Bangladeshi Intruders: অবৈধ বিদেশী বিতাড়নৰ বাবে কঠোৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ
অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি নিজৰ প্ৰকৃত ঠিকনালৈ বিতাড়নৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ ত্ৰিপুৰা চৰকাৰৰ। পশ্চিম ত্ৰিপুৰাত অবৈধভাৱে বসবাস কৰি বাংলাদেশীক চিনাক্ত কৰাৰ বাবে গঠন স্পেচিয়েল টাস্ক ফৰ্চ।
অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি নিজৰ প্ৰকৃত ঠিকনালৈ বিতাড়নৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ ত্ৰিপুৰা চৰকাৰৰ। পশ্চিম ত্ৰিপুৰাত অবৈধভাৱে বসবাস কৰি বাংলাদেশীক চিনাক্ত কৰাৰ বাবে গঠন স্পেচিয়েল টাস্ক ফৰ্চ।
জানিব পৰা মতে, এই বিশেষ টাস্ক ফ’ৰ্চত আছে ১৫ গৰাকী সদস্য। এই টাস্ক ফ’ৰ্চক নেতৃত্ব দিব এছ পি দেবাশিস সাহা। বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকক নিজৰ দেশলৈ ওভতাই পঠিওৱাৰ লক্ষৰেই গঠন কৰা হৈছে এই টাস্ক ফ’ৰ্চ।
মূলতঃ বাংলাদেশৰ সৈতে প্ৰায় ৮৫৬ কিঃমিঃ সীমান্ত ভাগ-বাটোৱাৰা কৰে ত্ৰিপুৰাই। সেয়ে ইয়াত বাংলাদেশী অনুপ্ৰৱেশকাৰী আটকৰ ঘটনাও অধিক। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই জনোৱা মতে, “পূৰ্বৰ তুলনাত ত্ৰিপুৰাত অনুপ্ৰৱেশৰ ঘটনা কমিলেও সম্পূৰ্ণ বন্ধ হোৱা নাই। সেই অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ এছ আই টি গঠন কৰা হৈছে।”