সুদূৰ পৰাহত জুবিন গাৰ্গৰ ন্যায়! লগুণ-দীপাৱলী-ঈদৰ যুঁজ-বাগৰে ধূসৰ কৰিছে নেকি মূল উদ্দেশ্য?
কেতবোৰ বিশেষ পৰিঘটনাই স্বাভাৱিকতেই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ যুদ্ধখনক বিকেন্দ্ৰিকৰণ কৰিব খোজাৰ এক প্ৰয়াস চলোৱা যেন লাগে। কোনোবাই লগুণ ছিঙিছে, কোনোবাই দীপাৱলী নাপাতিবলৈ দাবী জনালে, ফটকা নেবেচিবলৈ-নুফুটাবলৈ দাবী জনালে, আৰু বহুতো...।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এতিয়া কি পৰ্যায়ত আছে? আৰক্ষী আৰু অধিবক্তাৰ লগতে চৰকাৰৰ ভাষ্যৰে যদি কোৱা হয়, তেন্তে তদন্ত সঠিক দিশেৰে আগবাঢ়িছে। প্ৰথমে ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনেই অতি বিশ্বাসযোগ্য আছিল যদিও এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু দিল্লীৰ পৰীক্ষাগাৰত কৰোৱা ভিচেৰা পৰীক্ষাৰ প্ৰতিবেদনকো এই তদন্তত ব্যৱহাৰ কৰা হৈছে অতি গুৰুত্বপূৰ্ণ নথি হিচাপে।
জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা বিভিন্নজনক ভাগে ভাগে তলব কৰি এছ আই টিয়ে জেৰা চলাইছে। আজিও ছিংগাপুৰৰ তিনি প্ৰবাসী অসমীয়া আহিছে এছ আই টিৰ জেৰাৰ সন্মুখীন হ’বলৈ। গ্ৰেপ্তাৰ হৈছে শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমিতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী।
আনফালে সামাজিক মাধ্যমত ‘#JusticeForZubeenGarg’ লিখি বহুজনে ন্যায়ৰ দাবী তুলিছে। সমাধিক্ষেত্ৰত এতিয়াও দিনে-নিশাই দেখা গৈছে অনুৰাগীৰ ভিৰ। তাৰ মাজতেই সকলোৰে দৃষ্টিগোচৰ হৈছে কেতবোৰ বিশেষ পৰিঘটনা যি স্বাভাৱিকতেই ন্যায়ৰ যুদ্ধখনক বিকেন্দ্ৰিকৰণ কৰিব খোজাৰ এক প্ৰয়াস চলোৱা যেন লাগে। কোনোবাই লগুণ ছিঙিছে, কোনোবাই দীপাৱলী নাপাতিবলৈ দাবী জনালে, ফটকা নেবেচিবলৈ-নুফুটাবলৈ দাবী জনালে, আৰু বহুতো…।
দুদিন পূৰ্বৰ ঘটনা, জুবিন গাৰ্গৰ সমাধিস্থলত নিজৰ লগুণ ছিঙি দলিয়াই দিলে ছান নামৰ এজন যুৱকে। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই সূত্ৰপাত ঘটে বিতৰ্কৰ। লগুণ ছিঙাৰ সপক্ষে-বিপক্ষে সামাজিক মাধ্য়মত ব্যাপক চৰ্চা হয়। ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে গুৱাহাটী আৰু শিৱসাগৰত গোচৰো তৰা হৈছে।
দ্বিতীয়তে আহিল দীপাৱলী উদযাপনৰ প্ৰসংগ। দীপাৱলীত আটচবাজী নুফুটাবলৈ আৰু বিক্ৰী নকৰিবলৈ আহ্বান জনালে একাংশ সংগঠনে। তাৰ লগে লগে ব্যৱসায়ীয়ে সংবাদমাধ্যমযোগে এই বাধা প্ৰদান নকৰিবলৈ জনালে আহ্বান। এই বিষয়কলৈও আৰম্ভ হ’ল বিতৰ্ক। জুবিন গাৰ্গৰ মৃত্যুৰ ঠিক এমাহ সম্পূৰ্ণ হোৱাৰ পিছদিনাই দীপাৱলী। কিন্তু জুবিন গাৰ্গে যিহেতু ন্যায় লাভ কৰা নাই, গতিকে দীপাৱলী উদযাপন আৰু ফটাকা ফুটুৱা কাৰ্যৰ বিৰোধিতা কৰিছে অধিকাংশই।
