মোৰ কথা শুনিব লাগিব, নুশুনিলে মই জেং কৰিম: গছ কটাৰ বিৰুদ্ধে দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদত বহিল জুবিন গাৰ্গ
দীঘলীপুখুৰী পাৰত প্ৰতিবাদত বহিল জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গৰ লগতে ৰাজ্যৰ বহু শিল্পী। গীত মাতেৰে প্ৰতিবাদ সাব্যস্ত শিল্পী সমাজৰ। গোপীনাথ বৰদলৈ উৰণ সেতু নিৰ্মাণৰ বাবে দীৰ্ঘদিনে দীঘলীপুখুৰী পাৰত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে ছাত্ৰ সমাজ আৰু নাগৰিক সমাজে।
দীঘলীপুখুৰীৰ পাৰত নিশা শিল্পী সমাজৰ প্ৰতিবাদ। দীঘলীপুখুৰী পাৰৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ শিল্পী সমাজৰ। প্ৰতিবাদত বহিল জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গৰ লগতে ৰাজ্যৰ বহু শিল্পী। গীত মাতেৰে প্ৰতিবাদ সাব্যস্ত শিল্পী সমাজৰ। গোপীনাথ বৰদলৈ উৰণ সেতু নিৰ্মাণৰ বাবে দীৰ্ঘদিনে দীঘলীপুখুৰী পাৰত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে ছাত্ৰ সমাজ আৰু নাগৰিক সমাজে।
সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে কয়, “গছবোৰ কাটি নেপেলাব, বিকল্প ব্যৱস্থা লওক।গছবোৰ কাটি পেলালে দীঘলীপুখুৰীলৈ কোন আহিব। গছ নাথাকিলে ফ্লাই অভাৰলৈ চৰাই নাহে। গোটেই গছবোৰ কাটি পাছত মোকো কাটিলে হ’ল। মোক কাটিলে বেছি পইচা পাব।” লগতে জুবিনে কয় ‘আমি ভিক্ষাৰী নহয় কিন্তু, আমাৰ সকলো আছে। মই প্ৰতিবাদ নকৰো, মই কথা কওঁ, মোৰ কথা শুনিব লাগিব। নুশুনিলে মই জেং কৰিম। আমাৰ চৰকাৰৰ বেছিভাগ মানুহে ইংৰাজী নাজানে। প্ৰথমে ইংৰাজী শিকি লওক, তাৰ পাছত মোৰ সৈতে কথা পাতক। ”
উল্লেখ্য যে, গোপীনাথ বৰদলৈ উৰণ সেতু নিৰ্মাণৰ বাবে দীঘলীপুখুৰীৰ পাৰৰ ২৫ জোপা গছ কাটি পেলোৱাৰ সিদ্ধান্ত লৈছিল চৰকাৰে। কাটিবলগীয়া গছবোৰত বিভাগীয় কৰ্তৃপক্ষই দিছিল হালধীয়া চিহ্ন। তাৰ পাছতে গছ কটা কাৰ্যৰ বিৰোধিতাৰে দীঘলীপুখুৰীৰ পাৰত আৰম্ভ হৈছিল সচেতন নাগৰিকৰ প্ৰতিবাদী কাৰ্যসূচী।দীঘলীপুখুৰীৰ পাৰৰ গছ কাটিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল গুৱাহাটীৰ অজস্ৰ নাগৰিক। দীঘলীপুখুৰীত ‘দীঘলীপুখুৰী বচাওক’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল নাগৰিকসকলে ।
উৰণ সেতুৰ নামত দীঘলীপুখুৰীৰ গছ কাটিবলৈ নিদিয়ে বুলি হুংকাৰ প্ৰদান ৰাইজৰ। তেওঁলোকৰ মতে- এই গছবোৰ শ শ পক্ষীৰ আশ্ৰয়স্থল আৰু জিৰণি লোৱাৰ একমাত্ৰ স্থান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই গছ কেইজোপা ৰক্ষা কৰিবলৈ কাতৰ আহ্বান জনাইছিল প্ৰতিবাদকাৰীসকলে । ইয়াক পাছত নিশাৰ ভাগত এই গছখিনিক পহৰা দিয়ে কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই। গছ কটাৰ বিৰোধিতা কৰি গোটেই নিশা গছৰ তলত বহি থাকে কটনৰ ছাত্ৰসকলে।
সামজিক মাধ্যমতো দীঘলীপুখুৰীৰ পৰা গছ কটাৰ বিৰুদ্ধে হৈছে তীব্ৰ প্ৰতিবাদ। ইয়াৰোপৰি সামাজিক মাধ্যমত গছ নাকাটিবলৈ একাংশই কৰিছে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান। প্ৰতিবাদ কৰিছিল শিল্পী সমাজেই। জুবিন গাৰ্গ, পাপন আদিকে ধৰি ৰাজনীতিবিদসকলেও এই কাৰ্যৰ বিৰোধিতা কৰিছিল। সকলোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গছ কটা সিদ্ধান্ত সলনি কৰাৰ আহ্বান জনাইছিল। জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই ছ’চিয়েল মিডিয়াত গছ কটাৰ বিৰোধিতা কৰিছিল।
অৱশেষত জনতাৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে আশ্বাস প্ৰদান কৰিছিল যে গছ কটাৰ বিকল্প ব্যৱস্থাৰ সন্ধান কৰা যাব। ইয়াৰ পাছতে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মুখ্য সচিত ড০ ৰবি কোটাই লোক নিৰ্মাণ বিভাগ (পথ)এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰে। এই বৈঠকত নিৰ্মীয়মাণ গোপীনাথ বৰদলৈ উৰণসেতুৰ পশ্চিম আৰু পূৱ দীঘলীপুখুৰীৰ পথ এৰাই চলি বিকল্প দিশ গ্ৰহণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ পাছতো প্ৰতিবাদ অব্যহত ৰাখিছে প্ৰকৃতিপ্ৰেমী ৰাইজ, ছাত্ৰ তথা শিল্পী সমাজে । সিদ্ধান্ত বাতিল কৰাৰ লিখিত পত্ৰ নোপোৱালৈ প্ৰতিবাদ অব্যহত ৰখাৰ হুংকাৰ।