শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সোমবাৰে এইদৰে কৰক ভগৱান শিৱৰ পূজা, লাভ কৰিব বিশেষ কৃপা!

সোমবাৰে ভগৱান শিৱৰ আৰাধনা কৰিলে পৰিয়ালত সুখ, শান্তি আৰু সমৃদ্ধি পায় বুলি বিশ্বাস আছে। ঋণ আৰু আৰ্থিক সংকটৰ পৰা মুক্তি, সন্তান জন্ম দিয়া, কৰ্মসংস্থাপন, বিবাহৰ লগত জড়িত সমস্যাবোৰ সমাধান হয়। পূজাৰ সময়ত ভগৱান শিৱক ক’লা তিল অৰ্পণ কৰিব লাগে।

সোমবাৰে এইদৰে কৰক ভগৱান শিৱৰ পূজা, লাভ কৰিব বিশেষ কৃপা!
সোমবাৰে এইদৰে কৰক ভগৱান শিৱৰ পূজা
trishna-kalita
Trishna Kalita | Updated On: 13 Oct 2025 09:50 AM

আজি সোমবাৰ। হিন্দু শাস্ত্ৰত এই দিনটো ভগৱান শিৱৰ নামত উচৰ্গা কৰা হয়। সোমবাৰে ভগৱান শিৱক পূজা কৰাৰ নিয়ম আছে। বহু ভক্তই ব্ৰত ৰাখে। ধৰ্মীয় বিশ্বাস অনুসৰি সোমবাৰে পূজা আৰু উপবাসে ভগৱান শিৱক সন্তুষ্ট কৰে। ভক্তৰ সকলো ইচ্ছা পূৰণ হয়। এই দিনটোত ভগৱান শিৱক পূজা কৰিলে বিবাহিত জীৱনলৈ মধুৰতা আনে।

এই দিনটোত শিৱক আৰাধনা কৰিলে পৰিয়ালত সুখ, শান্তি আৰু সমৃদ্ধি পোৱা যায়। ঋণ আৰু আৰ্থিক সংকটৰ পৰা মুক্তি, সন্তান জন্ম দিয়া, কৰ্মসংস্থাপন, বিবাহৰ লগত জড়িত সমস্যাবোৰ সমাধান হয়। পূজাৰ সময়তো ভগৱান শিৱক ক’লা তিল অৰ্পণ কৰিব লাগে। পূজাৰ সময়ত ভগৱান শিৱক ক’লা তিল মিহলাই পানী আগবঢ়ালে অলৌকিক ফল পোৱা যায়।

দেৱকিনন্দন ঠাকুৰৰ মতে…

কথাবাচক দেৱকিনন্দন ঠাকুৰৰ মতে, ভগৱান শিৱৰ পূজাৰ সময়ত ক’লা তিল মিহলি পানী আগবঢ়াব লাগিব। কোনো ব্যক্তি যদি কোনো ৰোগত ভুগি আছে তেন্তে ক’লা তিল মিহলি পানী ভগৱান শিৱক অৰ্পণ কৰিব লাগিব। ক’লা তিল মিহলি পানী ভগৱান শিৱক অৰ্পণ কৰিলে ৰোগমুক্ত হয়। সুস্থ শৰীৰ হৈছে মানুহৰ এই পৃথিৱীত সৰ্বাধিক ধন।

সোমবাৰে কেনেকৈ ভগৱান শিৱক পূজা কৰিব?

এই দিনটোত ৰাতিপুৱা সোনকালে উঠি গা ধুব লাগে, পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। তাৰ পিছত পঞ্চমৃতেৰে ভগৱান শিৱৰ অভিষেক কৰিব লাগে। ৰঙা কাপোৰ পাৰি থাপনাত ভগৱান শিৱৰ মূৰ্তি ৰাখক। ভগৱান শিৱক বগা চন্দনৰ তিলক লগাব। মহাদেৱক বগা ফুল, ধতুৰা, ভাং, আৰু বেলপাত আগবঢ়াওক। ইয়াৰ পিছত বিশুদ্ধ পানীত স্নান কৰাব লাগে। পানীত ক’লা তিল দিব পাৰি। বিশুদ্ধ ঘিউৰে চাকি জ্বলাই মহাদেৱৰ আৰতি কৰক। সোমবাৰৰ ব্ৰত কাহিনী পাঠ কৰা বা শুনা উচিত। ইয়াৰ পিছত পায়স, ফল-মূল, মিঠাই আগবঢ়াব। শেষত সকলোকে প্ৰসাদ বিতৰণ কৰি নিজে খাওক।

লগতে পঢ়ক: ধনতেৰাচ কেতিয়া? বিশেষ দিনটোত ভুলতো ক্ৰয় নকৰিব এইসমূহ অশুভ বস্তু!

(অস্বীকাৰ: এই তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে ইয়াক সমৰ্থন নকৰে।)