তাৰ মাজতে দুই এজন মোল্লাই দীপাৱলী বৰ্জনৰ বাবে আহ্বান জনোৱাৰ ঘটনাও পোহৰলৈ আহে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে এই বিষয়টো। তাৰ পাছতেই ই কেৱল সামাজিক বিষয় হৈ নাথাকি ৰাজনৈতিক বিষয় হৈ পৰিল। প্ৰত্যাহ্বান জনালে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক মন্তব্যযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে যদি দীপাৱলী উদযাপন কৰিব নালাগে, তেন্তে ইছলাম ধৰ্মাৱলম্বীসকলে ঈদো বৰ্জন কৰিব লাগিব। সকলোকে দীপাৱলী উদযাপনৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ লগে লগে জুবিন গাৰ্গৰ গীত মছজিদত বজাবলৈও বহুতেই ফেচবুকত লিখা দেখা গৈছে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোক লৈ ৰাজনীতিও নোহোৱাকৈ থকা নাই। বিৰোধী একাংশই এই বিষয়টোত চৰকাৰক জগৰীয়া কৰি ২৬ ৰ নিৰ্বাচনৰ বাবে ৰাইজক নিজৰ ফলীয়া কৰিবলৈ চেষ্টা কৰিছে আৰু শাসকদলে জুবিনক ন্যায় প্ৰদান কৰি জনতাৰ আস্থা জয়ৰ বাবে এক অঘোষিত প্ৰক্ৰিয়া চলাই গৈছে।
তাৰ মাজতে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীকলৈও প্ৰশ্ন উত্থাপন হৈছে। শাসকীয় দলৰ একাংশই এই ক্ষেত্ৰত প্ৰশ্ন তুলি জুবিন গাৰ্গৰ অনুৰাগীৰ নামলৈ কিছুমানে ৰাজ্যত অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিব খোজাৰ অভিযোগ তুলিছে। মুখ্যমন্ত্ৰীৰ মুখতো একেই সুৰ শুনা গৈছিল। জুবিন গাৰ্গৰ অনুৰাগীৰ ১০ শতাংশ তেওঁৰো অনুৰাগী বুলি এক মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই।
জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীক লৈ যিবোৰ শেহতীয়া পৰিঘটনা ঘটিছে, ই যেন কৰ’বাত ন্যায়ৰ দাবীৰ বিষয়টোক অন্য এক দিশে আগুৱাই নিবলৈ ধৰিছে। বহুধা বিভক্ত হৈ পৰিছে দাবীবোৰ। একাংশই চৰকাৰক সমালোচনা, আন একাংশই সমৰ্থন, কিছুমানে বিৰোধীক সমালোচনাৰে ৰাজনৈতিক ৰহন সানি মূল বিষয়টোৰ অগ্ৰগতিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
জুবিন গাৰ্গে পৃথিৱীৰ পৰা চিৰ বিদায় লোৱাৰ পৰত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে এক কৰি গ’ল। কিন্তু এতিয়া তেওঁৰ মৃত্যু তথা ন্যায়ৰ গইনা লৈ বহুতে ধৰ্মৰ কাৰ্ড খেলিবলৈ লোৱা দেখা গৈছে। এইবোৰ উপাদানে ৰাজনৈতিক সমীকৰণবোৰক যে লাভান্বিত নকৰিব তেনে নহয়। শেহতীয়াভাৱে অসমত যি হিন্দু-মুছলমানৰ এক ৰাজনীতিৰ সূত্ৰপাত ঘটিছিল, সেয়া এতিয়া পুনৰ গা কৰি উঠা দেখা গৈছে। ৰাজনৈতিক বক্তব্যতেই ই পৰিস্ফুট হৈ পৰিছে জনসাধাৰণে বুজিব পৰাকৈ। কিন্তু প্ৰকৃততে যি দাবী আছিল জুবিন গাৰ্গৰ ন্যায়ৰ, সি যেন এতিয়াও সুদূৰ পৰাহত।