২০২৫–২৬ বৰ্ষৰ বাবে ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিলে অসম চৰকাৰে…

এজেন্সীৰ আবণ্টন আৰু ধান ক্ৰয়ৰ লক্ষ্য চূড়ান্ত কৰিছে চৰকাৰে। লক্ষণীয়ভাৱে, আগন্তুক ঋতুৰ বাবে সামগ্ৰিক লক্ষ্য KMS ২০২৪–২৫ৰ বাবে নিৰ্ধাৰণ কৰা প্ৰথম শস্যৰ লক্ষ্যতকৈ যথেষ্ট কম। ইফালে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে নূন্যতম সমৰ্থন মূল্য।

২০২৫–২৬ বৰ্ষৰ বাবে ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিলে অসম চৰকাৰে...
Published: 

22 Dec 2025 21:24 PM

অসম চৰকাৰে খৰিফ বিপণন বতৰ (KMS) ২০২৫–২৬ৰ প্ৰথম শস্যৰ বাবে এজেন্সীৰ আবণ্টন আৰু ধান ক্ৰয়ৰ লক্ষ্য চূড়ান্ত কৰিছে। কোৱা হৈছে যে, চৰকাৰী ক্ৰয় ২০২৫ চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব। লক্ষণীয়ভাৱে, আগন্তুক ঋতুৰ বাবে সামগ্ৰিক লক্ষ্য KMS ২০২৪–২৫ৰ বাবে নিৰ্ধাৰণ কৰা প্ৰথম শস্যৰ লক্ষ্যতকৈ যথেষ্ট কম। কে এম এছ ২০২৫–২৬ ৰ বাবে ৭,৫৫,৫০০ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

দ্য চেণ্টিনেলৰ এক প্ৰতিবেদন অনুসৰি, কে এম এছ ২০২৫–২৬ (1st crop)ৰ বাবে চাৰিটা সংস্থাৰ মাজত মুঠ ৭,৫৫,৫০০ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বিতৰণ কৰা হৈছে। সেই কেইটা হৈছে- অসম ফুড এণ্ড চিভিল চাপ্লাইজ কৰ্পৰেশ্যন লিমিটেড (AFCSCL), অসম ৰাজ্যিক কৃষি বিপণন ব’ৰ্ড (ASAMB), ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন লিমিটেড (NAFED) আৰু ভাৰতীয় খাদ্য নিগম (FCI)। চাৰিটা সংস্থাৰ বাবে নিৰ্ধাৰণ কৰা ক্ৰয়ৰ লক্ষ্য হৈছে, AFCSCL বাবে ৫,৮৮,০০০ মেট্ৰিক টন; ASAMB বাবে ৫,৫০০ মেট্ৰিক টন; FCI ৰ বাবে ৬৯,০০০ মেট্ৰিক টন আৰু NAFED বাবে ৯৩,০০০ মেট্ৰিক টন।

কেএমএছ ২০২৪–২৫ প্ৰথম শস্যৰ ক্ৰয়ৰ লক্ষ্য আছিল ৮,০১,০৮২ মেট্ৰিক টন। কে এম এছ ২০২৪–২৫ (প্ৰথম শস্য)ৰ অধীনত অসমত যথেষ্ট পৰিমাণৰ ক্ৰয়ৰ তথ্য লাভ কৰা গৈছে। যোৱা বৰ্ষত ৮,০১,০৮২ মেট্ৰিক টনৰ লক্ষ্যৰ বিপৰীতে ৬৯৭৮০২.৭৪ মেট্ৰিক টন ধান ক্ৰয় কৰা হয়। ইয়া ফলত ৫৫,০৫১ জন কৃষক উপকৃত হয়।

২০২৪–২৫ চনৰ কে এম এছৰ দ্বিতীয় শস্যৰ বাবে অসমে ১৫২৭৬১.৮০ মেট্ৰিক টন ক্ৰয় কৰি ১,৫২,৯১৯ মেট্ৰিক টনৰ লক্ষ্য প্ৰায় পূৰণ কৰে। মুঠ ১১,৪৭৯ জন কৃষক উপকৃত হয়।

ইফালে কেন্দ্রীয় চৰকাৰে কে এম এছৰ ২০২৫–২৬ বর্ষৰ বাবে ধানৰ নূন্যতম সমৰ্থন মূল্য (MSP) বৃদ্ধি কৰিছে৷ সাধাৰণ জাতৰ ধানৰ বাবে এম এছ পি প্ৰতি কুইণ্টলত ২,৩৬৯ টকা। ২০২৪-২৫ চনৰ বিপৰীতে ৬৯ টকা বৃদ্ধি পাইছে। গ্ৰেড-এ ভেৰাইটিৰ বাবে এম এছ পি ২৩৮৯ টকা, যিটোও প্ৰতি কুইণ্টলত ৬৯ টকা বৃদ্ধি পাইছে।

তুলনামূলকভাৱে কেএমএছ ২০২৪–২৫ৰ এমএছপি সাধাৰণ জাতৰ ধানৰ বাবে প্ৰতি কুইণ্টলত ২,৩০০ টকা আৰু গ্ৰেড-এ জাতৰ বাবে প্ৰতি কুইণ্টলত ২,৩২০ টকা আছিল।

দ্য চেণ্টিনেলৰ সৈতে হোৱা বাৰ্তালাপত AFCSCLৰ উপাধ্যক্ষ দেৱান ধ্ৰুব জ্যোতি মৰলে কয় যে,”৪টা ক্ৰয় সংস্থাক লক্ষ্য আবণ্টন দিয়াৰ পিছত কৃষকৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া চলি আছে। কৃষকৰ ওচৰত ধান উপলব্ধ। সমগ্ৰ ক্ৰয় প্ৰক্ৰিয়াটো ১৭৯টা ধান ক্ৰয় কেন্দ্ৰ (PPC)ৰ জৰিয়তে হ’ব। আমাৰ এজেন্সীয়ে ইতিমধ্যে ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আমি ২০ টা পিপিচি সক্ৰিয় কৰিছো আৰু ইতিমধ্যে ৪৩৬ জন কৃষকৰ পৰা ৫,৬৭১ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে।”

কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
ডায়েবেটিছ ৰোগীয়ে কল খালে সমস্যাত পৰিব পাৰে নেকি! জানি লওক এতিয়াই
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...