পঞ্চভূতত বিলীন জুবিন গাৰ্গ… লগতে পঢ়ক দেশ-বিদেশৰ বহু গুৰুত্বপূৰ্ণ খবৰ
আজি ২৩ ছেপ্তেম্বৰ দিনটোত বহুকেইটা খবৰে শীৰ্ষ স্থান দখল কৰিছে। তাৰ ভিতৰত থকা গুৰুত্বপূৰ্ণ ৯ টা খবৰৰ বিষয়ে জানো আহক…

দেশ-বিদেশৰ বহু গুৰুত্বপূৰ্ণ খবৰ
আজি ২৩ ছেপ্টেম্বৰ, সোমবাৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে জুবিন গাৰ্গক দিলে চিৰবিদায় লগে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
- পঞ্চভূতত বিলীন জুবিন গাৰ্গ। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে দিলে চিৰবিদায়। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা টিলাত আপোন শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। শোকাহত প্ৰতিগৰাকী অসমীয়া।
- জুবিন গাৰ্গ ইচ্ছা পূৰণ!বিদায় পৰত সকলোকে একেলগে গালে ‘মায়াবিনী ৰাতিৰ বুকুত..’। জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বে এক অনুষ্ঠানত কৈছিল, মই মৰিলে সকলোৱে মায়াবিনী গীতটো বজাব।
- সোণাপুৰৰ হাতীমূৰা টিলা জুবিনৰ শেষ স্থান। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে GMCH ত প্ৰাণৰ শিল্পীগৰাকীৰ পোষ্টমৰ্টেম। ৰাজ্যিক মৰ্যাদাৰে জুবিন গাৰ্গক শেষ বিদায়।
- অসুস্থ জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ। পুত্ৰৰ শেষকৃত্যৰ পৰ্ব চলি থকাৰ মাজতে অসুস্থ হৈ পৰে। বৰ্তমান আছে চিকিৎসাধীন অৱস্থাত। জুবিনৰ পিতৃৰ সৈতে চিকিৎসালয়লৈ আহিছে পাপন।
- দীপাৱলীৰ পূৰ্বে চৰকাৰী চাকৰিয়ালে পাব ডাঙৰ উপহাৰ।চৰকাৰে চূড়ান্ত ডিয়াৰনেছ ভাট্টাত অনুমোদন জনাইছে। এই সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰৰ ৪৮ লাখ কৰ্মচাৰী আৰু ৬৬ লাখ পেঞ্চনাৰক উপকৃত কৰিব।
- নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান। অসমৰ উৎপল দত্তই লাভ কৰিলে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা। বঁটা লাভ কৰি সুখী উৎপল দত্ত। উৎপল দত্তই সকলো অসমবাসীক জনালে ধন্যবাদ।
- শেষকৃত্যৰ দিনাই চৰম পন্থা জুবিন অনুৰাগীৰ। ডিঙিত চিপ লৈ বাচি ল’লে চৰম পন্থা। গোৱালপাৰা জিলাৰ দলগোমা কদমতলাত সংঘটিত হৈছে এই ঘটনা। মৃত্যুৰ পূৰ্বে মোবাইলত জুবিন গাৰ্গৰ ন্যায় বিচাৰি বনাই থৈ গ’ল ভিডিঅ’।
- ইডিয়ে জেৰা চলালে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক। অবৈধ অনলাইন বেটিং প্লেটফৰ্ম 1xBetৰ বিৰুদ্ধে সজাগ আৰক্ষী। ধন সৰবৰাহৰ গোচৰৰ তদন্ত জোৰদাৰ কৰি তুলিছে। এই গোচৰত এতিয়ালৈকে কেইবাজনো ক্ৰিকেটাৰ আৰু বলীউডৰ তাৰকাক সোধা-পোছা কৰা হৈছে।
- বিৰামৰ অন্ত পেলাই পুনৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু ৰবিচন্দ্ৰন অশ্বিন। শীঘ্ৰেই হাতত বল লৈ বেটাৰক স্পীন জালত পেলাবলৈ ক্ৰীজত নামিব পাৰে প্ৰাক্তন ভাৰতীয় তাৰকাগৰাকী। ৰবিচন্দ্ৰন অশ্বিনক শীঘ্ৰেই বিশ্বৰ দুখন টি-২০ লীগত দেখা যাব পাৰে।