5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

স্মাৰ্ট মিটাৰ বুলি ক’লেই নহ’ব, বস্তুটো সঁচাকৈয়ে স্মাৰ্ট হ’ব লাগিব: স্মাৰ্ট মিটাৰ প্ৰসংগত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

স্মাৰ্ট মিটাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰি জুবিন কয়, স্মাৰ্ট মিটাৰৰ নামটো স্মাৰ্ট হ'লে নহ'ব কামটোও স্মাৰ্ট হ'ব লাগিব। স্মাৰ্ট মিটাৰৰ স্মাৰ্ট মিটাৰক মোৰ নিজৰ ঘৰটো পাইছোঁ। মই বিল নিদিও। হঠাৎ যিটি বিল আহে। যেতিয়াই তেতিয়াই ৰিচাৰ্জ শেষ হৈ যায়। স্মাৰ্ট মিটাৰৰ ক'ৰবাত খেলিমেলি এটা আছে ।"

স্মাৰ্ট মিটাৰ বুলি ক’লেই নহ’ব, বস্তুটো সঁচাকৈয়ে স্মাৰ্ট হ’ব লাগিব: স্মাৰ্ট মিটাৰ প্ৰসংগত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া
জুবিন গাৰ্গ
Follow Us
trishna-kalita
Trishna Kalita | Published: 24 Aug 2024 13:52 PM

স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। স্মাৰ্ট মিটাৰক লৈ অসন্তুষ্ট একাংশ লোক। ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিল বেছিকৈ অহা বুলি অভিযোগ ৰাইজৰ। যাৰ বাবে স্মাৰ্ট মিটাৰ বন্ধ কৰা দাবীত ৰাজপথলৈ ওলাই আহিছে ৰাইজ তথা দল-সংগঠন। স্মাৰ্ট মিটাৰক লৈ উত্তাল হয় বিধানসভাও। সদনৰ বাহিৰে-ভিতৰে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে। ‘অসমত হোৱা বিভিন্ন সমস্যাক লৈ মাত মতা কণ্ঠশিল্পী জুবিন গাৰ্গেও স্মাৰ্ট মিটাৰক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

স্মাৰ্ট মিটাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰি জুবিন কয়,  “স্মাৰ্ট মিটাৰৰ নামটো স্মাৰ্ট হ’লে নহ’ব কামটোও স্মাৰ্ট হ’ব লাগিব। স্মাৰ্ট মিটাৰৰ স্মাৰ্ট মিটাৰক মোৰ নিজৰ ঘৰটো পাইছোঁ। মই বিল নিদিও। হঠাৎ যিটি বিল আহে। যেতিয়াই তেতিয়াই ৰিচাৰ্জ শেষ হৈ যায়। স্মাৰ্ট মিটাৰৰ ক’ৰবাত খেলিমেলি এটা আছে । এইবোৰ ঠিক কৰিব লাগে। নহ’লে ৰাইজৰ টকা এনেই যাব। ইয়াৰ দ্বায়িত্ব চৰকাৰক দিছোঁ। আমি আমাৰ প্ৰতিবাদ চলাই নিম।”

বৃহস্পতিবাৰে হাতত লেম্প, স্মাৰ্ট মিটাৰ লৈ বিধানসভাত উপস্থিত হয় অখিল গগৈ। বিধায়ক গৰাকীয়ে কয়, “এনেকৈ স্মার্ট মিটাৰ লগাই থাকিলে আমি লেম্পৰ যুগলৈ ঘূৰি যাব লাগিব। নাহৰগুটি, অমিতাত চাকি জ্বলোৱা দিনলৈ উভতি যাব লাগিব।”

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিধানসভাত বৃহস্পতিবাৰে কৰা প্ৰতিবাদৰ পিছতেই বিধায়ক অখিল গগৈৰ বাসগৃহত বিদ্যুৎ বিভাগে শুকুৰবাৰে সংস্থাপন কৰে এটা ডিজিটেল মিটাৰ। পূৰ্বৰ স্মাৰ্ট মিটাৰৰ সমান্তৰালকৈ ডিজিটেল মিটাৰ সংস্থাপন কৰি APDCL-এ দুয়োটা মিটাৰৰে ৰিডিং নিৰীক্ষণ কৰিব। APDCLৰ এই সিদ্ধান্তৰ পিছতেই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে, – প্ৰতিবাদ কৰাৰ বাবে মুখ বন্ধ কৰাৰ চক্ৰান্ত কৰিছে চৰকাৰে।

ইফালে সাংসদ গৌৰৱ গগৈয়ে স্মাৰ্ট মিটাৰৰ বিৰূদ্ধে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি কয় যে উন্নয়নৰ নামত ধাৰত পোত যোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ধাৰৰ বোজাৰ পৰা পৰিত্ৰাণ পাবলৈকে স্মাৰ্ট মিটাৰ বহুৱাই ইয়াক ধাৰ মৰাৰ এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। তেওঁ কয়, ৰাইজৰ ওপৰত জাপি দিয়া ধাৰৰ বোজা মাৰিবলৈকে বলপূৰ্বকভাৱে স্মাৰ্ট মিটাৰ লগাইছে বিজেপি চৰকাৰে।

ইয়াকে লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অহা ১ এপ্ৰিলৰ পৰা প্রতি ইউনিটত বিদ্যুতৰ মাচুল এটকাকৈ হ্রাস পাব। স্মার্ট মিটাৰৰ বিসংগতি সন্দর্ভত উত্থাপিত অভিযোগ সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে,
প্রয়োজন হলে পৰীক্ষামূলকভাবে মেনুৱেল মিটাৰ সংস্থাপন কৰা হ’ব। মেনুৱেল মিটাৰ আৰু স্মার্ট মিটাৰৰ মাজত ব্যৱহৃত ইউনিটৰ পাৰ্থক্য দেখিলে পৰৱৰ্তী সময়ত স্মার্ট মিটাৰ প্ৰত্যাহাৰ কৰা হ’ব। ইয়াৰ লগতে বিদ্যুৎ মাচুল হ্রাস কৰা অসমেই একমাত্র ৰাজ্য বুলিও উল্লেখ কৰে মুখ্যমন্ত্রীয়ে।

Latest News