শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ঘৰৰ ভিতৰৰ পৰা ওলাই আছিল দুৰ্গন্ধ! দুৱাৰ খুলি হতবাক স্থানীয় ৰাইজ…

ৰাজ্যত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। অভিযোগ অনুসৰি, এগৰাকী কন্যাই দাৰে ঘপিয়াই প্ৰাণ ল'লে মহিলাৰ। জানিব পৰা মতে, মহিলাগৰাকী শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। কিন্তু এতিয়া তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে।

ঘৰৰ ভিতৰৰ পৰা ওলাই আছিল দুৰ্গন্ধ! দুৱাৰ খুলি হতবাক স্থানীয় ৰাইজ…
মহিলাগৰাকী
barasha-sarma
Barasha Sarma | Updated On: 29 Dec 2025 16:08 PM

সম্পৰ্কৰ সকলোৰে ওপৰত স্থান দিয়া হয় মাতৃক! কিন্তু কিমান নৃশংস হ’লে সন্তানে নিজ জন্মদাত্ৰী মাতৃৰ প্ৰাণ ল’ব পাৰে? শেহতীয়াকৈ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। অভিযোগ অনুসৰি, এগৰাকী কন্যাই প্ৰাণ ল’লে নিজ মাতৃৰ। স্বামীৰ মৃত্যুৰ পাছত কন্যাৰ সৈতে বাস কৰিছিল মহিলাগৰাকীয়ে। কিন্তু সেই মহিলাগৰাকীৰ এতিয়া প্ৰাণ ল’লে নিজ কন্যাই। শ্ৰী ভূমি জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। এই কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি, শ্ৰীভূমি জিলাৰ বাজাৰীছড়া থানা এলেকাৰ নাগড়া অঞ্চলতত মাতৃ হত্যাৰ দৰে এক জঘন্য কাণ্ড সংঘটিত হৈছে। কন্যাই দাৰে ঘপিয়াই প্ৰাণ ল’লে মাতৃৰ। জানিব পৰা মতে, প্ৰায় দুবছৰ পূৰ্বে ছফিকুৰ ৰহমান নামৰ লোকজনৰ মৃত্যু হৈছিল। তাৰ পাছতে তেওঁৰ পত্নী আৰু কন্যাই একেলগে বাস কৰিছিল। কন্যাৰ অস্বাভাৱিক আচৰণৰ বাবে মহিলাগৰাকীয়ে কিছুদিনৰ বাবে আত্মীয়ৰ ঘৰতো আশ্ৰয় লৈছিল, কিন্তু ঠিক হোৱা নাছিল কন্যা।

কন্যাৰ প্ৰতি থকা মৰমৰ বাবে পুনৰ মহিলাগৰাকী নিজ গৃহলৈ ঘূৰি আহিছিল। ইয়াৰ মাজতে ২৬ ডিচেম্বৰৰ পৰা হঠাত মহিলাগৰাকী সন্ধানহীন হৈ পৰে। ওচৰ চুবুৰীয়াই তেওঁক নেদেখি কিছু সন্দেহ কৰি ২৮ ডিচেম্বৰত ঘৰত প্ৰৱেশ কৰে। সেই  ঘৰটোৰ পৰা ওলাই আছিল দুৰ্গন্ধ। যেতিয়া স্থানীয় লোক ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া সকলো আচৰিত হৈ পৰে, কিয়নো ভিতৰত পৰি আছিল মহিলাগৰাকীৰ তেজেৰ লুতুৰী পুতুৰী মৃতদেহ। লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে, পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

প্ৰাথমিক তদন্ত অনুসৰি, মহিলাগৰাকীক দাৰে ঘপিয়াই হত্যা কৰা হৈছে। এই প্ৰহাৰ ইমানেই ভয়ংকৰ আছিল যে মহিলাগৰাকীৰ মূৰ দুটা ফাল হৈ গৈছিল, যাৰ ফলত সম্ভৱতঃ থিতাতে তেওঁৰ মৃত্যু হৈছিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত কন্যাক। ইফালে মৃতদেহটো প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ কি কৰিব অখিল-লুৰীণে? অকলে ১০০ খনৰো অধিক আসনত প্ৰাৰ্থী দিব কংগ্ৰেছে, ঘোষণা গৌৰৱ গগৈৰ…