমেণ্টে ১৪,৫১১ কোটি টকাৰ ৰাজহ লাভ কৰিছিল। যোৱা বছৰৰ তুলনাত এইবাৰ ৰাজহ ১.৫ শতাংশ হ্ৰাস পাইছে।

মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ কথানো কোনো নাজানে। বৰ্তমান ৰিলায়েন্সৰ আছে এক বিশাল সাম্ৰাজ্য। তেল উৎপাদনৰ পৰা আৰম্ভ কৰি গেছ, টেলিকম, কাপোৰলৈকে একাধিক ব্যৱসায় আছে তেওঁলোকৰ । কিন্তু ৰিলায়েন্সে ক’ৰ পৰা সৰ্বাধিক ৰাজহ পায় জানেনে? প্ৰকাশ পাইছে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ ফলাফল । য’ত ৰিলায়েন্সৰ ৰাজহত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। পূৰ্বতে ৰিলায়েন্সৰ মূল আয় আছিল তেল আৰু গেছৰ পৰা, কিন্তু এতিয়া সেই আয় টেলিকম, ডিজিটেল সেৱা, খুচুৰা বিক্ৰীলৈও প্ৰসাৰিত হৈছে।
দেখা গৈছে যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত EBITDAৰ আয় আছিল ৫৮ হাজাৰ ২৪ কোটি টকা। ইয়াৰে লাভ হৈছে ৩০,৭৮৩ কোটি টকা। এই আয়ৰ হিচাপত দেখা গৈছে যে ৰিলায়েন্সৰ তেল আৰু গেছ উৎপাদনতকৈ জিঅ’ (টেলিকম), ডিজিটেল প্লেটফৰ্ম (জিঅ’ ডিজনী প্লাছ হটষ্টাৰ) আৰু খুচুৰা বিপণীৰ আয় বহু বেছি।
টেলিকম আৰু জিঅ’ প্লেটফৰ্ম লিমিটেডৰ পৰা সৰ্বাধিক আয় লাভ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে। যাৰ পৰা মুঠ ১৮,৩১২ কোটি টকা উপাৰ্জন হৈছে, যিটো কোম্পানীটোৰ মুঠ আয়ৰ ৩২ শতাংশ। মন কৰিবলগীয়া যে বৰ্তমান ৰিলায়েন্স জিঅ’ ৫জি ব্যৱহাৰকাৰীৰ সংখ্যাই ২০ কোটিৰ সংখ্যা অতিক্ৰম কৰিছে। ইয়াৰ লগতে ঘৰুৱা ব্ৰডবেণ্ড ব্যৱহাৰকাৰীৰ সংখ্যা ২ কোটি হৈছে। ২০৮.৮ টকালৈ বৃদ্ধি পাইছে প্ৰতিজন ব্যৱহাৰকাৰীৰ গড় ৰাজহ । যাৰ ফলত যোৱা বছৰৰ তুলনাত আয় ১৪.৯ শতাংশ বৃদ্ধি পাইছে।
ৰিলায়েন্সৰ খুচুৰা ব্যৱসায়েও ভাল উপাৰ্জন কৰিছে। যোৱা বছৰৰ তুলনাত ১২.৭ শতাংশ বৃদ্ধি হৈ ৬৩৮১ কোটি টকা হৈছেগৈ। কেৱল চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৰিলায়েন্স ৰিটেলে ৮৪,১৭১ কোটি টকাৰ ৰাজহ লাভ কৰি দেশত মুঠ ৩৮৮ খন নতুন ষ্ট’ৰ মুকলি কৰিছে। ইফালে পূৰ্বে সৰ্বাধিক ৰাজহ আহৰণ কৰা তেলৰ পৰা ৰাসায়নিক ছেগমেণ্টে যোৱা তিনিমাহত ১৪,৫১১ কোটি টকাৰ ৰাজহ লাভ কৰিছিল। যোৱা বছৰৰ তুলনাত এইবাৰ ৰাজহ ১.৫ শতাংশ হ্ৰাস পাইছে।