১ মে’ৰ পৰা বন্ধ হ’ব দেশৰ ১৫ টা বেংক, কি হ’ব আপোনাৰ জমা টকা?

দেশত বন্ধ হ'ব বহু কেইটা গ্ৰামীন বেংক । চৰকাৰৰ সিদ্ধান্ত অনুসৰি এই বেংকসমূহ বন্ধ কৰা হ'ব । আপোনাৰো একাউন্ট আছে নেকি এইসমূহ বেংকত । চাওক সবিশেষ-

১ মেৰ পৰা বন্ধ হব দেশৰ ১৫ টা বেংক, কি হব আপোনাৰ জমা টকা?

প্ৰতীকী ছবি

Updated On: 

30 Apr 2025 | 03:45 PM

One State One RRB: যদি আপোনাৰ গ্ৰামীণ বেংকত বেংক একাউণ্ট আছে, তেন্তে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ । কাৰণ দেশৰ বহু গ্ৰাম্য বেংক ১ মে’ৰ পৰা বন্ধ হ’ব । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ এক ৰাজ্য, এক গ্ৰাম্য বেংক নীতিৰ অধীনত এই বেংকসমূহ অন্য বেংকৰ সৈতে একত্ৰিত কৰা হ’ব । ইয়াৰ বাবে দেশৰ গ্ৰাম্য বেংকৰ সংখ্যা ৪৩ৰ পৰা ২৮লৈ হ্ৰাস পাব । চৰকাৰে এই সিদ্ধান্ত লোৱাৰ আঁৰৰ কাৰণ হ’ল বেংকিং সেৱা শক্তিশালী কৰি অধিক ফলপ্ৰসূ কৰি তোলা ।

কাইলৈৰ পৰা বন্ধ হ’ব এই ১৫টা বেংক
চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰভাৱ আপোনালোকে ১১খন ৰাজ্যত দেখিবলৈ পাব । এই ৰাজ্য কেইখন হৈছে অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, বিহাৰ, গুজৰাট, জম্মু-কাশ্মীৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা আৰু ৰাজস্থান । এই ৰাজ্যসমূহৰ সকলো গ্ৰাম্য বেংক একত্ৰিত কৰি সেই ৰাজ্যত এটা গ্ৰাম্য বেংক গঠন কৰা হ’ব ।

কিবা কি সলনি হ’ব
এই সিদ্ধান্তৰ পিছত গ্ৰাহকে পূৰ্বতকৈ আৰু উন্নত সুবিধা লাভ কৰিব । ইয়াৰ ফলত ডিজিটেল আৰু গ্ৰাহক সেৱাৰ আন্তঃগাঁথনিও শক্তিশালী হ’ব । বেংকৰ শাখাৰ সংখ্যা হ্ৰাস কৰা নহয় । যদি আপোনাৰো এই বেংকবোৰত একাউণ্ট আছে তেন্তে ই আপোনাৰ বাবে কোনো পাৰ্থক্য সৃষ্টি নকৰে, কেৱল বেংকৰ নাম সলনি হ’ব । একাউণ্ট, ঋণ আৰু অন্যান্য সেৱা পূৰ্বৰ দৰেই চলি থাকিব । এই পৰিৱৰ্তনৰ পিছত বেংকে নিজৰ গ্ৰাহকক এটা বাৰ্তাৰ জৰিয়তে জনাই দিব যে নতুন একাউণ্ট নম্বৰটো কি । ইয়াৰ উপৰিও তেওঁলোকে লাভ কৰিব নতুন চেকবুক আৰু পাছবুক ।

বেংকৰ তালিকা
চৈতন্য গোদাবৰী গ্ৰামীন বেংক, অন্ধ্ৰপ্ৰগতি গ্ৰামীন বেংক, সপ্তগিৰি গ্ৰামীন বেংক, অন্ধ্ৰপ্ৰদেশ গ্ৰামীন বিকাশ বেংক – অন্ধ্ৰপ্ৰদেশত আছে । উত্তৰ প্ৰদেশৰ বৰোদা ইউ পি বেংক, আৰ্যৱৰ্ত বেংক, প্ৰথম ইউ পি গ্ৰামীন বেংক । পশ্চিম বংগত আছে বঙিয়া গ্ৰামীন বিকাশ বেংক, পশ্চিম বংগ গ্ৰামীন বেংক, উত্তৰ বংগ আৰ আৰ বি । বিহাৰত আছে দক্ষিণ বিহাৰ গ্ৰামীন বেংক, উত্তৰ বিহাৰ গ্ৰামীন বেংক । গুজৰাটত আছে বৰোদা গুজৰাট গ্ৰামীন বেংক, সৌৰাষ্ট্ৰ গ্ৰামীন বেংক । J&K গ্ৰামীন বেংক জম্মু-কাশ্মীৰৰ এটা স্থানীয় গ্ৰাম্য বেংক । ইয়াৰ লগতে কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, ৰাজস্থান আদিও ইয়াত অন্তৰ্ভুক্ত ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...