ৰে’লৱেৰ টিকটৰ পৰা ATMলৈ… ১ মে’ৰ পৰা সলনি হ’ব বহু গুৰুত্বপূৰ্ণ নিয়ম, প্ৰত্যক্ষ প্ৰভাৱ পৰিব আপোনাৰ পকেটত

Money Rule Change from May 1: ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত বিনামূলীয়া লেনদেনৰ সীমা শেষ হ’ব। এতিয়া এটিএমৰ পৰা ধন উলিয়ালে প্ৰতিবাৰ ১৯ টকা দিব লাগিব গ্ৰাহকসকলে।২০২৫ চনৰ ১ মে’ৰ পৰা ৰে’লৱেৰ টিকট বুকিঙৰ নিয়মত কিছু পৰিৱৰ্তন হ’ব।নতুন ব্যৱস্থা অনুসৰি যাত্ৰীসকলে চলাব লাগিব প্ৰস্তুতি।

ৰেলৱেৰ টিকটৰ পৰা ATMলৈ... ১ মে’ৰ পৰা সলনি হ’ব বহু গুৰুত্বপূৰ্ণ নিয়ম, প্ৰত্যক্ষ প্ৰভাৱ পৰিব আপোনাৰ পকেটত

১ মে’ৰ পৰা সলনি হ’ব বহু গুৰুত্বপূৰ্ণ নিয়ম

Published: 

30 Apr 2025 | 11:50 AM

১ মে’ৰ পৰা এনে বহু ডাঙৰ পৰিৱৰ্তন হ’ব, যিয়ে আপোনাৰ পকেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। কাৰণ ইয়াৰ লগত বিভিন্ন অত্যৱশ্যকীয় কাম বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি এটিএমৰ লেনদেন আৰু ৰন্ধন গেছৰ দামলৈকে সকলো জড়িত হৈ আছে। এই নতুন নিয়মৰ বিষয়ে আগতীয়াকৈ জানি লওক, যাতে পিছত কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে। এই পৰিৱৰ্তনসমূহে আপোনাৰ লেনদেন আৰু সেৱাসমূহক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব। যেনে এ টি এমৰ পৰা ধন উলিওৱাৰ সীমা, বেংকৰ চাৰ্জ আৰু গেছ চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন। এই পৰিৱৰ্তনৰ বিষয়ে বিতংভাৱে জানক।

এটিএমৰ পৰা ধন উলিয়ালে ভৰিব লাগিব অধিক ধন

২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত বিনামূলীয়া লেনদেনৰ সীমা শেষ হ’ব। এতিয়া প্ৰতিবাৰ এটিএমৰ পৰা ধন উলিয়ালে ১৯ টকা দিব লাগিব।আগতে এই মাচুল আছিল ১৭ টকা।ইয়াৰ উপৰিও বেলেঞ্চ চেক কৰিলে ইয়াৰ বাবেও ৭ টকা মাচুল দিব লাগিব যদিও আগতে মাচুল ৬ টকা আছিল।

ৰে’লৱেৰ টিকট বুকিঙৰ পৰিৱৰ্তন

২০২৫ চনৰ ১ মে’ৰ পৰা ৰে’লৱেৰ টিকট বুকিঙৰ নিয়মত কিছু সালসলনি হ’ব। এতিয়া নতুন ব্যৱস্থা অনুসৰি প্ৰস্তুতি চলাব লাগিব যাত্ৰীসকলে । এতিয়াৰে পৰা ৱেইটিং টিকট কেৱল সাধাৰণ ডবাৰ বাবেহে বৈধ হ’ব। শ্লীপাৰ কোচত ৱেইটিং টিকট লৈ যাত্ৰা কৰিব নোৱাৰিব।

আৰ আৰ বি আঁচনি ৰূপায়ণ

২০২৫ চনৰ ১ মে’ৰ পৰা দেশৰ ১১খন ৰাজ্যত এক ৰাজ্য এক আৰ আৰ বি আঁচনি ৰূপায়ণ কৰা হ’ব।অৰ্থাৎ প্ৰতিখন ৰাজ্যতে সকলো আঞ্চলিক গ্ৰাম্য বেংক একত্ৰিত হৈ এটা ডাঙৰ বেংক গঠন কৰা হ’ব। ইয়াৰ ফলত বেংকিং সেৱা আৰু অধিক উন্নত হ’ব আৰু গ্ৰাহকে পূৰ্বতকৈ অধিক সুবিধা লাভ কৰিব। এই পৰিৱৰ্তন ইউ পি, অন্ধ্ৰ প্ৰদেশ, পশ্চিম বংগ, বিহাৰ, গুজৰাট, জম্মু-কাশ্মীৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, ৰাজস্থানত কাৰ্যকৰী হ’ব।

এল পি জি চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন

প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জি চিলিণ্ডাৰৰ মূল্য পৰ্যালোচনা কৰা হয়। এইবাৰো ১ মে’ত গেছ চিলিণ্ডাৰৰ মূল্য পুনৰীক্ষণ কৰা হ’ব। এই দামৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ পকেটত পৰিব।

এফ ডি আৰু চেভিংছ একাউণ্টৰ সুতৰ হাৰৰ পৰিৱৰ্তন

১ মে’ৰ পৰা এফ ডি আৰু চেভিংছ একাউণ্টৰ সুতৰ হাৰতো পৰিৱৰ্তন দেখা পাব পাৰে।আৰ বি আইয়ে দুবাৰকৈ ৰেপো ৰেট হ্ৰাস কৰাৰ পিছত বেছিভাগ বেংকে চেভিংছ একাউণ্ট আৰু এফ ডিৰ সুতৰ হাৰ হ্ৰাস কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...