শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Diwali 2025: দেৱালীৰ সময়ত একাংশ সংগঠনৰ ফটকা বিক্ৰীত নিষেধাজ্ঞা, চিন্তিত ব্যৱসায়ী…

দেৱালীৰ পূৰ্বে চিন্তিত ব্যৱসায়ী। একাংশ সংগঠনে দেৱালীৰ সময়ত ফটকা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে। কিন্তু ইয়াকে লৈ একাংশ ব্যৱসায়ীয়ে চিন্তা প্ৰকাশ কৰিছে। কিয়নো একাংশই মাৰ্চ মাহতে লাখ লাখ টকাই ফটকাত বিনিয়োগ কৰিছে।

Diwali 2025: দেৱালীৰ সময়ত একাংশ সংগঠনৰ ফটকা বিক্ৰীত নিষেধাজ্ঞা, চিন্তিত ব্যৱসায়ী…
ব্যৱসায়ী
barasha-sarma
Barasha Sarma | Published: 12 Oct 2025 17:44 PM

সমাগত পোহৰৰ উৎসৱ দেৱালী। অহা ২০ অক্টোবৰত সমূহ দেশবাসীয়ে পালন কৰিব দেৱালী। কিন্তু দুৰ্গা পূজাৰ দৰে এইবাৰ দেৱালীতো যেন নাথাকিব কোনো আনন্দ। হেঁপাহৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ পৰা এতিয়াও যেন ৰাজ্যবাসীয়ে ওলাই আহিব পৰা নাই। সকলো আছে বৰ্তমান ন্যায়ৰ অপেক্ষাত। ইয়াৰ মাজতে একাংশ সংগঠনে দীপাৱলীত ফটকা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে।

এই সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে গুৱাহাটীৰ জিৎ হালৈ আৰু আন কেইবাগৰাকী ব্যৱসায়ীয়ে। এই বিষয়টো সন্দৰ্ভত তেওঁলোকে চিন্তা ব্যক্ত কৰি কয় যে, সমাজিক মাধ্যমত একাংশই ভাবুকি দিছে যে ফটকাসমূহ নষ্ট কৰি দিয়া হ’ব। কিন্তু মাৰ্চ মাহতেই বহু লাখ টকা ফটকা ব্যৱসায়ত বিনিয়োগ কৰা হৈছে।

তেওঁলোকে আৰু কয় যে, বেংকৰ পৰা ঋণ লৈ ফটকা ব্যৱসায়ত ধন বিনিয়োগ কৰা গৈছে। যদি ফটকা বিক্ৰীত এনে নিষেধাজ্ঞা আহে তেন্তে দিপাৱলীৰ পাছত মৰিব লাগিব বুলি কয় ব্যৱসায়ীসকলে। লগতে কয় যে, এনে হ’লে খেতিয়কে বছৰটো খেতি কৰি ধান কটাৰ সময়ত বানপানী হোৱাৰ নিচিনা কথা হ’ব।

লগতে কয় যে, জুবিন দাই কেতিয়াও মোৰ বা মোৰ নিচিনা কাৰোৰে অনিষ্ট হোৱাটো নিবিচাৰে। আমি জীয়াই থাকিলেহে জুবিন দাৰ সৃষ্টিৰাজিক আগুৱাই নিব পাৰিময সুদত টকা লৈ, ধাৰ কৰি ফটকা ক্ৰয় কৰা খিলঞ্জীয়া অসমীয়া ব্যৱসায়ীৰ কি হ’ব? খিলঞ্জীয়া লোকৰ লোকচান হ’লে জুবিন দাৰ আত্মাই কেতিয়াও শান্তি নাপাব। বৰপেটা আদি ঠাইৰ খিলঞ্জীয়া ফটকা উদ্যোগৰ পৰাও ফটকা অনা হৈছে। গতিকে সকলো সংগঠনক অসমখনক স্বাভাৱিক কৰি দিয়ক বুলি আহ্বান জনাই ব্যৱসায়ীসকলে।

 

অন্য খবৰ পঢ়কঃ যোৰহাট সদৰ আৰক্ষী থানাত আচামীৰ ৰহস্যজনক মৃত্যু…