মহানগৰীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ! সেই ঘৰটোতে একেলগে আছিল স্বামী…
পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। এই মৃতদেহটোৰ লগত কেইবাদিন ধৰি একেলগে স্বামীয়ে বাস কৰি আছিল। কিন্তু কাকো ঘটনা সন্দৰ্ভত অৱগত কৰা নাছিল।

পুনৰ গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বন্ধ কোঠাৰ ভিতৰত এগৰাকী মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ। মহানগৰীৰ লংকেশ্বৰৰ কৈলাশ পুৰত এটা বন্ধ কোঠাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। স্থানীয় লোকৰ মতে, ঘৰটোৰ পৰা বেয়া গোন্ধ ওলাই আছিল। তাৰ পাছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, ১৫ দিন মান আগতে মহিলাগৰাকীৰ মৃত্যু হৈছে। মৃত মহিলাগৰাকী মিনু বেজবৰুৱা বুলি চিনাক্ত হৈছে। স্থানীয় ৰাইজে জনাই যে, ঘৰটোৰ পৰা দুৰ্গন্ধ ওলাই আছিল। যাৰ বাবে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত যেতিয়া ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় তেতিয়া দুৰ্গন্ধ পাই কিবা সন্দেহ কৰে। লগে লগে আৰক্ষীয়ে দুৱাৰ খুলি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু আচৰিত হৈ পৰে।
কিয়নো কোঠাৰ ভিতৰত পৰি আছিল এগৰাকী মহিলাৰ মৃতদেহ। আচৰিত কথা এয়াই যে, এই মৃতদহটোৰ সৈতে একেলগে তেওঁৰ স্বামীয়েও বাস কৰি আছিল। মহিলাগৰাকীৰ মৃতদেহ গলি পচি গৈছিল আৰু আঠুৱা লগোৱা অৱস্থাত আছিল। লগে লগে আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ, CID ৰ লগতে ফৰেঞ্চিকৰ দল উপস্থিত হৈ তথ্য সংগ্ৰহ কৰে।
স্থানীয় লোকে জনাই যে, স্বামীয়ে পত্নীৰ মৃত্যুৰ কথা কাকো জনোৱা নাছিল। আজি পৰ্যন্ত একেটা ঘৰতে আছিল তেওঁ। কিন্তু দুৰ্গন্ধ ওলোৱাৰ পাছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী ৰিংকু দাসক আটক কৰি সোধা পোছা অব্যাহত আছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাব মহিলাগৰাকীৰ কেনেকৈ মৃত্যু হ’ল।
অন্য খবৰ পঢ়কঃ বিয়াত দিছিল ৩৫ লাখ টকা, পুনৰ কৰিছিল দাবী! পত্নীক জীৱন্তে জ্বলোৱা স্বামীক আৰক্ষীৰ এনকাউন্টাৰ…