নতুন নিযুক্তি সম্পূৰ্ণৰূপে বন্ধ কৰিলে আমাজনে…কিয় ল’লে এই সিদ্ধান্ত ?

২০২৫ চনত খুচুৰা ব্যৱসায়ত নতুন নিযুক্তি সম্পূৰ্ণৰূপে বন্ধ কৰিছে আমাজনে। কম খৰচত লাভ সঞ্চয়ৰ এই কৌশলৰ জৰিয়তে এতিয়া আমাজনে প্ৰতিটো খৰচৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু ইয়াৰ প্ৰথম প্ৰভাৱ খুচুৰা নিযুক্তিৰ ওপৰত পৰিছে।

নতুন নিযুক্তি সম্পূৰ্ণৰূপে বন্ধ কৰিলে আমাজনে...কিয় ললে এই সিদ্ধান্ত ?

আমাজন

Published: 

07 Jun 2025 | 06:53 PM

মন্দাৱস্থাৰ সন্মুখীন হৈছে বিশ্বৰ আগশাৰী টেক আৰু ই-কমাৰ্চ কোম্পানী আমাজন ! এফালে কোম্পানীটোৱে হাজাৰ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰি থকাৰ সময়তে আনফালে ২০২৫ চনত খুচুৰা ব্যৱসায়ত নতুন নিযুক্তি সম্পূৰ্ণৰূপে বন্ধ কৰিছে। কম খৰচত লাভ সঞ্চয়ৰ এই কৌশলৰ জৰিয়তে এতিয়া আমাজনে প্ৰতিটো খৰচৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু ইয়াৰ প্ৰথম প্ৰভাৱ খুচুৰা নিযুক্তিৰ ওপৰত পৰিছে। কোম্পানীটোৰ খুচুৰা মুৰব্বী ডাগ হেৰিংটনে এই কথা নিশ্চিত কৰি কয় যে, খুচুৰা বিভাগত কোনো ধৰণৰ নিযুক্তি দিয়া নহয় ।

খবৰ অনুসৰি, দ্ৰুতগতিত পৰিৱৰ্তিত খুচুৰা ব্যৱসায়িক মডেল আৰু কোম্পানীটোৰ অগ্ৰাধিকাৰৰ পৰিৱৰ্তনৰ ফলস্বৰূপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমাজনে। হেৰিংটনে কয় যে, কোম্পানীয়ে এতিয়া অধিক কাৰ্যক্ষমতা আৰু গ্ৰাহকৰ অভিজ্ঞতাক অগ্ৰাধিকাৰ দিছে । গতিকে এই সময়ছোৱাত নিযুক্তি বন্ধ কৰা হৈছে ।

উল্লেখ্য যে, গুগল, মেটা আৰু মাইক্ৰ’ছফ্টৰ দৰে বহু ডাঙৰ টেক কোম্পানীয়েও বিগত বছৰবোৰত হাজাৰ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি, আমাজনৰ এই সিদ্ধান্ত দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ। ইয়াৰ দ্বাৰা কোম্পানীটোৱে আশা কৰিছে যে, ই বৰ্তমানৰ ৰিচৰ্চৰ উন্নত ব্যৱহাৰ কৰাত সহায় কৰিব আৰু কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰিব।

যদিও ভাৰতৰ ওপৰত এই সিদ্ধান্তৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়াও স্পষ্ট হোৱা নাই । কিন্তু আমাজনে ভাৰতক গুৰুত্বপূৰ্ণ বজাৰ বুলি গণ্য কৰে, সেয়েহে ইয়াৰ পৰিকল্পনা আৰু বিনিয়োগৰ ওপৰত কিছু প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...