শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গুৱাহাটীঃ প্ৰেম আৰু ধনৰ লেনদেন! যুৱতীৰ ভয়ংকৰ সিদ্ধান্ত, আটক প্ৰেমিক…

Guwahati Case: পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীয়ে গ্ৰহণ কৰে এক ডাঙৰ সিদ্ধান্ত। ইয়াৰ পাছতে এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।

গুৱাহাটীঃ প্ৰেম আৰু ধনৰ লেনদেন! যুৱতীৰ ভয়ংকৰ সিদ্ধান্ত, আটক প্ৰেমিক…
যুৱকজন
barasha-sarma
Barasha Sarma | Updated On: 12 Oct 2025 21:13 PM

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশ লোকে প্ৰেমজনিত কাৰণত হওক বা বিভিন্ন কাৰণত বহু অপৰাধজনিত ঘটনা সংঘটিত কৰে। পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। এগৰাকী যুৱতীয়ে গ্ৰহণ কৰে জীৱনৰ চৰম সিদ্ধান্ত। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি  কৰিছে।

জানিব পৰা মতে, ১২ অক্টোবৰৰ দিনা গুৱাহাটীৰ বশিষ্ঠৰ বাক্ৰাপাৰাত সংঘটিত হয় ভয়ংকৰ ঘটনা। এগৰাকী ২২ বছৰীয়া যুৱতীয়ে বিল্ডিঙৰ তৃতীয় মহলাৰ পৰা জপিয়াই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। শুভ এনক্লেভ নামৰ এপাৰ্টমেন্টটোত সংঘটিত হৈছে এই ঘটনা। লগে লগে এই ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে।

পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি হেলথ চিটি হাস্পাতাললৈ প্ৰেৰণ কৰে। বৰ্তমান সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে যুৱতীগৰাকী। ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ পানীখাইটিত।

অভিযোগ অনুসৰি প্ৰেমজনিত আৰু ধনৰ লেনদেনৰ কাৰণে যুৱতীগৰাকীয়ে এই কাণ্ড সংঘটিত কৰিছে। বিশাল গুপ্তা নামৰ এজন যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ। যাৰ পাছত বশিষ্ঠ আৰক্ষীয়ে আটক কৰে বিশাল গুপ্তা নামৰ যুৱকজনক। এই যুৱকজন হোজাইৰ বাসিন্দা। যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বিশাল গুপ্তাৰ। এই বিশালৰ সৈতে যুৱতীগৰাকী শুভ এনক্লেভত আছিল।  কিন্তু তাৰ মাজতে আজি যুৱতীগৰাকীয়ে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

আৰক্ষীয়ে জব্দ কৰিছে এখন স্কুটী। এই স্কুটীখনৰ নম্বৰ AS-09G-4046 . এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব যুৱতীগৰাকীয়ে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে।

 

অন্য খবৰ পঢ়কঃ দেৱালীৰ সময়ত একাংশ সংগঠনৰ ফটকা বিক্ৰীত নিষেধাজ্ঞা, চিন্তিত ব্যৱসায়ী…