জনপ্ৰিয় ব্ৰেণ্ডৰ বিয়েৰৰ ষ্টক শেষ, সুৰাৰ বিপনীত নাপাব আপোনাৰ পচন্দৰ বিয়েৰ !

কোনো এখন সুৰা বিপনীত নাপাব আপুনি ভাল পোৱা ব্ৰেণ্ডৰ বিয়েৰ! ইয়াৰ বিপৰীতে আপুনি ক্ৰয় কৰিব লাগিব নতুন ব্ৰেণ্ডৰ বিয়েৰ। যাৰ বাবে ডাঙৰ সমস্যাত পৰিছে সুৰাপায়ীসকল।

জনপ্ৰিয় ব্ৰেণ্ডৰ বিয়েৰৰ ষ্টক শেষ, সুৰাৰ বিপনীত নাপাব আপোনাৰ পচন্দৰ বিয়েৰ !

বিয়েৰ

Published: 

07 Jul 2025 | 09:06 PM

সুৰাৰ বিপনীত দেখা গৈছে জনপ্ৰিয় ব্ৰেণ্ডৰ বিয়েৰৰ নাটনি। কোনো এখন সুৰা বিপনীত নাপাব আপুনি ভাল পোৱা ব্ৰেণ্ডৰ বিয়েৰ! ইয়াৰ বিপৰীতে আপুনি ক্ৰয় কৰিব লাগিব নতুন ব্ৰেণ্ডৰ বিয়েৰ। যাৰ বাবে ডাঙৰ সমস্যাত পৰিছে সুৰাপায়ীসকল। প্ৰতিখন সুৰা বিপনীত গ’লে এটাই শব্দ শুনিব বিয়েৰৰ ষ্টক নাই।

গ্ৰীষ্মকালত সৰ্বাধিক বিক্ৰী হোৱা বিয়েৰ ষ্টক নাই বুলি ক’লে হয়তো আপুনি সহজে বিশ্বাস নকৰে। বিশ্বাস নকৰিলেও এই কথা সঁচা। এনে পৰিস্থিতি সৃষ্টি হৈছে দেশৰ ৰাজধানী দিল্লীত। দক্ষিণ, উত্তৰ, পূব আৰু পশ্চিম দিল্লীৰ কোনো এখন সুৰা বিপনীত ষ্টক নাই জনপ্ৰিয় ব্ৰেণ্ডৰ বিয়েৰ।

এইবাৰ দেশৰ ৰাজধানী দিল্লীৰ লোকে প্ৰচণ্ড গৰমত ভুগিছে। ইয়াৰ বিপৰীতে নিজৰ প্ৰিয় সুৰা পাবলৈ সক্ষম হোৱা দিল্লীৰ সুৰাপায়ীয়ে।

এনবিটিৰ প্ৰতিবেদন অনুসৰি, দিল্লীৰ সুৰাপায়ীসকলে লাভ কৰা নাই তেওঁলোকৰ প্ৰিয় বিয়েৰ। এনে পৰিস্থিতিত মানুহে এনে বিয়েৰ খাই আছে যাৰ নাম আগতে শুনা নাই। দিল্লীৰ বিভিন্ন অঞ্চলৰ সুৰা বিপনীত Kingfisher, Budweiser, Tuborg, Haywards, Carlsberg আৰু Hunter ৰ দৰে জনপ্ৰিয় ব্ৰেণ্ড উপলব্ধ নহয়। ইয়াৰ বাবে দিল্লীৰ গাতে লাগি থকা নয়দা, গুৰুগ্ৰাম, ফৰিদাবাদৰ দৰে চহৰলৈ যাবলগীয়া হৈছে সুৰাপায়ীসকল।

লগতে পঢ়ক: সুস্থ জীৱন-যাপনৰ বাবে ৰাতিপুৱা খালী পেটত কি খাব লাগে ? কি খাব নালাগে ? জানক

দিল্লীত এতিয়া সুৰা বিক্ৰী হয় কেৱল চৰকাৰী বিপনীৰ পৰা। দোকানীসকলে কয় যে, বিপনীত কোনটো ব্ৰেণ্ড উপলব্ধ হ’ব সেইটো তেওঁলোকে সিদ্ধান্ত লোৱা নাই। এই সিদ্ধান্ত কোম্পানীয়ে গ্ৰহণ কৰে, যিয়ে দোকানবোৰক ষ্টক দিয়ে।

কোৱা হৈছে যে,ভূটান আৰু নেপালৰ বিয়েৰৰ ষ্টক বৃদ্ধি পাইছে। যিবোৰ ইমান জনপ্ৰিয় নহয়। ভূটান আৰু নেপালৰ বিয়েৰ দোকানত প্ৰচুৰ পৰিমাণে পোৱা যায় যদিও ভাৰতীয় বিয়েৰৰ তুলনাত সেইবোৰৰ দাম অলপ বেছি। মানুহে এই ব্ৰেণ্ডবোৰ কম জানে, গতিকে হয় কিনিবলৈ দ্বিধাবোধ কৰে নহয় নিজৰ পছন্দৰ বিয়েৰ নাপালে বাধ্যবাধকতাৰ বাবে কিনি লয়।

দেখা গৈছে যে, ভূটান আৰু নেপালৰ বিয়েৰৰ ওপৰত আমদানি শুল্ক নাই আৰু কাষ্টম শুল্কও বহুত কম, আনহাতে তেওঁলোকৰ লাভ ভাৰতীয় ব্ৰেণ্ডতকৈ বেছি। এই কাৰণেই দোকানত তেওঁলোকৰ উপলব্ধতা বৃদ্ধি পাইছে। একে সময়তে আন দেশৰ পৰা অহা দামী আমদানিকৃত বিয়েৰ দোকানত পোৱা নাযায়।

লগতে পঢ়ক: প্র’টিনৰ বাবে ভাৰতীয়সকলে বেছিকৈ কি খায়? সমীক্ষাত প্ৰকাশ

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...